লিভাৰ সক্ৰিয় কৰিবলৈ, ডায়বেটিচ, কলেষ্ট্ৰল, ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ, পুৰুষৰ স্পাৰ্ম কাউন্ট আৰু শুক্ৰকীট সক্ৰিয় স্বাস্থ্যৱান কৰাত ডাবৰ পানীৰ তুলনা নাই।ডাব নাৰিকলৰ পানীত থকা Electrolytes, vitamin C, antioxident আৰু essential nutrients এ আপোনাৰ ডায়বেটিচ, কলেষ্ট্ৰল, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে লিভাৰ সুস্থ, সবল আৰু সক্ৰিয় কৰে। সেয়েহে প্ৰতিদিন এটা নাৰিকলৰ পানী পান কৰাটো আপোনাৰ বাবে নিতান্ত দৰকাৰী।

প্ৰসূতি মাতৃৰ বাবেও ই উপকাৰী। পুৰুষৰ sperm quality আৰু quantity বৃদ্ধি কৰাত সহায়ক।
ঔষধ সেৱনৰ ফলত শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ নিস্কাষণ কৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈও যি কোনো সুস্থ বা অসুস্থ ব্যক্তিয়ে ডাবৰ পানী সেৱন কৰিব পাৰে।

পুৰুষ, মহিলা, শিশু, বৃদ্ধ, নিৰোগী আৰু ৰোগী প্ৰতিজন ব্যক্তিৰ বাবেই ই অমৃত তুল্য। ই প্ৰাকৃতিক ভাৱেই ষ্টেৰিলাইজ্ড আৰু পৌষ্টিক গুণ সম্পন্ন। প্ৰাকৃতিক ভাৱেই ই পটাচিয়াম আৰু ক্লৰিণ সমৃদ্ধ।

একাপ ডাবৰ পানীত মাত্ৰ ৪৬ কেলৰি পোৱা যায়। ডাবৰ পানীত পটাচিয়াম, ভিটামিন C, মেগনেচিয়ামৰ উপৰিও কাৰ্বহাইড্ৰেট, ফেট্চ, প্ৰটিন, চেলেনিয়াম, শৰ্কৰা আৰু চডিয়াম পোৱা যায়। ডাবৰ পানীয়ে তাত্ক্ষণিক শক্তি প্ৰদান কৰে। ই মুত্ৰবৰ্ধক আৰু তৃষ্ণা নিবাৰক। ইয়াৰ শৰ্কৰা শৰীৰে ক্ষিপ্ৰতাৰে আৰু পোণে পোণে গ্ৰহণ কৰে। ইয়াৰ পৰ্যাপ্ত electrolytes, emino acid, phytohormones, antioxidents এ শৰীৰৰ সুচাৰু ৰূপে de toxificatio কৰিব পাৰে।

টাইফয়েড, বসন্ত , কলাইটিছ, ডিচেন্টেৰি, অতিসাৰ বা ডাইৰীয়া, ডিফথেৰীয়া আদি ৰোগীৰ বাবে ডাবৰ পানী বহুত উপকাৰী। বিভিন্ন ৰোগত ডাবৰ উপযোগীতা।

১)ৰক্তচাপ:

পুৱা গধুলি ৩০০ মিলি ডাবৰ পানী খালে সোনকালেই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হ’ব।

২)ডাইবেটিচ:

ডাবৰ পানীৰ glycemic control গুণৰ দ্বাৰা ডাইবেটিচ নিয়ন্ত্ৰণ কৰাৰ লগতে oxidative stress ও নিয়ন্ত্ৰণ কৰে।

৩)ডি হাইড্ৰেছন:

গ্ৰহণী/ডাইৰীয়া ৰোগীৰ ক্ষেত্ৰত ই ORS তকৈ অধিক শক্তিশালী আৰু লাভজনক ভাৱে কাম কৰে। পেটৰ বাবে ই অমৃত তুল্য।

৪)লিভাৰ:

ইয়াৰ anti oxident এ লিভাৰক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে আৰু লিভাৰৰ ডেমেজ্ড চেল পুনঃ নিৰ্মাণ কৰে।

৫)কলেষ্টৰেল:

ডাবৰ পানীয়ে শৰীৰৰ ভাল কলেষ্টৰেল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টৰেল Bile ত পৰিণত কৰি পেচাৱৰ যোগেদি উলিয়াই দিয়ে।

৬)গৰ্ভাৱস্থা:

গৰ্ভাৱস্থাত ডাবৰ পানীয়ে শৰীৰ হাইড্ৰেট কৰি ৰাখে আৰু পুষ্টি যোগান ধৰে।
ওজন কমোৱাঃ ডাবৰ পানীত কম কেলৰি আৰু শূণ্য কলেষ্টৰেল থকাৰ বাবে ওজন কমোৱাত সহায় কৰে।

৭)স্পাৰ্ম কাউন্ট:

নিয়মিত ডাবৰ পানী খালে পুৰুষৰ শুক্ৰকীট বাঢ়ে আৰু শুক্ৰকীট স্বাস্থ্যৱান হয়। Urinary tract বা মুত্ৰাশয় পৰিস্কাৰ আৰু স্বাস্থ্যৱান ৰাখে।

৮)মুত্ৰাশয় পাথৰি:

ডাবৰ পানী মুত্ৰল হোৱাৰ বাবে ই মুত্ৰ সম্বন্ধীয় যি কোনো ৰোগ নিৰাময় কৰে। নিয়মীয়াকৈ নিতৌ এটা ডাবৰ পানী খালে কিডনী স্টোন ভাঙি পেচাবৰ লগত উলাই যায়।

৯)ডিহাইড্ৰেচন:

জ্বৰ, ডাইৰিয়া আদি হলে ডিহাইড্ৰেচনৰ পৰা বাচিবলৈ শিশুক ২ চামুচকৈ ১০ মিনিটৰ মূৰে মূৰে আৰু প্ৰাপ্ত বয়স্কক এটা ডাবৰ সম্পূৰ্ণ পানী মাজে মাজে খুৱাব পাৰি।

১০)গুৰা কৃমি:

শিশুৰ বমি আৰু গুৰা কৃমি বা pin worm হলে স্বাদানুসাৰে নেমুৰস মিহলোৱা ডাবৰ পানী ২ চামুচকৈ ১০ মিনিটৰ মূৰে মূৰে খোৱালে আৰোগ্য হয়।

১১)শিশু আহাৰ:

মাতৃৰ গাগাখীৰ কম হলে বিকল্প আহাৰ হিচাবে বা যিবোৰ শিশুৱে গাখীৰ হজম কৰিব নোৱাৰে তেনে শিশুক গাখীৰৰ লগত ডাবৰ পানী মিহলাই খোৱাব পাৰি।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ