ওলকবি ঠাণ্ডাৰ দিনত ওলোৱা এবিধ মঙহাল পাচলি । ইয়াৰ কাণ্ড ওফন্দি মঙহাল অংশ তৈয়াৰ হয় । দেখাত মাটিৰ তলৰ চালগোমৰ দৰে হয় । সেয়েহে ইয়াৰ জাৰ্মানী নাম Cabbage turnip বা জাৰ্মানী চালগোম । উত্তৰ ইউৰোপৰ উপকূলীয় অঞ্চলত ইয়াৰ উৎপত্তি বুলি ঠাৱৰ কৰা হৈছে । ওলকবি সৰিয়হ গোত্ৰৰ (Cruciferae) উদ্ভিদ । ইয়াৰ বৈজ্ঞানিক নাম Brassica-caulorapa (Olevarea) জাত । ভাৰতত দুই ৰঙৰ ওলকবিৰ খেতি কৰা হয় । সেউজীয়া আৰু বেঙুনীয়া । যেনে- ক) সেউজীয়া বগা ভিয়েনা (White Vienna) :- কবিটো টেনিছ বলৰ দৰে ঘূৰণীয়া, ঈষৎ সেউজীয়া আৰু খ) বেঙুনীয়া ভিয়েনা :- (Purple Vienna) ইয়াৰ বাকলি বেঙুনীয়া ৰঙৰ । ইয়াক গুচাই ভিতৰৰ অলপ সেউজীয়া আৰু বগা মঙহখিনি মানুহে খায় । ইয়াৰ বাহিৰেও White Daynube আৰু Grand Duke নামৰ দুটা জাত আছে । ওলকবি আৰু আমাৰ স্বাস্থ্য - ওলকবিৰ সোৱাদ ব্ৰকলি আৰু বন্ধাকবিৰ কুমলীয়া কাণ্ডৰ দৰে যদিও ই বেছি মিঠা । কুমলীয়া ওলকবিৰ মঙহ মচমচীয়া, বেছি সোৱাদ আৰু সুগন্ধও বেছি । ওলকবিটো পৰিষ্কাৰ পানীত ভালকৈ ধুই ১০-১৫ মিনিট সময় অলপ নিমখীয়া পানীত উতলাই ল’ব লাগে । তেতিয়া তাত লাগি থকা ধুলি-বালি, লগতে কীটনাশক, ভেঁকুৰনাশক দৰববোৰ নোহোৱা হয় । ওলকবিত থকা খনিজ দ্ৰব্য ভিটামিনে আমাৰ শৰীৰত নানা ধৰণৰ ক্ৰিয়া কৰে । তদুপৰি ওলকবিত বহু ৰোগ প্ৰতিৰোধী দ্ৰব্যও থাকে । এই আটাইবোৰ ওলকবিক প্ৰায়বোৰ দেশতে প্ৰিয় পাচলিৰ মৰ্যাদা দিছে । ১) হজমী শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দূৰ কৰে :- আন আন সৰিয়হ গোত্ৰৰ পাচলিৰ দৰে ওলকবিতো আৱশ্যকীয় পুষ্টিদ্ৰব্য বহুত থাকে । ভোগ্য আঁহে পেট পূৰ হোৱাৰ জাননী দিয়ে । গতিকে খুব বেছি নাখালেও মাজত আৰু খোৱাৰ আৱশ্যকতা অনুভৱ কৰা নাযায় । ইয়াত থকা গ্লুক’ছিন’ডেণ্টছে খাদ্য হজম কৰাত সহায় কৰে । আঁহে পেট চাফা কৰি ৰাখে । সেই কাৰণে পেট নুফুলে, বিষ নহয় আৰু জঠৰান্ত্ৰীয় তন্ত্ৰক পুষ্টিদ্ৰব্য শোষণত সহায় কৰি উন্নত কৰি ৰাখে । ২) ওজন কমোৱাত সহায় কৰে :- ওলকবি এবিধ আদৰ্শ পাচলি । ইয়াৰ কেলৰি মান কম, আঁহ বেছি আৰু পুষ্টিদ্ৰব্যৰ ভৰপূৰ । ভোজ্য আঁহে পেট চাফা কৰাৰ উপৰি পুষ্টিদ্ৰব্য গ্ৰহণত সহায় কৰে । সেয়েহে ই আমাৰ ওজন কমায় । ৩) শক্তি বঢ়ায় :- শৰীৰত পটাছিয়ামে মাংসপেশী আৰু স্নায়ু সবল কৰি ৰাখে । সেয়েহে আমি প্ৰত্যেক দিনে নিয়মিত খোজ কাঢ়ো বা লৰচৰ কৰে । উশাহ- নিশাহ ল’ব পাৰো আৰু আন কাম কৰিব পাৰো । মুঠতে ওলকবিয়ে আমাৰ বল, উদ্যম বঢ়ায়, সজাগ থকাত সহায় কৰে । ইয়াত থকা ভিটামিন-চি পানীত দ্ৰৱণীয় এবিধ শক্তিশালী ৰোগ প্ৰতিৰোধী দ্ৰব্য । ই শৰীৰত থকা মুক্ত ৰেডিকেলক নিয়ন্ত্ৰণ কৰে । ৪) কেন্সাৰ ৰোধ কৰে :- ওলকবিত আন সৰিয়হ গোত্ৰৰ উদ্ভিদৰ দৰে বহু স্বাস্থ্যৰ বাবে উপযোগী উদ্ভিদ ৰাসায়নিক পদাৰ্থ থাকে । এইবোৰ হ’ল আইছ’থায়’ছায়েনেটছ, ছালফ’ৰেফেন আৰু ইণ্ড’ল- ৩ কাৰিনল । এই পদাৰ্থবোৰে কল’ন আৰু প্ৰষ্টেট কেন্সাৰ ৰোধ কৰিব পাৰে । ৫) শৰীৰৰ বিপাক প্ৰক্ৰিয়া সক্ৰিয় কৰি ৰাখে – ওলকবিত B ভিটামিন থাকে । যেনে- নিক’টিনিক এচিড, ভিটামিন-(পাইৰিড’ক্সিন), থায়ামিন, পেণ্ট’মিনিক এচিড আদি । এইবোৰে শৰীৰত থকা বিভিন্ন এনজাইমৰ লগ লাগি বিপাক প্ৰক্ৰিয়া বেছি কৰ্মক্ষম কৰি তোলে । ৬) হৃদযন্ত্ৰ কৰ্মক্ষম কৰি ৰাখে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :- ওলকবিৰ খনিজ দ্ৰব্যই উল্লেখনীয় কাজ কৰে । ইয়াত যথেষ্ট পৰিমাণে তাম, কেলচিয়াম, পটাছিয়াম, মেংগানিজ, লো আৰু ফছফৰাছ থাকে । শৰীৰৰ বাবে পটাছিয়াম এবিধ গুৰুত্বপূৰ্ণ খনিজ । ই ছ’ডিয়ামৰ কাৰ্যক বাধা দি হৃদ সঞ্চালন আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । ইয়াত থকা লোৱে পটাছিয়ামৰ লগ লাগি শৰীৰত ৰঙা ৰক্তকোষ বৃদ্ধি কৰে । ফলত ওলকবিয়ে ৰক্তহীনতাও নাশ কৰে । ৭) হাড় মজবুত কৰে :- বয়স বঢ়াৰ লগে লগে আমাৰ হাড়বোৰ দুৰ্বল হ’বলৈ ধৰে । বিশেষকৈ মহিলাসকলৰ অষ্টিঅ’পৰ’ছিছ হৈ হাড়বোৰ ঠুনুকা হয় । এই বয়সত খনিজ দ্ৰব্য বেছি থকা খাদ্য খাব লাগে । ওলকবি এবিধ তেনে খাদ্য, য’ত মেংগানিজ, লো আৰু কেলচিয়াম যথেষ্ট পৰিমাণে থাকে । ৮) দৃষ্টিশক্তিত প্ৰভাৱ :- ওলকবিত থকা কেৰ’টিন- বিশেষকৈ বিটা কেৰ’টিন এনে এবিধ ৰোগ প্ৰতিৰোধী (anti oxident) বস্তু, যি চকুৰ কোষবোৰত বেছি সক্ৰিয় হৈ ইয়াত থকা ভিটামিন-এয়ে কোষবোৰৰ ক্ষয় ৰোধ কৰি চকুত ছানি পৰাত বাধা দিয়ে । ওলকবিত থকা পুষ্টিদ্ৰব্য (১০০ গ্ৰম সতেজ কবিত) মুঠ খাদ্যৰ পৰিমাণ খনিজ দ্ৰব্য আৰু ভিটামিন জলীয় বাষ্প ৯২-৭ গ্ৰাম প্ৰ’টিন ১.১ গ্ৰাম স্নেহ পদাৰ্থ ০.২ গ্ৰাম মুঠ খনিজ পদাৰ্থ ০.৭ গ্ৰাম ভোজ্য আঁহ ১.৫ গ্ৰাম অন্যান্য কাৰ্বহাইড্ৰেট ৩.৮ গ্ৰাম কেলচিয়াম ২৪ মি: গ্ৰাম মেগনেছিয়াম ১৮ মি: গ্ৰাম অকজেলিক এচিড ১০ মি: গ্ৰাম ফছফৰাছ ৩৫ মি: গ্ৰাম তাম ০.১২৯ মি: গ্ৰাম লো ০.৪ মি: গ্ৰাম ছডিয়াম ১১২ মি:গ্ৰাম পটাছিয়াম ৩৭ মি: গ্ৰাম ছালফাৰ ১৪৩ মি: গ্ৰাম মেংগানিজ ০.১৩১ মি: গ্ৰাম ছেলেনিয়াম ০.৭ মি: গ্ৰাম জিংক ০.০৩ মি: গ্ৰাম ভিটামিন-এ ৩৬ থায়ামিন ০.০৫ মি: গ্ৰাম ৰিব’ফ্লেভিন ০.০৯ মি: গ্ৰাম নিক’টিনিক এচিড ০.৫ মি: গ্ৰাম ভিটামিন-চি ৮৫ মি: গ্ৰাম পাইৰিড’ক্সিন ০.১৫০ মি: গ্ৰাম ফ’লেট ১৬ ভিটামিন-কে ০.১ উদ্ভিদ পুষ্টিকাৰক দ্ৰব্য কে ৰ’টিন-বি ২.২ মাইক’গ্ৰাম লেখক :- ড: চন্দ্ৰমোহন শৰ্মা উৎস :- জি এনআৰচি স্বাস্থ্য