সুস্বাস্থ্যৰ বাবে সদায় কেঁচা পিয়াঁজ খাওঁক

ইয়াৰ উপকাৰীতা তলত উল্লেখ কৰা হল -

(১) পিয়াঁজত আহ বেচিকৈ থাকে বাবে কোষ্ঠকাঠিনতা আতৰ হয় আৰু পেট চাফা কৰে।

(২) পিয়াঁজত এমাইনো এচিড আৰু মিথাইল ছালফাইড থকা বাবে ভাল কলেষ্টেৰল (HDL) বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল (LDL) কমাই ৰাখিব পাৰে।

(৩) পিয়াঁজ খালে সিৰা-ধমনীৰ অৱৰোধ আতৰ হয়। সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । হৃদপিণ্ড অধিক শক্তিশালী হয় বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(৪) পিয়াঁজত থকা ছালফাইডে কেঞ্চাৰ কোষ গঠন আৰু বৃদ্ধিত বাধা দিয়ে বাবে কেঞ্চাৰ ৰোগ সহজে হব নোৱাৰে।

(৫) পিয়াঁজ কাটিলে পিয়াঁজত থকা ছালফাৰৰ কাৰণে চকুৰ পানী ওলাই আৰু নাকত ধৰে ।

(৬) পিয়াঁজত থকা ছালফাৰত এবিধ তেল থাকে আৰু এই তেলবিধে ৰক্তহীনতা বা এনিমীয়া নিৰ্মূল কৰে।

(৭) পেচাব সংক্ৰান্তীয় ৰোগ নিৰাময় কৰে।

(৮) পিয়াঁজ খালে অগ্নাশয়ত ইনচুলিন উৎপাদন বঢ়ায় ডায়েবেটিচ ৰোগ নোহোৱা কৰে।

(৯) পিয়াঁজে তেজ ওলোৱা বন্ধ কৰে। নাকৰ পৰা তেজ ওলালে পিয়াঁজৰ ৰস নাকৰ ফুটাত দিলে তেজ ওলোৱা লগে লগেই বন্ধ হয়। অৰ্শৰোগীয়ে পিয়াঁজ খালে তেজ ওলোৱা বন্ধ হয়।

(১০) পিয়াঁজ খালে চৰ্দি , কাহ, মুৰৰ বিষ , চাইনোচাইটিচ ভাল হয়।

(১১) ফাঙ্গেল সংক্ৰমন হৈ মূৰৰ চুলি সৰিলে (টাক পৰা) পিয়াঁজ পিহি দিনে দুই-তিনিবাৰ লগালে পুনৰাই চুলি গজে।

(১২) বৰল,মৌমাখি, কোদোৱে বিন্ধিলে পিয়াঁজ পিহি প্ৰলেপ দিলে বিষ উপসম হয়।

সদায় এটা কেঁচা পিয়াঁজ খাওক আৰু সুস্বাস্থ্য অটুট ৰাখক।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ