শাক-পাচলিৰ ৰস

সতেজ শাক-পাচলিৰ পৰা উলিওৱা ৰস শৰীৰৰ সকলো অংগকে অসাধাৰণ ঔষধি, পুনৰিজ্জীৱিত আৰু নৱজীৱন দিব পৰা গুণেৰে পৰিপুষ্ট। এনে ৰসে আমাৰ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য আতোৰোৱাত যথেষ্ট সহায় কৰে। এই ৰসে আমাৰ ৰক্ত আৰু শৰীৰৰ কোষবোৰ পৰিশোধন কৰে আৰু নতুন কোষ উত্পাদনত সহায় কৰে। এই ৰসৰ ঔষধি গুণৰ কাৰণবোৰ হৈছে-

শাক-পাচলিত সহজেই মিহলি হোৱা ভিটামিন, খনিজ পদাৰ্থ, লেশমাত্ৰ মৌল পদাৰ্থ, পাচক ৰস, ৰাসায়নিক পদাৰ্থ আৰু প্ৰাকৃতিক শৰ্কৰা থাকে।

এই ৰসে শৰীৰৰ পাচক যন্ত্ৰৰ ওপৰত কোনো বিশেষ হেঁচা নিদিয়ে, কাৰণ ইয়াৰ জীৱনদায়িনী উপাদানসমূহ অতি সহজে পাকস্থলীৰ যোগেদি মিহলি হৈ যায়।

এই ৰসৰ খাৰজাতীয় গুণবোৰে তেজত আৰু কোষবোৰত থকা অম্লজাতীয় উপাদানবোৰ নিস্ক্ৰিয় কৰে। শৰীৰৰ অম্লজাতীয় পদাৰ্থবোৰেই বেমাৰৰ মূল উত্স।

অকালতে মৰি যোৱা কোষবোৰত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ কাৰণে খনিজ পদাৰ্থৰ মাত্ৰাও শৰীৰত কমি যায় আৰু এই ৰসে আৱশ্যকীয় খনিজ পদাৰ্থ যোগান ধৰে।

তিয়ঁহ, পিয়াজ, তিতা কেৰেলা আৰু থোপাথোপে লগা মাহজাতীয় শস্যৰ ৰসত অগ্নাশয়ৰ বাবে দৰকাৰী এবিধ ৰাসায়নিক দ্ৰব্য থাকে যি ইনচুলিনৰ দৰে এবিধ দ্ৰব্য উত্পন্ন কৰে, যিটো মধুমেহত ভোগা ৰোগীৰ কাৰণে আৱশ্যক। সতেজ পিঁয়াজ, নহৰু আৰু বিলাহীৰ ৰসত এণ্টিবায়োটিকৰ দৰে এবিধ পদাৰ্থ থাকে যি বেক্টেৰিয়া উত্পন্ন হোৱাত বাধা দিয়ে।

এনে ৰসত থকা সেউজীয়া, হালধীয়া আৰু ৰঙাৰঙৰ পদাৰ্থবোৰে শৰীৰৰ ওপৰত মহৌষধৰ দৰে কাম কৰে।

শাক-পাচলি পৰিশোধন পদ্ধতি

বজাৰৰ পৰা অনা শাক-পাচলি, ফল-মূলবোৰৰপৰা ৰস উলিওৱাৰ আগতে ভালকৈ পৰিস্কাৰ কৰি লোৱা অতি আৱশ্যক কাৰণ সেইবোৰত বিষাক্ত ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য থাকে। প্ৰথমেই সেইবোৰ পৰিস্কাৰ পানীৰে চাফা কৰি বগা ভিনেগাৰত কিছু সময় তিয়াই থ’ব লাগে নহ’লে নিমখ পানীত তিয়াই থ’ব লাগে। এনে কৰিলে বিষাক্ত কীটনাশক দ্ৰব্য কিছু পৰিমাণে আঁতৰি যায়। তাৰ পিছত ২/৩ বাৰ পৰিস্কাৰ পানীৰে চাফা কৰিব লাগে। কিছুমান পাচলি যেনে ওলকবি, বিট, চালগোম আদিত বাকলি বা আৱৰণ থাকে। শাক-পাচলি, ফল-মূল পৰিশোধনৰ বিষয়ে এটা কথা এইখিনিতে কৈ থোৱা ভাল যে আজিকালি ইলেট্ৰিকেল, ইলেক্ট্ৰনিক বিপণীসমূহত এটা বস্তু উপলব্ধ। সেইটো হৈছে ৰাসায়নিক আৰু কিটনাশক দ্ৰব্য নিৰসন কৰা বা আঁতৰ কৰা এটি সৰু যন্ত্ৰ। এই যন্ত্ৰৰ দ্বাৰা পৰিশোধন কৰিলে এই বিষাক্ত দ্ৰব্যবোৰ আঁতৰ হয় বুলি কোম্পানীয়ে দাবী কৰে। শাক-পাচলী আদি পৰিশোধন কৰাৰ পিছত ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ পৰা ৰস উলিয়াব লাগে। এই শাক-পাচলি কেঁচাই ৰস কৰিব নালাগে, যদিও কেঁচাই কৰা ৰস প্ৰকততে বেছি পুষ্টিকৰ। পাচলি সিজাই ৰস কৰা অতি সহজ। কিন্তু সিজাই চুপ বা চুৰুহা কৰিলে তাপ সচেতন এনজাইম আৰু হৰমনবোৰৰ গুণাগুণ কিছু পৰিমাণে নষ্ট হৈ যায়। তথাপি সেইবোৰ সিজাই লৈ ৰস কৰা আৱশ্যক। কাৰণ আজিকালি যি হাৰত মাত্ৰাহীন ভাৱে শাক-পাচলিত ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰে, তাৰ তুলনাত সিজাই ল’লে হয়তো তাপ সচেতন গুণাগুণ কিছু পৰিমাণে নষ্ট হ’ব যদিও সিজাই লোৱাই উত্তম।

ৰসৰ ঔষধি গুণ

গাজৰ

গাজৰৰ ৰস হজম কৰিবলৈ কিছু টান। ইয়াৰ লগত বন্ধাকবি, তিয়ঁহ, বিটৰুট মিহলাই ল’লে সহজেই হজম হয়। এইৰসৰ লগত লেটুছ, পালেং শাকৰ ৰস মিলাই খালে এজমা, ব্ৰ্ংকাইটিছ নিয়ন্ত্ৰণ কৰে। ২৫০ মি;লি: গাজৰৰ ৰসৰ লগত ৫০ মি:লি: পালেং শাকৰ ৰস মিলাই খালে কোষ্ঠকাঠিন্য উপশম হয়। মধুমেহ ৰোগীয়ে এই ৰস নিৰ্ভয়ে খাব পাৰে ইয়াত ইনচুলিন জাতীয় এবিধ পদাৰ্থ থকাৰ কাৰণে।

মূলা

মূলাৰ ৰস যকৃতৰ আৰু মধুমেহ ৰোগীৰ কাৰণে উত্তম। ওলকবিৰ ৰসো মধুমেহ ৰোগীৰ কাৰণে উপকাৰী।

আলু

আলুৰ ৰস পাকস্থলীৰ আৰু কোষ্ঠকাঠিন্য ৰোগীৰ কাৰণে উপকাৰী। সেউজীয়া ৰ্ং থকা আলু কেতিয়াও খাব নালাগে।

নহৰু-পিঁয়াজৰ ৰস

এই ৰস বীজাণুনাশক, হাওঁফাওঁ, হৃদযন্ত্ৰ, কাহ-কফ, পানীলগা, পাকস্থলীৰ বিজুতি আৰু নিউমোনিয়া ৰোগৰ কাৰণে উত্তম। ই তেজৰ কলষ্টৰেল কমোৱাত সহায় কৰে।

কোমোৰাৰ ৰস

পুৱাই প্ৰায় ১২৫ মি:লি: ইয়াৰ ৰস খালে পাকস্থলীৰ অতিৰিক্ত অম্লজাতীয় দ্ৰব্য নিস্ক্ৰিয় কৰে আৰু পাকস্থলীৰ গোটেই ব্যৱস্থাটোকেই ঠাণ্ডা কৰি ৰাখে। ই পেটৰ ঘা আদি শুকুৱাত সহায় কৰে।

বন্ধাকবিৰ ৰস

ই পেটৰ আৰু খাদ্যনলীৰ ঘা শুকুৱাত সহায় কৰে। এই ৰসে মেদবহুলতা আৰু কোষ্ঠকাঠিন্য নিয়ন্ত্ৰণ কৰে।

তিতা কেৰেলাৰ ৰস: এই ৰসে মধুমেহ নিয়ন্ত্ৰণ কৰে।

নেমুৰ ৰস

নেমুৰ ৰসে শৰীৰৰ বিষাক্ত দ্ৰব্য ধ্বংস কৰে আৰু অম্লজাতীয় দ্ৰব্যসমূহ নিস্ক্ৰিয় কৰে, যদিও নিজেই অম্লজাতীয়। আধা চামুচ নেমুৰ ৰস এক চামুচ মৌ আৰু একাপ গৰম পানীৰ লগত মিলাই খালে শৰীৰৰ বিষাক্ত দ্ৰব্যবোৰ নিৰসন কৰে আৰু কোষ্ঠকাঠিন্য উপশম কৰে।

বৃদ্ধ লোকৰ কাৰণে শাক-পাচলিৰ ৰসেই উত্তম আৰু ই শৰীৰৰ পুষ্টিসাধক।

গিৰীশ চন্দ্ৰ ফুকন, দৈনিক অসম।