হাঁহৰে হওক বা মূৰ্গীৰে হওক, কনী প্ৰাণীজ প্ৰ’টিনৰ ভাল উৎস। আমাৰ দৰে অপুষ্টিত ভুগি থকা দেশৰ লোকসকলে কণী খোৱাত আৰু অধিক পৰিমাণে কণী উৎপাদন কৰাত মনোনিৱেশ কৰিব লাগে। ৰাষ্ট্ৰীয় কণী বিষয়ক আয়োগে কণীৰ বিষয়ে তলত দিয়া কথাবোৰ কৈছে। কণী প্ৰকৃতিৰ শ্ৰেষ্ঠ পুষ্টিকাৰক খাদ্য। কণী ভেজালহীন আৰু নিৰাপদ। কণীত থকা প্ৰ’টিন(মাংসসাৰ) উচ্চ মানদণ্ডৰ। আন খাদ্যতকৈ ইয়াৰ খাদ্যমূল্য বহুত বেছি(৯৬)। কণীত ভিটামিন ‘এ’, ‘ডি’ আৰু ‘ই’ পৰ্যাপ্ত পৰিমাণে থাকে আৰু এইকেইবিধ ভিটামিন যথাক্ৰমে চকু, হাড় আৰু ছালৰ বাবে অতি দৰকাৰী। কনীৰ কুহুমত থকা কেৰটিনয়ড নামৰ ৰঞ্জক পদাৰ্থই হৃদৰোগ হ্ৰাসত সহায় কৰে। কণীৰ বগা অংশ এলবুমিনে বিভিন্ন প্ৰকাৰৰ বিষ, আলচাৰ আদি নিৰাময়ত সহায় কৰে। কণীত থকা ফলেটে হৃদৰোগ তথা প্ৰজনন সংক্ৰান্তীয় বিকাৰ নোহোৱা কৰে। কণীত থকা সাতটা এণ্টি অক্সিডেণ্টে অকাল-বাৰ্ধক্য, ধমনীৰ ৰোগ, অ’থেৰস্কেলৰ’চ্ছি ৰোগ নিৰ্মূল কৰে। ভাৰতীয় পুষ্টি প্ৰতিষ্ঠানে ভাৰতীয় লোকৰ বাবে কণীৰ প্ৰয়োজনীয় মাত্ৰা ঠিক কৰিছে। সেইমতে এজন ভাৰতীয় মানুহে বছৰেকত কমেও ১৪০ টা কণী খাব লাগে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।