তেজৰ দোষঃ প্ৰতিদিন ৰাতিপুৱা খালীপেটে আধাকাপ মানিমুনি পাতৰ ৰসৰ সৈতে এচামুচ মৌ মিহলাই ১৫ দিন খালে তেজৰ দোষ নাশ হয়। মেহ আৰু কাহঃ প্ৰতিদিন ৪ চামুচকৈ মানিমুনি পাতৰ ৰসৰ সৈতে ২ চামুচ মৌ মিহলাই ৭ দিন খালে মেহ আৰু কাহ ভাল হয়। গ্ৰহণীঃ গ্ৰহণী হ’লে প্ৰতিদিন ৰাতিপুৱা ৪-৫টা মানিমুনি পাত চোবাই খালে বা মানিমুনিৰ পাত বটি ভাতৰ লগত ৭ দিন খালে গ্ৰহণী নিৰ্মূল হ’ব। স্বাস্থ্য অটুত ৰাখিবলৈ হ’লে যিবোৰৰ প্ৰতি মনোযোগ দিয়া উচিতঃ বয়স আৰু শৰীৰৰ ক্ষমতা অনুযায়ী যিমানদূৰ সম্ভৱ সহজে হজম হোৱা লঘু আৰু পুষ্টিকৰ খাদ্য খোৱা উচিত। কোনো খাদ্য খোৱাৰ আধাঘণ্টা পাছত ঠাণ্ডা পানী খোৱা উচিত। খাদ্য ভালদৰে চোবাই খোৱা উচিত। বয়স বৃদ্ধিৰ লগে লগে খাদ্যৰ পৰিমাণ কম কৰা উচিত। ৰাতি আৰু দিনৰ আহাৰ সদায় একে সময়তে খোৱা উচিত। আমি যি খাদ্য গ্ৰহণ কৰো তাক ছয় ভাগত ভাগ কৰা হয়। যেনে- প্ৰ’টিনজাতীয় চৰ্বিজাতীয় শৰ্কৰাজাতীয় লোণজাতীয় পানী আৰু ভিটামিনজাতীয় এই খাদ্য দৈনিক কিমানখিনি প্ৰয়োজন তাৰ তালিকা দিয়া হ’লঃ ৬ৰ পৰা ১২ বছৰৰ শিশুৰ প্ৰয়োজনঃ চাউল, গমজাতীয় খাদ্য ১৭৫ গ্ৰাম শাক-পাচলি ২০০ গ্ৰাম গাখীৰ ৫০০ মিঃ লিঃ চেনি ৩০ গ্ৰাম তেলজাতীয় খাদ্য ১০ মিঃ লিঃ দালিজাতীয় খাদ্য ৫০ গ্ৰাম মাটিৰ তলৰ পাচলি ৫০ গ্ৰাম ফল ১০০ গ্ৰাম বাদাম ২৫ গ্ৰাম ১৩ৰ পৰা ১৭ বছৰৰ কিশোৰ-কিশোৰীসকলৰ প্ৰয়োজনঃ চাউল, গমজাতীয় খাদ্য ৩৫০ গ্ৰাম শাক-পাচলি ৫০ গ্ৰাম গাখীৰ ৫০০ মিঃ লিঃ চেনি ৫০ গ্ৰাম তেলজাতীয় খাদ্য ৪৫ মিঃ লিঃ দালিজাতীয় খাদ্য ৫০ গ্ৰাম মাটিৰ তলৰ পাচলি ১০০ গ্ৰাম বাদাম ২৫ গ্ৰাম প্ৰাপ্তবয়স্কৰ কাৰণে প্ৰয়োজনীয় খাদ্যঃ খাদ্যশস্য (চাউল-গম) ৫০০ গ্ৰাম ফল ১০০ গ্ৰাম বাদাম ২৫ গ্ৰাম আলু বীট আদি ২৫ গ্ৰাম দালিজাতীয় খাদ্য ১০০ গ্ৰাম তেলজাতীয় ২৫ গ্ৰাম গাখীৰ ২৫০ মিঃ লিঃ চেনি ২৫ গ্ৰাম মাটিৰ তলা তৰকাৰী ভাৰতৰ খাদ্য কেলৰী প্ৰতি ১০০ গ্ৰামতঃ খাদ্য প্ৰটিন চৰ্বি শৰ্কৰা পানী কেলৰী ভাত ১.৪ ১৬.৭ ০.৩ - ৭৭ চাউল ৬.৯ ৭৯.২ ১৩.০ - ৩৪৮ মুৰি ৭.৫ ০.১ ৭৪.৩ ১৪.৭ ৩২.৮ চিৰা ৬.৬ ১.২ ৭৮.২ ১২.২ ৩৫০ ঢেঁকীত বনা চাউল ৮.৫ ০.৬ ৭৮.০ ১২.২ ৩৫১ ৰঙা আটা ১২.১ ১.৭ ৭.২২ ১২.২ ৩৫৩ বগা ময়দা ১১.০ ০.৯ ৭৪.১ ১৩.৩ ৩৪৯ চুজি ১৩.৬ ৭.৩ ৬২.৮ ১০.৭ ৩৭৪ গৰুৰ গাখীৰ ৩.৩ ৩.৬ ৪.৮ ৮৭.৬ ৬৫ ছাগলীৰ গাখীৰ ৩.৭ ৫.৬ ৪.৭ ৮৫.২ ৮৪ ম’হৰ গাখীৰ ৪.৩ ৮.৮ ৫.১ ৮১.০ ১১৭ কণী ১৩.৫ ১৩.৭ ০.৭ ৭১.০ ১৮০ কাৱৈ মাছ ১৪.৮ ৮.৮ - - ১৪২ মাগুৰ ১৫.০ ১.০ - - ৭১ ৰৌ ১৬.৬ ১.৪ - - ৮১ মিৰগা ১৯.৫ ৪.৪ - - ৮৭ ভাঙোন ১৯.৪ ৪.৪ - - ১২০ ভৌকা (কাটল) ১৯.৫ ২.৪ - - ১০২ ভেটকি ১৩.৭ ১.১ - - ৬৬ পাৰ্চে ১৬.৬ ৫.৯ - - ১২৩ ইলিচ ২১.৮ ১৯.৪ - - ২৭০ শিঙি ২.৮ ০.৬ - - ৯৯ শোল ১০.৮ ২.৩ - - ৮৮ মোৱা ১৮.০ ৪.১ - - ১১২ শিঙৰা ১৯.৮ ৬.৪ - - ১৩৮ খয়ৰা ১৮.০ ৩.০ - - ১০২ পুঠি ১৮.০ ২.৪ - - ৯৬ পুখুৰীৰ সতেজ মাছ ১৯.৪ ৪.৪ - - ১২০ তেলান মাছ ২১.৮ ১৯.৪ - - ১৭০ তেল নথকা মাছ ১৬.৬ ১.৪ - ৭১.৫ ৮১ ছাগলীৰ মাংস ১৮.৫ ১৩.৩ - ৭২.২ ১০৯ মুৰ্গীৰ মাংস ২৫.৯ ০.৬ - ৮.১ ৪৩২ চয়াবিন ৪৩.২ ১৯.৫ ২০.৯ - ৪৫০ মচুৰ দালি ২৫.১ ০.৭ ১২.৪ - - বুটৰ দালি ১৭.১ ৫.৩ ৬১.২ ৯.৮ ৩১৬ আলু ১.৬ ০.১ ২২.৯ ৮.১ ৪৩২ ৰঙা আলু ১.২ ০.৩ ৩১.০ ৬৮.৫ ১৩২ ফুলকবি ৩.৫ ০.৪ ৫.৩ ৮৯.৪ ৩৯ বন্ধাকবি ০.৮৫ ০.১ ৬.৩ - ৩০ বেঙেনা ১.৩ ০.৩ ৬.৪ ৯১.৫ ৩৪ মূলা ০.৭ ০.১ ৪.২ ৯৪.৪ ২১ কচু ৩.০ ০.১ ২২.১ ৭৩.১ ১০১ বিলাহী ১.০ ০.১ ৩.৯ ৯৪.৮ ২১ পালেংশাক ১.৯ ০.৯ ৪.০ ৯১.৭ ৩২ পিঁয়াজ ১.২ ০.১ ১১.৬ ৮৬.৮ ৫১ ভেণ্ডী ২.২ ০.২ ৭.৭ ৮৮.০ ৪১ আম ০.৬ ০.১ ১১.৮ ৮৬.১ ৫০ কল ১.৩ ০.১ ৩৬.৪ ৬১.৪ ১৫৩ নাৰিকল ৪.৫ ৪১.৬ ১৩.০ ৩৬.৩ ৪৪৪ অমিতা ০.৫ ০.১ ৯.৫ ৮৯.৬ ৪০ আঙুৰ ০.৮ ০.১ ১০.২ ৮৫.৫ ৪৫ চীনাবাদাম ২৬.৭ ৪০.১ ২০.৩ ৭.৯ ৫৪৯ কাজুবাদাম ২১.২ ৪৬.৯ ২২.৩ ৫.৯ ৫৯৬ আখৰোট ১৫.৬ ৬৪.৫ ১১.০ ৪.৫ ৬৮৭ সৰিয়হৰ তেল - ২৮.০ - - ১৫২ মাছৰ তেল - - ২৮.০ - ২৫২ মাংসৰ চৰ্বি ০.৩৭ - ২৬.৪০ - ২৩৯ চেনি - ২৮.৩০ - - ১১৩ লাল চেনি - ২৬.৮৯ - - ১০৮ গুড় ০.০৮ ২৫.০ - - ১০০ মৌ ০.১১ ২০.২১ - - ৮১ দৈ ১.০০ ০.৮১ ১.০ - ১৮ সন্দেশ ৫.০০ ১২.০ ৬.০ - ১২৪ চানা ৬.৩ ০.১ ০.৭ - ৩২ মাখন ০.৩ - ২৩.১০ - ২১৬ ঘিউ - - ২৮.৩৫ - ২৬৩ (উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।