চমু বিৱৰণ

গৰমকালি সুন্দৰকৈ পকি থকা আনাৰস একোটা দেখিলে বাৰু খাবলৈ মন নাযায়নে ? আমাৰ বিশ্বাস, খুব কমসংখ্যক মানুহৰ মনলৈহে এনে ভাব নহাকৈ থাকিব পাৰে আৰু নহাৰ মূলতে থাকে তেনে লোকৰ শাৰীৰিক সমস্যা। ইয়াক বজাৰত বিক্ৰীৰ বাবে দ’ম কৰি ৰখা অৱস্থাত দেখা পালে বহুতৰ আকৌ মনত পৰে সেই মুখৰোচক সাঁথৰটোলৈ- ‘গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, সেইটো কি ?’ এই সাঁথৰটোৰ উত্তৰৰ লগত জড়িত বস্তুটোৰ প্ৰথম অৱস্থাটো, অৰ্থাত্ গছ দেখা পোৱা নাযায়। পোৱা যায় বাকী অৱস্থাদ্বয় গুটি আৰু তাৰ ওপৰত থকা গছৰ অৱস্থিতি। সঁচাই, কিবা ব্যতিক্ৰমী কাৰবাৰ নহয়নে বাৰু ? অসমীয়াত আমি ইয়াক কওঁ আনাৰস বুলি। এই শব্দটো শুনিলে কিবা ৰস নোহোৱা যেন লাগে। পিছে প্ৰকৃতাৰ্থত তাৰ ওলোটাটোহে পৰিলক্ষিত হয়, অৰ্থাত ৰসেই ৰস। আমাৰ বহুতে ইয়াক মাটিকঁঠাল বুলিও কয়। এইক্ষেত্ৰত পিছে আমাৰ গছ কঁঠালৰ লগত ইয়াৰ সামঞ্জস্য থকা দেখা নাযায়। একেই কথা ইয়াৰ ইংৰাজী নামটোৰ ক্ষেত্ৰতো। ইংৰাজীত ইয়াক কোৱা হয় পাইন্-এপল্। কিন্তু আপেলৰ লগত ইয়াৰ মিল ক’ত ? মুঠৰ ওপৰত আনাৰসৰ কথাবোৰ কিবা ওলোটা-পোলোটা।

ইয়াক খোৱাৰ প্ৰতি আমাৰ সহজাত উত্সুকতাৰ মূলগত কাৰণ হৈছে- সুগন্ধ আৰু ৰসাল সুমিষ্ট স্বাদ, অন্তৰ্নিহিত পুষ্টিৰ দিশটো বহুতৰ অজ্ঞাতে থাকে। অৱশ্যে শীতকালত আনাৰসৰ প্ৰকৃত স্বাদ পোৱা নাযায়। হয়তো শীতৰ সময়ত ঘটা হৰম’নৰ পৰিৱৰ্তন ধীৰ গতিত চলি থকা হেতুকে ফলবিধৰ চাইট্ৰিক এচিডৰ পৰিমাণ কিছু বেছিকৈ থাকে বাবেই ইয়াক টেঙা লাগে। তথাপি ফল গ্ৰহণৰ প্ৰতি আগ্ৰহী ব্যক্তিয়ে তাত অলপমান চেনি সানি নতুবা ইয়াৰ প্ৰস্তুত দ্ৰব্য জাম, জেলী বা চৰবতৰ ৰূপত খাব পাৰে।

আনাৰসত সন্নিবিষ্ট বিভিন্ন উপাদান

ভাৰতবৰ্ষৰ ভালেমান ঠাই, আনকি অসমৰো ঠাইবিশেষত ইয়াৰ খেতি আজিকালি পোৱা যায়। কিন্তু ইয়াৰ আদিভূমি পিছে এইবোৰ ঠাই নহয়। আদিভূমি বোলে ক্ৰান্তীয় আমেৰিকাহে। সেয়া বাৰু যিয়েই নহওক কিয়, আমি যে এবিধ ভাল ফল খাবলৈ পাইছো সেইটো ঠিক। কাৰণ স্বাদৰ উপৰি পুষ্টিৰ দিশতো ই যথেষ্ট চহকী। ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ এনে- ৮৫ গ্ৰাম জল. ০.৪ গ্ৰাম প্ৰ’টিন, ১৪ গ্ৰাম কাৰ্বোহাইড্ৰেট, ০.৫ গ্ৰাম ফাইবাৰ, ২০ মিঃ গ্ৰাম কেলছিয়াম, ৫ মিঃ গ্ৰাম আইৰন, ১০০ আই ইউ ভিটামিন এ, ০.০৪ মিঃ গ্ৰাম ভিটামিন বি১, ০.০৩ মিঃ গ্ৰাম বি২, ০.১ মিঃ গ্ৰাম বি৩ আৰু ৩০ মিঃ গ্ৰাম ভিটামিন চি থাকে। তেনেকৈয়ে ইয়াত থকা শক্তিৰ পৰিমাণ ৫৭ ভাগ কেলৰি। এইখিনিৰ উপৰি ইয়াত পোৱা যায় সামান্য পৰিমাণে ফছফৰাছ, বছমেলিন, চাইট্ৰিক এচিড, মেলিক এচিড আদি। ইবিলাকৰ ভিতৰত বছমেলিনে প্ৰ’টিনৰ ভাঙোন ঘটাই শক্তি উত্পাদন কৰাত চাইট্ৰিক এচিডে ভিটামিন চি প্ৰদান কৰাত আৰু মেলিক এচিডে ইয়াক সুস্বাদু তথা নিষেচন কাৰ্য খৰতকীয়া কৰি পেটত ভোকৰ অনুভূতি বৃদ্ধি কৰাত সহায় কৰে।

আনাৰসৰ উপকাৰিতা

আনাৰসৰ উল্লিখিত বৈশিষ্ট্যসমূহৰ উপৰি ইয়াত থকা কম মাত্ৰাৰ ক্ল’ৰিনে বৃক্কক সজীৱ কৰি বৰ্জনীয় পদাৰ্থৰ নিষ্কাশনত দেহক সহায় কৰে বুলি জনা গৈছে। সেইদৰে ই গ্ৰাসনলিকা পৰিষ্কাৰ কৰা হেতুকে শিশুসকলে ডিপথেৰিয়া ৰোগত ভোগাৰ সময়ত গ্ৰাসনলিকাত জমা হোৱা ক্ষতিকাৰক চামনি দূৰ কৰে বুলি প্ৰমাণ পোৱাৰ পাছত তেনে ৰোগত আক্ৰান্ত শিশুক আনাৰসৰ ৰস সেৱনৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰি আনাৰসত প্ৰচুৰ পৰিমাণে আঁহজাতীয় উপাদান থকা হেতুকে ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰাৰ অৱকাশ থাকে। এতেকে আনাৰস খোৱাত আমি গুৰুত্ব দিলে ভালেমান ক্ষেত্ৰত আমি উপকৃত হোৱাৰ স্থল আছে। সেয়ে হ’লেও অৱশ্যে মধুমেহ ৰোগীয়ে ইয়াক কমাই খোৱা আৰু গৰ্ভৱতী মহিলাই গৰ্ভধাৰণৰ প্ৰথমছোৱাত ইয়াক খোৱাটো বাৰণ কৰা হৈছে। লক্ষণীয়, বৰ্তমান গৰমে বিৰাজ কৰি থকাত আৰু বজাৰতো ই যথেষ্ট পৰিমাণে উপলব্ধ হৈ থকাত আমি ইচ্ছা কৰিলে এতিয়া কাটি চোবাই খোৱাৰ উপৰি ৰস উলিয়াই নতুবা চৰবত, জাম, জেলী আদিৰ ৰূপতো খোৱাৰ উপায় কৰিব পৰা যায়। ইয়াক খোৱাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰাসংগিকতা আছে।

লেখকঃ অৰ্পণ দত্ত

উৎসঃ অসমীয়া খবৰ