কল সুপাচ্য, পুষ্টিকৰ আৰু শীতল ফল। কল নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত ৰক্ত আৰু চৰ্বি দুয়োটাই বৃদ্ধি হয়। কল নিয়মীয়াকৈ খালে চকুৰ ৰোগ নহয় আৰু অন্ত্ৰত কৃমিও মৰে। শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে। কল গাখীৰৰ লগত খালে শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰে। কলত যথেষ্ট পৰিমাণে লো আৰু তাম খনিজ লৱণ থাকে বাবে শৰীৰৰ হিমোগ্ল’বিন বৃদ্ধি পায়। ৰক্তাল্পতা বা এনিমিয়াত ভোগা লোকে নিয়মীয়াকৈ কল খালে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি পায়। কিন্তু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে বেছিকৈ কল খোৱা উচিত নহয়। হৃদৰোগত ভোগা লোকে নিয়মীয়াকৈ কল খালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। বাতবিষ আৰু সঘনাই ডায়েৰিয়াত ভোগা লোকে কল নিয়মীয়াকৈ খাব পাৰে। ডায়েবেটিচ বা মধুমেহ ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শ লৈহে কল খাব। কলৰ ঔষধি গুণ পকা কলৰ লগত জিৰা গুৰি মিহলি কৰি খালে পুৰণি গ্ৰহণী ৰোগ নিৰাময় হয়। দুটা পকা কল এপোৱা গাখীৰ আৰু বিশুদ্ধ মৌ এচামুচ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়। ৰক্তস্ৰাৱী অৰ্শ ৰোগীয়ে নিয়মীয়াকৈ পকা কল খালে ৰোগ নিয়ন্ত্ৰণত থাকে। পকা কল, ঘেঁহুৰ আটাৰ লগত মিহলাই পানীৰ লগত পিটিকি পাত্ৰ এটাত লৈ জুইৰ ওপৰত তুলি গৰম কৰি থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত লেপ দি বান্ধি থ’লে সোনকালে জামৰে। জুই বা অন্য গৰম বস্তুৱে পুৰিলে পকা কল ফেনেকি পোৰা অংশত লেপ দি বান্ধি থলে জ্বলা পোৰা কম হয় আৰু জোলা নেবান্ধে। কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধাকাপ পৰিমাণত উলিয়াই এসপ্তাহ নিয়মীয়াকৈ পুৱা খালী পেটত খালে ছোৱালী বা মহিলাৰ মাহেকীয়া অৱৰোধ দূৰ হয়। সঘনাই নাকেৰে তেজ ওলালে বা সঘনাই এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি একেৰাহে কেইদিনমান খালে এৱাঁ ভগা ৰোগ ভাল হয়। পেটত কৃমি বা সৰু পেলুৰ সংখ্যা বাঢ়ি গ’লে কাচকল বা পোৰাকলৰ পাচলি আহাৰৰ লগত একেৰাহে এসপ্তাহ খালে কৃমি নিজে নিজে মৰি মলৰ লগত ওলাই যায়। পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে পকা কল দৈৰ লগত ফেনেকি তাত সামান্য কেশৰ মিহলাই খালে পায়খানা বন্ধ হয়। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।