কিচমিচত আইৰন থাকে, গতিকে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ ঠিকে ৰাখিবলৈ চালাদ, পোলাও বা যিকোনো ডেজাৰ্টত কিচমিচ মিহলাই খাব পাৰে|

সাধাৰণ নিমখতকৈ বজাৰত পোৱা কম ছ’ডিয়ামযুক্ত নিমখ ব্যৱহাৰ কৰিবলৈ লওক আৰু নিমখৰ ব্যৱহাৰৰ সময়ত চামুচেৰে জুখি লওক| কম নিমখৰ ব্যৱহাৰ শৰীৰৰ বাবে উপযোগী আৰু শৰীৰ ফুলিবলৈ নিদিয়ে|

পেকেটৰ তৈয়াৰ খাদ্যতকৈ সতেজ বস্তু নিজে তৈয়াৰ কৰি খাবলৈ লওক| তেতিয়া অতিৰিক্ত নিমখ শৰীৰলৈ যাব নোৱাৰে| পেকেটৰ তৈয়াৰী খাদ্য সুৰক্ষিত কৰি ৰাখিবলৈ অতিৰিক্ত নিমখ ব্যৱহাৰ কৰে| গতিকে অতিৰিক্ত নিমখ খোৱাৰ পৰা নিজক বচাবলৈ সতেজ বস্তু ঘৰতে কম নিমখ ব্যৱহাৰ কৰি খাবলৈ লওক|

নিমখ গোন্ধৰ কাৰণে নহয়, সোৱাদৰ কাৰণেহে ব্যৱহাৰ হয়, গতিকে সোৱাদ হ’বৰ বাবে য’ত নিমখৰ দৰকাৰ তাতহে ব্যৱহাৰ কৰিব লাগে আৰু ব্যঞ্জন তৈয়াৰ হোৱাৰ পিচতহে আন্দাজ কৰি নিমখ দিব লাগে, তেতিয়া আঞ্জাৰ সোৱাদ বাঢ়িব আৰু অতিৰিক্ত নিমখ খোৱাৰ পৰা আপুনি বাচি যাব|

শৰীৰটো ঠিকে ঠাকে ৰাখিবলৈ প্ৰ’টিন খাওক| কণী খালে শকত নহয়| গতিকে শৰীৰে প্ৰ’টিন পাবলৈ কণীৰ বগা অংশ সদায় ব্ৰেকফাষ্টত খাব পাৰে|

কেক কিনি খোৱাতকৈ ঘৰতে তৈয়াৰ কৰক, তেতিয়া বাটাৰ বা ঘিউৰ ঠাইত অলিভ অইল ব্যৱহাৰ কৰিব পাৰিব আৰু কম চেনি ব্যৱহাৰ কৰিব পাৰিব| ইয়াৰ পৰা কেকৰ সোৱাদত কোনো বাধা নহয় আৰু আপুনি কম কেলৰিযুক্ত কেকে খাব পাৰিব|

কোনো ডিনাৰ পাৰ্টি খাবলৈ যোৱাৰ আগতে ঘৰতে কিছু পাতল আহাৰ খাই গ’লে কিছু ভোক কমি থাকিব, তেতিয়া আহাৰ কিছু কমাই খালে অতিৰিক্ত কেলৰি ভোজন কৰাৰ পৰা নিজকে বচাব পাৰিব| নিশাৰ আহাৰত পৰাপক্ষত ডেজাৰ্ট খোৱাতকৈ তাৰ ঠাইত কটা ফল ডেজাৰ্ট হিচাপে খালে শৰীৰৰ পৰা উপকাৰ হ’ব|

বাদামত এণ্টিঅক্সিডেণ্ট থাকে, গতিকে কেলৰি যথেষ্ট পৰিমাণে হোৱাৰ বাবে শৰীৰৰ পুষ্টিকাৰক| সেয়ে বাদামক সিজোৱা পাচলি নাইবা চালাদত মিহলাই খাবলৈ লওক|

মাছত অমেগা ৩ ফেটি এচিড থাকে, যি হাৰ্ট আৰু চকুৰ বাবে ভাল| গতিকে মাছ খোৱা ব্যক্তি সকলে অতিকমেও সপ্তাহত দুই বাৰ নিজৰ ডায়েটত ৰাখিব লাগে| যদি মাছ বনাওঁতে কেনলা বা অলিভ অইল ব্যৱহাৰ কৰে, তেন্তে স্বাস্থ্যৰ পক্ষে উপকাৰ হ’ব|

বয়স ৫০ য়েই হওক বা ৩০ য়েই হওক দিনটোত ২৩০০ মি:গ্ৰা: নিমখ খোৱাৰ পৰিৱৰ্তে ১৫০০ মি:গ্ৰা: নিমখ দৈনিক খাবলৈ লওক, তেতিয়া ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকিব|

খাদ্য প্ৰস্তুত কৰোতে বা খাওঁতে চিলিছচ বা টমেটো ছচ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সতেজ বিলাহী আৰু সেউজীয়া সতেজ জলকীয়া ব্যৱহাৰ কৰক, তেতিয়া ৰাসায়নিক দ্ৰব্য মিহলি কৰি সংৰক্ষণ কৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব|

দিনটোত তৈয়াৰ কৰা তিনিবাৰ মুখ্য আহাৰৰ ভিতৰত এবাৰত অলিভ অইল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, তেতিয়া হৃদৰোগৰ অসুবিধাৰ পৰা বাচি থাকিব| কিন্তু অলিভ অইল কিনোতে কম পৰিমাণে কিনিব লাগে যাতে মাহটোত শেষ হয়, কাৰণ বেছিদিন ৰাখিলে ই ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু ঠাণ্ডা ঠাইত ৰাখিব যাতে বেয়া হৈ নাযায় বা পুষ্টি গুণ কমি নাযায়|

আইচক্ৰীম ডেজাৰ্ট হিচাপে খোৱাতকৈ কটা ফলৰ লগত দৈ মিহলাই ডেজাৰ্ট হিচাপে তৈয়াৰ কৰিলে সোৱাদো পাব, স্বাস্থ্যও ভালে থাকিব|

কম ফেটযুক্ত ডায়েৰী খাদ্যই শৰীৰত কেলচিয়াম যোগান ধৰে, সেইবাবে দৈনিক এক বাটি দৈ আৰু এক গিলাচ ফেট কটা গাখীৰ খাবলৈ লওক|

ঘেহুঁত ময়দাতকৈ তুলনামূলকভাৱে বেছি ভিটামিন, প্ৰ’টিন আৰু মিনাৰেল থাকে, যিটো আমাৰ শৰীৰৰ বাবে অতি উপযোগী| সেইবাবে দিনটোত চাৰি-পাঁচখন ৰুটী খাবলৈ লওক, যিয়ে ফাইবাৰ যোগান ধৰিব, ব্লাড ছুগাৰো নিয়ন্ত্ৰণত ৰাখিব|

লেখক:- মল্লিকা শৰ্মা

উৎস:- সম্ভাৰ