আহাৰ সদায় পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে| যিবিলাক পাত্ৰ বা বৈয়ামত আহাৰ ৰখা হয়, সেই পাত্ৰ বিলাক পৰিস্কাৰ আৰু বীজাণুমুক্ত হোৱা উচিত| বাৰিষা সাধাৰণতে কেকবিলাক টেমাৰ ভিতৰত ৰাখিলে সেমেকি যোৱা দেখা যায়| কেক ৰখা টেমাৰ লগত যদি এটা আপেল ৰখা হয়, তেন্তে টেমাৰ ভিতৰত থকা কেক সেমেকি নাযায় আৰু কেইবাদিনলৈ কেক ভালে থাকে| মৌ ভালদৰে ৰাখিবৰ বাবে মৌ থোৱা বটলত এটা শুকান জলকীয়া ভৰাই ৰখা উচিত| ঘিউ ৰখা বটল বা বৈয়ামত এখিলা সতেজ পাণ ভৰাই ৰাখিলে ঘিউখিনি বহুদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি| দাইল ভালেৰে ৰাখিবৰ বাবে দাইল ৰখা টেমাত মহানিমৰ শুকান পাত দুটামান ভৰাই ৰাখিব লাগে| দাইলত পোক নালাগে| চাউলত পোক নালাগিবৰ কাৰণে বা চাউলখিনি ভালদৰে ৰাখিবৰ বাবে চাউলৰ মাজত মহানিমৰ শুকান পাত কেইখিলামান ৰাখিব লাগে| খোৱা শাক-পাচলি ফ্ৰিজত থবলৈ হ’লে ফ্ৰিজত থোৱাৰ আগতে সেই শাক-পাচলি নিমখ মিহলোৱা পানীৰে ভালদৰে ধোৱাৰ পিচত তাৰ পানীখিনি সম্পুৰ্ণকৈ শুকুৱাৰ পিচতহে ফ্ৰিজত ৰাখিব লাগে| সকলো খোৱাবস্তু পৰিস্কাৰ পাত্ৰত ঢাকি ৰাখিব লাগে| লেখক:- মল্লিকা শৰ্মা উৎস:- সম্ভাৰ