দৈ গাখীৰৰ লগত অসমীয়া লোকৰ চিনাকি পুৰণিকলীয়া। গাখীৰৰ আংশিক ৰাসায়নিক পৰিৱৰ্তন ঘটে গোট মৰা ৰূপটোৱেই হৈছে দৈ।

এইটো জনা কথা যে আমাৰ প্ৰকৃতি জগতত থকা কেইবিধমান বেক্টেৰিয়া(উপকাৰী), যেনে-

*ষ্ট্ৰেপ্টট’কলাছ লেক্টিছ,

*ষ্ট্ৰেপ্টট’ককাছ থাৰ্মফিলাছ আৰু

*ষ্ট্ৰেপ্টককাছ বুলগেৰিকাছ আদিয়ে ঘটোৱা ৰাসায়নিক ক্ৰিয়াৰ ফলতেই সকলো প্ৰকাৰৰ গাখীৰ দৈত পৰিণত হৈ উঠে।

উল্লেখ্য, এঁৱা গাখীৰৰ লগত ভালকৈ মিশ্ৰণ ঘটালেই গাখীৰ দৈত পৰিণত হোৱাটো সহজ হৈ পৰে।

মন কৰিবলগীয়া যে সংযুক্তিৰ ফালৰপৰা গাখীৰ আৰু দৈৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। সাধাৰণতে গাখীৰত পানীৰ লগতে প্ৰ’টিন, চৰ্বি আৰু কাৰ্বোহাইড্ৰেট(প্ৰধানকৈ লেক্টজ)ৰ উপৰি বহু খনিজ লৱণ আৰু ভিটামিন পোৱা যায়।

গতিকে দৈতো এনে উপাদানবোৰ পোৱা গ’লেও ইয়াৰ চৰ্বিভাগৰ হ্ৰাসকৰণ কৰা উপায় কৰিব পৰা যায়। চৰ্বি অপসাৰণৰ ফলত দৈৰ সোৱাদৰ পৰিৱৰ্তন ঘটাৰ লগতে তাৰ এঠালতীয়া ভাবো হ্ৰাস পাবলৈ ধৰে।

অৱশ্যে তেনে দৈ পুষ্টিৰ ফালৰপৰা বিশেষ ধৰণে নিম্নমানৰ নহয়। আনহাতে, কিম্বন প্ৰক্ৰিয়াৰে গাখীৰ দৈত পৰিণত হোৱা হেতুকে ১৫-২৫ শতাংশ লেক্টজৰ পৰিৱৰ্তন ঘটাৰ ফলত দৈত কেলছিয়াম-ফছফৰাছৰ অনুপাত বৃদ্ধি পায় বুলি কোৱা হয়।

তদুপৰি বেক্টেৰিয়াৰ বিপাকীয় কাৰ্যৰ ফলত দৈত দুবিধ ভিটামিন-

*ভিটামিন বি১ আৰু

*ভিটামিন বি২ৰ পৰিমাণো গাখীৰত তুলনাত বৃদ্ধি পায় বুলি জনা গৈছে। এই দুবিধ ভিটামিনে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

এইবোৰৰ উপৰি দৈত যি লেক্টিক এচিডৰ উৎপত্তি ঘটে, সি আমাৰ ক্ষুদ্ৰান্ত্ৰত গ্লুক’জ আৰু গেলেক্ট’জ নামৰ শক্তি প্ৰ্দানকাৰী উপাদান দুবিধৰ সৃষ্টিতো সহায় কৰে বুলি তথ্য পোৱা গৈছে।

প্ৰ্সংগক্ৰমে উল্লেখনীয়, বেক্টেৰিয়াই গাখীৰত ঘটোৱ ৰাসায়নিক পৰিৱৰ্তনৰ হেতুকে লেক্টজ কণাৰ ভাঙোন ঘটি লেক্টিক এচিডৰ উৎপত্তি ঘটে আৰু দিন বাঢ়ি যোৱাৰ লগে লগে দৈত এই এচিডৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰে। ফলত তেতিয়া দৈৰ টেঙা ভাবো বৃদ্ধি পাবলৈ ধৰে।

দৈৰ অন্য দুটিমান উল্লেখনীয় দিশ:

*আমাৰ গ্ৰহণী, টাইফয়েড বা ডায়েৰীয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্ত্ৰত থকা শ্লেষ্মা আৱৰণৰ যি ক্ষতি হয় দৈয়ে তাৰ স্বাভাৱিকৰণত সহায় কৰে।

*এন্টিবায়’টিক ঔষধ সেৱনৰদ্বাৰা চিকিৎসা কৰা ৰোগীৰ ক্ষুদ্ৰান্তৰ শ্লেষ্মা আৱৰণত হোৱা ক্ষতিপূৰণত ই সহায় কৰাৰ উপৰি ঔষধৰদ্বাৰা ক্ষতিগ্ৰস্ত উপকাৰী বেক্টেৰিয়াৰ পুনৰ প্ৰতিষ্ঠাতো সহায় কৰে।

*গাখীৰতকৈ দৈত কেলছিয়াম আৰু ফছফৰাছৰ অনুপাত বৃদ্ধি হোৱাৰ হেতুকে পোৱাতী মাতৃৰ লগতে বাঢ়ি অহা শিশুৰ বাবে দৈ অতি উপকাৰী।

*দৈ সৰল, কোমল আৰু সহজেই হজমযোগ্য খাদ্য হোৱা হেতুকে দুৰ্বল হজম শক্তি থকা লোক, ৰোগী আৰু শিশুৰ বাবে উত্তম আহাৰ বুলি কোৱা হৈছে।

*দৈয়ে গাৰ ছালৰ মসৃণতা বৃদ্ধিৰ লগতে আয়ুস বৃদ্ধিতো ইতিবাচক প্ৰভাৱ পেলায় বুলি শেহতীয়া গৱেষণাত উপলব্ধ হৈছে।

উল্লেখযোগ্য যে দৈৰ ক্ষেত্ৰত এতিয়াও গৱেষণাৰ অন্ত পৰা নাই আৰু নিতে যিবোৰ তথা উদঘাটিত হ’ব লাগিছে, সকলোৱে ইয়াৰ উপকাৰিতাৰ কথাকে সূচাব লাগিছে।

সেয়েহে আমি সকলোৱে দৈ খোৱাত, বিশেষকৈ কম চৰ্বিযুক্ত দৈ খোৱাত মনোনিৱেশ কৰাৰ প্ৰাসংগিকতা আছে।

উৎস: অৰ্পণ দত্ত(দৈনিক অসম)