চুলিৰ যিটো অংশ বাহিৰত থাকে তাকেই শ্বাফট বোলে। এই শ্বাফট তিনিটা ভাগত বা তিনিটা স্তৰত গাঢ় উঠে। ‘কিউটিকল’ৰ বাহিৰৰ অংশ যিটো কেৰোটিন পদাৰ্থৰদ্বাৰা প্ৰস্তুত হয়। প্ৰ’টিন তন্তুৰ দ্বাৰা গঠিত মাজৰ স্তৰটোক ‘কৰ্টেক্স’ আৰু অস্থি মজ্জাৰ লেখীয়া পদাৰ্থৰ দ্বাৰা গঠিত যিটো স্তৰ একেবাৰে ভিতৰত থাকে, তাকেই ‘মেডুলা’ বোলে। বাহিৰৰ কেৰোটিন আৱৰণ স্বাভাৱিক অৱস্থাত ফ্লেট বা চেপেটা হৈ থাকে, যাৰ বাবে পোহৰ প্ৰতিফলিত হৈ চুলি মসৃণ আৰু উজ্জ্বল দেখা যায়। ‘কৰ্টেক্স’ অংশ ভাগি গ’লে চুলি ভংগুৰপ্ৰৱণ হৈ পৰে। চুলিৰ ফলকৰ গুৰিত থাকে পেপিলা আৰু ই ক্ৰমবৰ্ধমান চুলিক পুষ্টিৰ যোগান ধৰে। ত্বক আৰু ছালৰ উপৰিভাগত আছে ছেবাচিয়াছ তৈলগ্ৰন্থি। এই গ্ৰন্থিয়ে চুলিৰ ভিতৰৰ অংশলৈ তেল বা ছিবাম সৰবৰাহ কৰে। চুলিৰ বিষয়ে জ্ঞান থাকিলে নিজেই চুলিৰ যত্ন লোৱাত সহায় হ’ব। একোছা সুন্দৰ চুলিৰ গৰাকী হ’বলৈ কেইটামান টিপছ দিয়া হ’ল- দিনটোত কমেও ৫ লিটাৰ পানী খাব। প্ৰ’টিন আৰু ভিটামিনযুক্ত আহাৰ খাব। ই আপোনাৰ চুলি স্বাস্থ্যৱান আৰু উজ্জ্বল কৰিব। ৬ সপ্তাহৰ মূৰে মূৰে চুলি কাটিব। গৰম পানী চুলিত ব্যৱহাৰ নকৰিব। ঠাণ্ডাপানীৰে ধুব। নিজৰ ফণি পাৰিলে সদায় ধুব। চুলিত অধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰিব। পাৰিলে ঘৰুৱা দ্ৰব্য ব্যৱহাৰ কৰিব। নিয়মীয়াকৈ ব্যায়াম, যোগাসন কৰক। সূৰ্যৰ প্ৰখৰ তাপ নলগাব। কেঁকোৰা চুলিৰ বাবে - যিসকলৰ চুলি কেঁকোৰা, তেওঁলোকে ঘৰুৱাভাৱে কিছু পৰিমাণে নিজৰ চুলি পোন কৰিব পাৰিব। কল, এভ’কাডো সানি প্ৰস্তুত কৰা লেপন ২০ মিনিট ৰাখি পিচত মূৰ ধুব। সপ্তাহত তিনি দিন। তিল তেল চুলিত মালিচ কৰি শ্বাৱাৰ কেপ লগাই আধা ঘণ্টা থৈ ধুব। তেলেতীয়া চুলিৰ বাবে - তিতা চুলিত বিয়েৰ মালিচ কৰিব। আপেলৰ ৰস, ভিনেগাৰ মিহলাই চুলিত লগাওক। পদিনা পাত সিজাই সেই পানীৰে চুলি ধোৱক। ভাল মূলটানি মাটিৰ লেপ তৈয়াৰ কৰি চুলিত লগাওক। সপ্তাহত তিনিদিনকৈ। শুকান চুলিৰ বাবে - আধাকাপ মেয়’নিজ চুলিত লগাই মূৰত শ্বাৱাৰ কেপ পিন্ধিব। আধা ঘণ্টাৰ পিচত শ্বেম্পু কৰক। পকা কল ফেটি চুলিত সানি ১৫ মিনিটৰ পিচত ধুই দিব। ছালকুঁৱৰীৰ ৰস উলিয়াই চুলিত লগাব। ফটা চুলিৰ বাবে: এৰা তেল, জলফাই তেল, সৰিয়হ তেল মিহলাই চুলিত লগাই গৰম টাৱেলেৰে চুলি মেৰিয়াই ৩০ মিনিটৰ পিচত ধুব। পৰিচৰ্যা: উফি থকা চুলি - নেমুৰ বাকলি পিহি লগত নাৰিকল তেল মিহলাই চুলিৰ গুৰিত ৩০ মিনিট লগাওক। আপেলৰ ৰস চুলিৰ গুৰিত লগাই ধুব। মিথি পেষ্ট, দৈ, ছালকুঁৱৰীৰ ৰস, ভিনেগাৰ, জবা পাত মিহলাই পেক বনাই সপ্তাহত তিনিবাৰকৈ লগাব, উফি নাইকিয়া হ’ব। ঘৰুৱা হেয়াৰ পেক - কণী এটা, মেয়’নিজ ডাঙৰ চামুচেৰে দুই চামুচ, ভিনেগাৰ দুই চামুচ মিহলাই গোটেই চুলিত লগাই ৩০ মিনিট থাকিব। পাৰিলে মূৰত কেপ বা টুপী পিন্ধিব। পিচত শ্বেম্পু কৰিব। আপুনি নিয়মিত ব্যৱহাৰ কৰা শ্বেম্পুত অলপ ছ’ডা মিহলাই ল’ব। মাহত এবাৰকৈ হেনা কৰক। ঘৰুৱাভাৱে চুলিৰ যতনৰ উপায় - জলফাই তেল অলপ কুহুমীয়া কৰি ফণিৰে চুলিখিনিত লাহে লাহে আঁচুৰিব। এখন টাৱেল গৰম পানীত তিয়াই সেই টাৱেল ৩০ মিনিট চুলিত মেৰিয়াই শ্বেম্পু কৰক। চাহপাত সিজোৱা পানীৰে চুলি ধূলে চুলি চিকচিকীয়া হৈ উঠিব। কেঁচা কমলাৰ ৰস, ১ চামুচ মৌ, ৫-৭ টোপাল চন্দনৰ তেল মিহলাওক। চুলি ধোৱা পানীত মিলাই শ্বেম্পু কৰাৰ পিচত সেই পানী চুলিত ঢালক। গৰম পানীত মৌ মিলাই চুলিৰ গুৰিত লগাব। ৩০-৪০ মিনিটৰ পিচত শ্বেম্পু কৰিব। ৰেচমী-কোমল চুলি পাবৰ বাবে - জবাফুল পিহি চুলিত লগাওক। বাদাম তেলেৰে আপোনাৰ চুলিখিনি মালিচ কৰি গোটেই নিশা মূৰত তেলখিনি লগাই থৈ পিচদিনা পুৱা শ্বেম্পু কৰক। শ্বেম্পুৰ লগত ছালকুঁৱৰীৰ ৰস মিহলাই চুলি ধোৱক। ওকণী থকা চুলি: পিঁয়াজৰ ৰস উলিয়াই চুলিত সানি গোটেই নিশা মূৰ কাপোৰেৰে বান্ধি লৈ পুৱা শ্বেম্পু কৰিব। নাৰিকল তেলত কৰ্পূৰ মিহলাই চুলিত সানিব। এই দিহাৰে আপোনালোকৰ চুলিৰ যতন লৈ চাওকচোন। যথেষ্ট সুফল পাব। লেখিকা: বৰ্ণালী ভট্টাচাৰ্য উৎস: দেওবৰীয়া সম্ভাৰ