প্ৰথম গোট এই গোটত অন্তৰ্ভূক্ত হোৱা খাদ্য বিলাক প্ৰধানকৈ শৰীৰক শক্তিৰ যোগান ধৰে। এই শ্ৰেণীৰ খাদ্যত আছে- দানা শস্য (চাউল, ঘহুঁ আদি) শিপা বা মূল ইত্যাদি। খাদ্য দ্ৰব্য বোৰ: চাউল, ঘেহুঁ, জোৱাৰ, বজ্ৰা, শিমলু আলু, মিঠা আলু, কাঠ আলু, কচু আদি। দ্বিতীয় গোট এই গোটৰ খাদ্যবোৰে শৰীৰক প্ৰোটিনৰ যোগান ধৰে। সেয়ে এই গোটৰ শস্যবোৰক ‘প্ৰ’টিন যোগান ধৰা’ খাদ্য বুলি কোৱা হয়। খাদ্য দ্ৰব্যবোৰ দাইল, বুট, মটৰ মাহ, বীন। বাদাম, তিল, কাজু বাদাম, আমণ্ড বা ৰোগন বাদাম, নাৰিকল। গাখীৰ, দৈ, ঘোল, পনীৰ, ছানা। কণী, মাছ, ছাগলীৰ মাংস, গাহৰিৰ মাংস, মুৰ্গীৰ মাংস, গো-মাংস ইত্যাদি। তৃতীয় গোট এই গোটৰ খাদ্য বিলাকেও শৰীৰক শক্তি যোগায় আৰু খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। এই গোটত প্ৰধানকৈ চৰ্বি, চৰ্বি-তেল আৰু চেনি-গুড় আদি পৰে। খাদ্য দ্ৰব্যবোৰ : ভেষজ তেল, বনস্পতি, ঘিউ, মাখন, গুড়, চেনি। চতুৰ্থ গোট এই গোটৰ খাদ্য বিলাএ ভিটামিন আৰু খনিজ উপাদান সমূহ যোগান ধৰে। ইয়াৰে কিছুমান খাদ্য কেচাঁকৈ খোৱা ভাল। এই গোটৰ খাদ্যৰ ভিতৰত শৰীৰক সুৰক্ষা প্ৰদান কৰা পাচলি আৰু ফল-মূল আদি পৰে। প্ৰথম শ্ৰেণী: পালেং, লাই, খুতুৰা, মৰিচা, ভতুৱা, চালাডপাত, পদিনা, চজিনা পাত, সৰিয়হ শাক, ধনিয়া পাত, মেথি, ঢেঁকীয়া, দোৰোণ শাক, কলমৌ শাক ইত্যাদি। দ্বিতীয় শ্ৰেণী: হালধীয়া ফল, সুমথিৰা, পকা অমিতা, আম, গাজৰ আৰু ৰঙা লাউ। তৃতীয় শ্ৰেণী: ভিটামিন ‘চি’ সমৃদ্ধ ফল আৰু পাচলি যেনে- আমলখি, মধুৰিআম, পিয়াঁজ, নেমু টেঙা, সুমথিৰা, মৌচম্বী, বিলাহী, চজিনা, বন্ধাকবি, ওলকবি, আটলাচ ইত্যাদি। পঞ্চম গোট এই গোটৰ পাচলিবোৰ বিবিধ সোৱাদ যুক্ত আৰু বিবিধ গঠনৰ হয়। এনে খাদ্যই শৰীৰক যথেষ্ট পৰিমাণে আঁহৰ যোগান ধৰে। বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি এই গোটৰ ভিতৰত পৰে। বিবিধ ফল, শাক-পাতৰ ঠাৰি, কচুৰ ঠুৰি, পাত শাক, বেঙেনা, ভেন্দি, কেৰেলা, কোমোৰা, জাতিলাউ, কাচকল, চজিনা, কবি, কবি, ফুলকবি আদি এই শ্ৰেণিত পৰে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন