ৰঙালাউৰ গুটিত জিংক, বি-কমপ্লেক্স আৰু এন্টি-অক্সিডেন্ট থকাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ৰঙালাউৰ গুটিত থকা জিংক, মেগনেছিয়াম আৰু ট্ৰিপটফেনে নিদ্ৰাহীনতা দূৰ কৰে। ইয়াত থকা এন্টি-অক্সিডেন্ট আৰু ফাইবাৰে লিভাৰৰ ৰোগ প্ৰতিৰোধ কৰে। ডায়েবেটিছ ৰোগীৰ বাবে অতি উপযোগী ৰঙালাউৰ গুটি। ইয়াত থকা জিংকে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে। ৰঙালাউৰ গুটিৰ ফাইবাৰে শৰীৰৰ চৰ্বি নাশ কৰে। উৎস: নিয়মীয়া বাৰ্তা