নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে । ই ডাইৰিয়া, পাইলচ, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।

নৰসিংহৰ পাত চুলিৰ বাবে এক মহৌষধ । নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি। লগতে এই নিয়ম চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল ।

নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে আৰু কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে ।

জুইয়ে পোৰা,কটা ছিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়। তদুপৰি কোনো কীট পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়।

নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।

নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত ।

লিখক: ৰিদীপ বঞ্জন চেতিয়া