পেট বা শৰীৰত চৰ্বি জমা হ’লে সেই চৰ্বি কমাবলৈ ভাত খাই উঠিয়েই ৩০ মিলিলিটাৰ নেমু ৰস প্ৰায় ১৫ দিনমান খালেই পেট আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি কমি যায়। আমাৰ দৈনন্দিন খাদ্য তালিকাত নেমুটেঙা অপৰিহাৰ্য। নেমু টেঙাত প্ৰচুৰ পৰিমাণে- মুক্ত চাইট্ৰিক এচিড, কাৰ্ব’হাইড্ৰেট, ভিটামিন ‘চি’ কেলচিয়াম আৰু ফছফৰাছ থাকে। নেমুটেঙাৰ সোৱাদটোও নেমুত থকা ভিটামিন ‘চি’ৰ কাৰণে হয়। এক আউন্স নেমুৰ ৰসত- ১.৫ মিলিগ্ৰাম প্ৰ’টিন, এক মিলিগ্ৰাম চৰ্বি আৰু ১০ মিলিগ্ৰাম কাৰ্ব’হাইড্ৰেট থাকে। এই পদাৰ্থসমূহে আমাৰ দেহত ১৭ কেল’ৰি শক্তি প্ৰদান কৰিব পাৰে। বিশেষজ্ঞৰ মতে, প্ৰতি এশ গ্ৰাম নেমু ৰসত- ২৬ মিলিগ্ৰাম ভিটামিন ‘এ’, ০.১ মিলিগ্ৰাম ভিটামিন ‘বি’ আৰু ৬৩ মিলিগ্ৰাম ভিটামিন ‘চি’ থাকে। নেমু কিছু পৰিমাণে জ্বলা গুণযুক্ত, ৰুচিৰ কাৰণে নেমুটেঙা খোৱা যায় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে। তাৰ ভিতৰত উল্লেখযোগ্য গুণবোৰ হ’ল- গৰমত নেমুৰ ৰস চৰবত কৰি খোৱা শৰীৰৰ বাবে অতি উপকাৰী। গৰমৰ কাৰণে মূৰৰ বিষ হ’লে নেমুৰ বাকলি মিহিকৈ পিহি কপালত প্ৰলেপ দিলে বিষ কমে। গৰমত ঘামচি ওলালে গোলনেমু গাঁত ঘঁহিব লাগে। পেট বা শৰীৰত চৰ্বি জমা হ’লে সেই চৰ্বি কমাবলৈ ভাত খাই উঠিয়েই ৩০ মিলিলিটাৰ নেমু ৰস প্ৰায় ১৫ দিনমান খালেই পেট আৰু শৰীৰৰ অতিৰিক্ত চৰ্বি কমি যায়। বমি-বমি ভাব আহিলে নেমু বা নেমুটেঙাৰ পাতৰ গোন্ধ ল’লে সেই ভাব আঁতৰি যায়। পুৱা খালী পেটত নেমুৰস খালে শৌচ খোলোচা হয়। প্ৰতিদিন পুৱা কুহুমীয়া পানীৰ লগত এফাল নেমুৰ ৰস মৌজোলৰ লগত মিহলাই খালে দেহৰ ক্লান্তি দূৰ হয় আৰু দেহৰ আভা বৃদ্ধি হয়। চকু-মুখৰ বিৱৰ্ণতা দূৰ হয় আৰু ছালৰ ৰং উজ্জ্বল হয়। নখত নেমু ঘঁহিলে নখ মজবুত হয়, সহজে নাভাঙে আৰু নখৰ উজ্জ্বলতা বৃদ্ধি হয়। কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই কুলকুলি কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়। চৰ্বিযুক্ত আহাৰ খাই বদহজম হ’লে ৩০ মিলিলিটাৰ নেমুৰ ৰস পানীত মিহলাই দিনে তিনিবাৰ খালে হজম হয়। নেমুৰ ৰস অৰুচি ৰোগৰ এবিধ মহৌষধ। নিয়মিত নেমু ৰস খালে মুখলৈ ৰুচি আহে আৰু খাদ্য খাব পৰা হয়। নিতৌ নেমুৰস গাত ঘঁহিলে চৰ্মৰোগ বিনাশ হয়। নেমুৰ ৰসৰ লগত নাৰিকল তেল আৰু তুলসীৰ ৰস মিহলাই গাত সানিলে ছাল নিমজ হয় আৰু গাৰ খজুৱতি নাইকিয়া হয়। নেমুৰ ৰসে দেহৰ ৰক্ত পৰিশোধন কৰে, উচ্চমান বিশিষ্ট ভিটামিন ‘চি’ৰ ভঁৰাল হোৱা হেতুকে দাঁতৰ আলু, দাঁত আৰু হাড় সুস্থ-সবল কৰে। সৰু ল’ৰা-ছোৱালীৰ কমি হ’লে নেমুপাত বা নেমুৰ বাকলুই খুৱালে কৃমিৰ উৎপাত কমে। উৰহ বা মহে কামুৰিলে বিষ বা খজুৱতি হ’লে নেমুৰ ৰস লগালে তৎক্ষণাত আৰাম পোৱা যায়। মুখত শালমইনা ওলালে গোল নেমুৰ ৰস লগাব লাগে। নহৰুৰ ৰস আৰু নেমুৰ ৰস সমপৰিমাণৰ মিহলাই মূৰত সানিলে ওকনিৰ অত্যাচাৰৰ পৰা হাত সাৰিব পৰা যায়। নাকেৰে তেজ ওলোৱা বেমাৰ থাকিলে নেমু ৰস নাকত দিলে তেজ পৰা বন্ধ হয়। ভাত খোৱাৰ আগত আৰু শোৱাৰ সময়ত নেমুৰ ৰস খালে এজমা উপশম হয়। পাঁচটা নেমুগুটি খুন্দি পানীৰ লগত মিহলাই পুৱা খালী পেটত খালে কৃমি নাশ হয়। গোলনেমুৰ ৰস ১০ মিলিমিটাৰকৈ দিনে দুবাৰকৈ ১৫ দিন খুৱালে সৰু ল’ৰা-ছোৱালীৰ পঁয়ালগা ৰোগত ভাল ফল পোৱা যায়। পকা গোলনেমুৰ ৰস চাৰি-পাঁচ টোপালকৈ ১৫ দিনমান চকুত দিলে চকুত ছানি পৰা ৰোগ নিৰাময় হয়। কাপোৰ-কানিত দাগ লাগিলে নেমুৰ ৰসেৰে ধুলে দাগ নাইকিয়া হয়। জ্বৰ আৰু পানীলগাত নেমুটেঙা খোৱাটো উত্তম। নেমুৰ ৰসত থকা ভিটামিন ‘চি’য়ে দেহৰ প্ৰতিৰক্ষা শক্তি বঢ়ায়। নেমুৰ ৰসত মৌ মিহলাই খালে শুকান কাহ আৰু পানীলগা ভাল হয়। অতিমাত্ৰা মদ বা আফিং-ভাং আদি খাই ভুল কথা ক’বলৈ ধৰিলে নেমুটেঙা খুৱালে ৰাগি কমি যায়। অম্লপিত্ত বা পেটৰ বেদনাত নেমুৰস ভাতৰ লগত খালে পিত্ত দমন হয়। মুখৰ দুৰ্গন্ধ, দাঁতৰ গুৰিয়েদি তেজ পৰা, দাঁতৰ আলু-উখহা, পায়েৰিয়া আদিত এভাগ নেমুৰস দুভাগ গোলাপ জলত মিহলাই মুখ ধুব লাগে। লেখক: দিব্যজ্যোতি ভূঞা(নিয়মীয়া বাৰ্তা)