ঘেঁহু এবিধ শস্য। ইয়াৰ পৰা সাধাৰণতে আটা বনোৱা হয়। ধানৰ পৰা চাউল তৈয়াৰ কৰাৰ দৰে ঘেঁহু কাটি আনি, ৰ’দাই গুড়ি কৰা হয়। অসমত যিদৰে ভাত প্ৰধান আহাৰ সেইদৰে বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি কিছুমান ৰাজ্যত ঘেঁহু প্ৰধান আহাৰ। ঘেঁহুৰ পৰা বিভিন্ন পানীয় তৈয়াৰ কৰাৰ লগতে পুষ্টিকৰ খাদ্যও বনোৱা হয়। শিশুৰ পৰা ডাঙৰলৈ সকলোৰে বাবে এইবোৰ উপাদেয় আৰু পুষ্টিকৰ খাদ্য। ঘেঁহুৰ ঔষধি গুণো আছে। শৰীৰত হোৱা যিকোনো বিষত ঘেঁহু গুড়ি কৰি ৰুটি বনাই এপিঠি সেকিব লাগে। নেসেকা ফালে তিলৰ তেল লগাই বিষ হোৱা অংশত বান্ধিব লাগে। সোনকালে বিষ নোহোৱা হয়। শৰীৰত আঘাত পালে ঘেঁহু গছৰ পাত পিহি আঘাত পোৱা অংশত লগালে সোনকালে নিৰাময় হোৱাৰ লগতে মাংসৰে পূৰ্ণ হৈ পৰে। ঘেঁহুৱে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। কঁকালৰ বিষত ঘেঁহু পুৰি, পিহিব লাগে। একতোলা ঘেঁহু গুড়িৰ লগত সম পৰিমাণৰ মৌ মিহলাই ৰোগীক দিনে দুবাৰকৈ আৰোগ্য নোহোৱালৈকে খাব দিব লাগে। ঘেঁহুৱে যকৃত সবল কৰে। গজালি ওলোৱা ঘেঁহুৰ পানী খালে স্মৃতিশক্তি বৃদ্ধি হয়। আধা মুঠি ঘেঁহু ধুই এটা ডাঙৰ গিলাচত পানীত তিয়াই থ’ব লাগে। ৰাতি তিয়াই থোৱা সেই ঘেঁহুৰ পানী পুৱা দুচামুচ মিছিৰি মিহলাই খালে প্ৰস্ৰাৱৰ পৰা হোৱা জ্বলন নোহোৱা হয়। ঘেঁহুৱে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। শৰীৰৰ কোনো অংশ জুয়ে পুৰিলে ঘেঁহুৰ পৰা তৈয়াৰ কৰা আটা ঘনকৈ পানীত গুলি লৈ পোৰা অংশত লগালে আৰাম পোৱা যায়। ঘেঁহুৱে আহাৰ হজম হোৱাত সহায় কৰে। পাথৰি ৰোগৰ বাবেও ঘেঁহু উপকাৰী। ঘেঁহু শক্তিদায়ক। সেয়ে ইয়াৰ পৰা তৈয়াৰ কৰা খাদ্যদ্ৰব্য শৰীৰৰ বাবে উপকাৰী। লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।