বাঁহ গাজত কি কি উপাদান থাকে ? বাঁহগাজ হ'ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ'ল - কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক'লেষ্টেৰল হ'ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷ বাঁহ গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ? মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷ ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :বাঁহ-গাজত থকা প'টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷ কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক'লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷ পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷ মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷ নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক'লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷ এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷ বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া - মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়। বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷ কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷ বাঁহ গাজ খোৱাত কোনে সতৰ্কতা লব লাগে ? গতিকে ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ'ল যে বাঁহ-গাজ খালে পুৰণি ৰোগ বাঢ়িব, চুলি সৰিব, বাত বিষ হব, উচ্চ ৰক্তচাপ হব আদি ভুল ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ বাঁহ-গাজ খাই এলাৰ্জি হোৱা অতি দূৰ্লভ ৷ স্তনপান কৰাই থকা মাতৃয়েও বাঁহগাজ নিৰ্ভয়ে খাব পাৰে ৷ কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে ৷ গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক ৷ লেখক: ডাঃ ভূপেন শইকীয়া ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২