পানীয়েই হৈছে জীৱজগতৰ আটাইতকৈ আৱশ্যকীয় পদাৰ্থ, যাৰ কাৰণেই এই পৃথিৱীত প্ৰাণীকূল জীয়াই থকাটো সম্ভৱ হৈছে। পানীয়েই জীৱজগতৰ জীৱনী-শক্তি। পানী অন্যান্য আহাৰতকৈও অপৰিহাৰ্য পদাৰ্থ এইকাৰণেই যে পানী নোখোৱাকৈ মানুহ গৰমত দুই-তিনি দিনতকৈ (ঠাণ্ডা দিনত এসপ্তাহ)বেছি দিন জীয়াই থাকিব নোৱাৰে, আনহাতে আহাৰ নোখোৱাকৈ কেইবামাহলৈও জীয়াই থাকিব পাৰে। মানৱ দেহত ৫০-৭৫ শতাংশ পানী থাকে। হাঁও-ফাঁও ৯০ শতাংশ, মগজু ৭০ শতাংশ, তেজ ৪০ শতাংশ পানীৰেই গঠিত। আমাৰ দেহত গড়ে ৬০ শতাংশ পানী থাকে আৰু কোষক জীয়াই থাকিবলৈ পানীৰেই প্ৰয়োজন। প্ৰধানকৈ আমাৰ দেহৰ তিনিঠাইত পানী থাকে- দুই-তৃতীয়াংশ আমাৰ কোষবিলাকৰ ভিতৰত(২/৩, ৪০ শতাংশ)। এক তৃতীয়াংশ কোষৰ বাহিৰৰ ফালে আৰু তেজত(১/৩, ২০ শতাংশ)। এজন ৭০ কেজি ওজনৰ মানুহৰ দেহত প্ৰায় ৪২ লি: পানী থাকে এনেধৰণেৰে- ২৮লি: কোষৰ ভিতৰত আৰু ১৪লি: কোষৰ বাহিৰ ফালে য’ত- ৩লি: তেজত, ১লি: বিভিন্ন অংগৰ চাৰিওফালে যেনে ৰাজহাঁড়ৰ মাজত থকা স্নায়ুতন্ত্ৰৰ চাৰিওফালে, চকু, দেহ গহ্বৰ ইত্যাদি আৰু ১০লি: বহিৰ্কোষীয় ৰস যিটো কোষৰ চাৰিওফালে থকা তৰল মাধ্যম। সাধাৰণতে বয়স অনুপাতে নতুন কেঁচুৱাৰ দেহত প্ৰায় ৭০ শতাংশ পানী থাকে আৰু প্ৰাপ্ত বয়স্কৰ দেহত ৫০ শতাংশ পানী থাকে। বেছি মাংসপেশী থকা দেহত বেছি পানী থাকে আৰু বেছি চৰ্বি থকা দেহত কম পানী থাকে, কাৰণ দেহৰ চৰ্বিত কম পানী থাকে। তদুপৰি আমাৰ সকলো জীৱনী অংগ যেনে, মগজু, হাঁওফাওঁ, হৃৎপিণ্ড, যকৃৎ, বৃক্ক প্ৰায় ৬৫-৮৫ শতাংশ আৰু হাড়ত আটাইতকৈ কম প্ৰায় ৩১ শতাংশ পানী থাকে। দেখা যায় যে আমাৰ শৰীৰ আধাতকৈও বেছি পানীৰেই গঠিত। সেইবিলাক কাৰণতেই ‘পানীয়েই প্ৰাণীৰ প্ৰাণ’ বুলি কোৱা হয়। পানীয়ে আমাৰ দেহত কৰা কাম আৰু প্ৰয়োজনীয়তা শৰীৰৰ উত্তাপ সমতাত ৰখা। দেহৰ কলা, মুখগহ্বৰ, চকু, নাক আৰু ছাল আদি আৰ্দ্ৰ কৰি ৰখা। হাঁড়ৰ গাঁঠি বা জোৰা পিছল কৰি ৰখা। দেহগহ্বৰৰ ভিতৰৰ অংগক আঘাতৰপৰা ৰক্ষা কৰি ৰখা। অন্ত্ৰত মল চলাচলত সহায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰা। যকৃৎ আৰু বৃক্কৰ কাম সুচলভাৱে চলোৱাত আৰু শৰীৰত উৎপত্তি হোৱা আৱৰ্জনা বাহিৰ হোৱাত সহায় কৰা। অধিক আয়ণ, ইউৰিয়া(যি প্ৰ’টিন হজম হওঁতে উৎপন্ন হয়), শৰীৰৰ বিভিন্ন বিক্ৰিয়াত উৎপন্ন হোৱা বিষাক্ত দ্ৰব্য পিত্ত আৰু প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়া। বিভিন্ন সূক্ষ্ম আহাৰ আৰু খনিজ মৌল পানীয়ে দ্ৰৱীভূত কৰি আমাৰ অন্ত্ৰৰ ৰক্ত নলিকাই সহজে শোষণ কৰি লোৱাত সহায় কৰা। শৰীৰৰ তেজৰ পৰিমাণ বেছি কৰি ৰাখি নলিকাবিলাকত তেজৰ চলাচল সুচল কৰা। চমুকৈ ক’বলৈ গ’লে পানী নোহোৱাকৈ আমাৰ দেহত একো কামেই সম্পূৰ্ণ নহয়। পানীয়ে আমাৰ দেহৰ বিভিন্ন অংগৰ কোষলৈ প্ৰয়োজনীয় খাদ্য শক্তি, খনিজ লৱণ, খাদ্যপ্ৰাণ আৰু শৰ্কৰা কঢ়িয়াই নিয়ে। শৰীৰৰ বিভিন্ন বিক্ৰিয়াত উৎপন্ন হোৱা অনাৱশ্যকীয় দূষিত পদাৰ্থ প্ৰস্ৰাৱ, মলৰ জৰিয়তে বাহিৰ কৰি দিয়ে। আমি খোৱা আহাৰ হজম হোৱা কাৰ্যত অংশগ্ৰহণ কৰে। গৰম পৰিবেশত ঘামৰ দ্বাৰা বা ছালৰপৰা পানী বাষ্পীভূত কৰি আমাৰ শৰীৰ ঠাণ্ডা হোৱাত সহায় কৰে আৰু ছাল সজীৱ আৰু নিমজ কৰি ৰাখে। পানীয়ে আমাৰ হাড়ৰ জোৰাবিলাক পিছল আৰু চকু, মগজু, মেৰুদণ্ড আনকি গৰ্ভত স্থিত সন্তানক এম্নিয়টিক ফ্লুইড হিচাপে থাকি থেকেচনি শোষকৰ কাম কৰে। গতিকে দেখা যায় পানী হৈছে জীৱৰ মধ্যবিন্দু, য’ত পানী নাই তাত জীৱ থকাও অসম্ভৱ। দেহৰপৰা পানী কেনেকৈ ওলাই যায় মানৱ দেহৰ বিভিন্ন অংগয়েদি সাধাৰণ অৱস্থাত দৈনিক ১.৭-২.৩ লি: পানী ওলাই যায়। উষ্ণ বতৰ, কম আৰ্দ্ৰতা, বতাহ চলাচল বেছি, ভূমিৰ উচ্চতা বেছি অৱস্থাত আৰু শাৰীৰিক কাম বা ব্যায়াম, খেলা-ধূলা কৰা অৱস্থাত ছালৰ ঘৰ্ম গ্ৰন্থিয়েদি পানী বেছিকৈ ওলাই যায়। এজন বেছি দেৰিলৈ ব্যায়াম কৰা ব্যক্তি বা দৌৰি থকা খেলুৱৈৰ দেহৰপৰা এঘণ্টাত প্ৰায় ১-১.৫ লি: পৰ্যন্ত পানী ছালেৰে ওলাই যায়। তলত কেইবিধমান ক্ৰিয়াৰ দ্বাৰা সাধাৰণ অৱস্থাত দৈনিক পানী বাহিৰ হৈ যোৱাৰ পৰিমাণ দিয়া হ’ল- শ্বাস-প্ৰশ্বাস: দৈনিক ৩৫০ মি:লি: ঘৰ্ম গ্ৰন্থি: প্ৰায় ৫০০ মি:লি: প্ৰস্ৰাৱ: ১০০০-১৫০০ মি:লি: মল: প্ৰায় ১০০-২০০ মি:লি: জ্বৰ, বমি, পেটৰ অসুখ আদিৰ দৰে অৱস্থাত পানী দেহৰপৰা ওলাই যোৱা পৰিমাণ বহুত বেছি হয়। এনে অৱস্থাত পানীৰ লগতে কিছুমা খনিজ পদাৰ্থ যেনে ছ’ডিয়াম, পটাছিয়াম নামৰ ইলেক্ট্ৰলাইটো ওলাই যায় যি দেহৰ পানীৰ সমতা ৰক্ষা কৰাত সহায় কৰে। দেহৰপৰা পানী ওলাই যোৱাৰ কাৰণে হোৱা অৱস্থা শৰীৰৰপৰা পানী ওলাই গৈ শৰীৰত পানীৰ পৰিমাণ আৰু ইলেক্ট্ৰলাইট কমি যোৱাকেই ডিহাইড্ৰেচন বোলে। ডিহাইড্ৰেচনৰ পৰিমাণ আৰু দেখা দিয়া উপসৰ্গসমূহ তলত দিয়া হ’ল- শতাংশ হিচাপত পানীৰ অভাৱত হেৰোৱা শৰীৰৰ ওজন দেখা দিয়া লক্ষণ ক) ১% শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত বাধা, পিয়াহ লগা, হৃৎস্পন্দন বাঢ়ি যায় কিন্তু ৰক্তচাপ কমি যায়, শৰীৰৰ উষ্ণতা বাঢ়ি যায়। খ) ২% পিয়াহ বহুত বেছিকৈ লগা, ভোক নলগা আৰু অশান্তি অনুভৱ হোৱা। গ) ৩% মুখ গহ্বৰ শুকাই যোৱা। ঘ) ৪% ২০-৩০ শতাংশ কাৰ্যক্ষমতা কমি যোৱা, মাংসপেশী দুৰ্বল হৈ পৰা। ঙ) ৫% মনোযোগত অসুবিধা হোৱা, মূৰৰ বিষ, টোপনি অহা। চ) ৬% ৰক্ত চলাচল আৰু স্নায়ুতন্ত্ৰত বাধা পৰাৰ বাবে হাত-ভৰিৰ জিনজিননি আৰু জঠৰ হৈ পৰা। ছ) ৭% ভাগি পৰা বা মূৰ্চ্ছা যোৱা। জ) ১০% মৃত্যু মুখত পৰা। সাধাৰণ অৱস্থাত পিয়াহ লগা মানেই ১ শতাংশ ওজন কমা বা পানী কমি যোৱা অৰ্থাৎ ইতিমধ্যেই ডিহাইড্ৰেচনত ভোগা। গৰমৰ দিনত বাহিৰলৈ ওলাই যোৱা পৰত এবটল পানী লৈ যোৱাটো অতি প্ৰয়োজনীয় আৰু পৰাপক্ষত পিয়াহ লগাৰ আগতেই অলপ অলপ পানী খাই থকা অভ্যাসে স্বাস্থ্য সজীৱ কৰি ৰাখে। আমাৰ শৰীৰে পানী জমা কৰি ৰাখিব নোৱাৰে আৰু সকলো অৱস্থাতে শৰীৰৰপৰা পানী ওলাই যায়। সেই হেতু আহাৰতকৈও পানীৰ প্ৰয়োজনীয়তা বেছি। মানুহে দৈনিক কিমান পানী বা পনীয়া আহাৰ খোৱাৰ প্ৰয়োজন বয়স অনুপাতে সাধাৰণ অৱস্থাত দৈনিক পানী খোৱাৰ পৰিমাণ তলত দিয়া হ’ল- ১) কেঁচুৱা ০-৬ মাহ ০.৭ লি:(মাকৰ গাখীৰ বা তৈয়াৰ কৰি লোৱা গাখীৰ)। ২) কেঁচুৱা ৭-১২ মাহ ০.৯ লি:(মাকৰ গাখীৰ, তৈয়াৰ কৰি লোৱা গাখীৰ বা অন্য আহাৰ বা পানী। ৩) শিশু ১-৩ বছৰ ১ লি: কেৱল পানী। ৪) শিশু ৪-৮ বছৰ ১.২ লি: কেৱল পানী। ৫) ছোৱালী ৯-১৩ বছৰ ১.৪ লি: কেৱল পানী। ৬) ল’ৰা ৯-১৩ বছৰ ১.৬ লি: কেৱল পানী। ৭) ছোৱালী ১৪-১৮ বছৰ ১.৬ লি: কেৱল পানী। ৮) ল’ৰা ১৪-১৮ বছৰ ১.৯ লি: কেৱল পানী। ৯) মহিলা ১৮ বছৰৰ ওপৰত ২.১ লি: কেৱল পানী(প্ৰায় ৭-৮ গিলাচ)। ১০) পুৰুষ ১৮ বছৰৰ ২.৬ লি: কেৱল পানী(প্ৰায় ১০ গিলাচ)। ঠাণ্ডা দিনত বা ঠাণ্ডা ঠাইত থকা মানুহ অথবা যিসকলে পনীয়া আহাৰ, পানী বেছি থকা ফল-মূল, শাক-পাচলি বেছি খাই তেওঁলোকৰ পানী খোৱাৰ পৰিমাণ কম হ’ব পাৰে। কিছুমান ক্ষেত্ৰত পানী খোৱাৰ পৰিমাণ বঢ়াব লাগে প্ৰ’টিন আৰু আঁহ জাতীয় খাদ্য বেছিকৈ খালে। গৰ্ভৱতী মহিলা বা কেঁচুৱাক গাখীৰ খুউৱা মহিলা(দৈনিক খাব লগা পানীৰ উপৰিও ০.৭৫-১ লি. পানী বেছি খাব লাগে)। বমি বা ডায়েৰিয়া অসুখ হ’লে। বেছি শাৰীৰিক পৰিশ্ৰমী ব্যক্তি বা খেলুৱৈ। অতি গৰম বতৰ বা অৱস্থাত ইত্যাদি। পানী কমকৈ খোৱাৰ পৰিণাম বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা। মহিলাৰ প্ৰস্ৰাৱনলীত সংক্ৰমণৰ সম্ভাৱনা বেছি। শাৰীৰিক পৰিশ্ৰম কৰাৰ ক্ষমতা কমি যায়। মানসিক বিচাৰ-বুদ্ধি কমি যায়। লেলাৱতি গ্ৰন্থি, পাচক ৰস নি:সৰণ কম হৈ খাদ্য হজম হোৱাত বাধা পৰে। ডিহাইড্ৰেচনৰ ফালে আগবাঢ়ে। এনেদৰে হোৱা ডিহাইড্ৰেচনৰ ফলত তলৰ লক্ষণসমূহ দেখা যায়- পিয়াহ লগা, সঘনাই মূৰৰ বিষ, এলাহ লগা, মন সলনি হোৱা আৰু অসংবেদনশীল, নাসা গহ্বৰ শুকাই থকা, ওঠ শুকাই ফাট মেলা, প্ৰস্ৰাৱৰ ৰং ডাঠ হালধীয়া হোৱা, সকলো সময়তে দুৰ্বল অনুভৱ কৰি ভাগৰ লাগি থকা, বিভ্ৰান্ত আৰু চিত্ৰ বিভ্ৰমো হোৱা। বয়সস্থ মানুহে প্ৰায়ে ডিহাইড্ৰেচনত ভুগি থকা দেখা যায়, ইয়াৰ কাৰণবিলাক এনেধৰণৰ- বয়স বাঢ়ি যোৱাৰ লগে লগে বৃক্কৰ কৰ্ম ক্ষমতা হ্ৰাস পায়। হৰমন সলনি হয়। স্বাস্থ্যৰ ক্ৰিয়া-কলাপ অৱনতি ঘটাৰ বাবে পিয়াহ অনুভৱ নকৰে আৰু পানী খাবলৈ নিবিচাৰে। বৃদ্ধ বয়সত কিছুমান দৰৱ প্ৰায়ে ব্যৱহাৰ কৰাৰ কাৰণে(যেনে প্ৰস্ৰাৱ বেছি হোৱা দৰৱ(diuretics), পায়খানা কোমল কৰাৰ দৰৱ(laxatives) আদি)। পুৰণি বেমাৰ, শ্বাস-প্ৰশ্বাস জনিত ৰোগ, পানী লগা ৰোগত সঘনাই ভোগাৰ বাবে পানী নাখায়। চলা-ফুৰা কম কৰা বা কৰিবলৈ কষ্ট হোৱা বা ৰাতি প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ এলাহৰ বাবে পানী কম খোৱা ইত্যাদি। সৰু কেঁচুৱাৰ বা সৰু ল’ৰা-ছোৱালীৰ ডিহাইড্ৰেচন হোৱাৰ লক্ষণ কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীৰ প্ৰতিকাৰ ক্ষমতা পূৰ্ণাংগ নোহোৱাৰ বাবে জ্বৰ, বমি, পায়খানা আদি বেমাৰত সঘনাই ভোগাৰ বাবে কেতিয়াবা হঠাতে ডিহাইড্ৰেচন হোৱা দেখা যায়। তলৰ লক্ষণসমূহ দেখা পোৱাৰ লগে লগেই ওচৰৰ চিকিৎসালয়লৈ নিয়া উচিত। ছাল ঠাণ্ডা হৈ পৰা। দুৰ্বল হৈ পৰা। মুখগহ্বৰ শুকাই যোৱা। সৰু কেঁচুৱাৰ মূৰৰ খালী হৈ থকা অংশ(তালু)তললৈ সোমাই যোৱা। ছাল বা নখ নীলা ৰঙৰ হৈ পৰা(ৰক্ত চলাচল কম হোৱাৰ বাবে)। পানী বেছিকৈ খোৱাও বিপদজনক হ’ব পাৰে পানী বেছিকৈ খালে হাইপোনেত্ৰিমিয়া হ’ব পাৰে। যদিও সাধাৰণ জনসমাজত ইয়াক কম দেখা পোৱা যায়। অকণমান সময়ৰ ভিতৰত বহুত বেছি পানী খাই দিলে তেজে সোনকালেই শুহি লয় কিন্তু বৃক্কই সিমান পৰিমাণৰ পানী তেজৰপৰা অতি কম সময়ত বাহিৰ কৰি দিব নোৱাৰে, যাৰ বাবে শৰীৰত চ’ডিয়াম মৌলৰ পৰিমাণ বিপদজনকভাৱে কমি যায়। চ’ডিয়াম মৌলই মাংসপেশীৰ সংকোচন আৰু স্নায়ুৰ খবৰ বহন কৰাত সহায় কৰে। ইয়াকেই হাইপোনেত্ৰিমিয়া বুলি কোৱা হয়। হাইপোনেত্ৰিমিয়াত মূৰৰ বিষ, চকুৱে ধোঁৱা-কোৱা দেখা, মগজু ফুলি উঠা, কন্ভালচন হোৱা, ক’মা হোৱা আৰু সম্ভৱত মৃত্যু পৰ্যন্ত হ’ব পাৰে। কিছুমান মানসিক ৰোগী, স্কিজ’ফ্ৰেনিয়া, পানীত পৰা মানুহ, কেঁচুৱা যাৰ আহাৰ বেছি পনীয়া তেনে ব্যক্তিৰ ক্ষেত্ৰত হাইপোনেত্ৰিমিয়া হোৱা দেখা যায়। কৃত্ৰিম মিঠা পানীয় আৰু চেনি দিয়া পানীয় বেছিকৈ খোৱা অনুচিত চেনি দিয়া পানীয়ে দৈনিক প্ৰয়োজনীয় আহাৰৰ উপৰি অতিমাত্ৰা শৰ্কৰা যোগায়, কিন্তু ই অন্য আৱশ্যকীয় খাদ্য শক্তিৰ যোগান নধৰে। বৰঞ্চ ই ল’ৰা-ছোৱালী বা প্ৰাপ্তবয়স্কৰ অতিৰিক্ত ওজন বঢ়ায়, হাড়ৰ ক্ষমতা/ঘনত্ব আৰু ই পাকস্থলীৰ অম্লতা বঢ়াই দাঁতৰ ক্ষতি কৰে। বাণিজ্যিকভাৱে পোৱা মিনাৰেল পানী বা ফলৰ ৰসো বেছিকৈ খোৱা বেয়া বানিজ্যিকভাৱে পোৱা কিছুমান মিনাৰেল পানীত বা ফলৰ ৰসত খনিজ লৱণ থাকে যি শৰীৰত পানী বেছি জমা হোৱা, চকুৰ পতা বা আন অংশ উখহি যোৱা আৰু কিছুমানৰ ৰক্তচাপো বঢ়াই দিয়ে। প্ৰয়োজন হ’লে কম চ’ডিয়াম থকা(less than 30mg sodium per 100ml)মিনাৰেল পানী বা পানীয়হে খোৱা ভাল। অৱশ্যে আমাৰ বজাৰত পোৱা প্ৰায় সকলো বিলাক বটল পানীয়েই পেকেজ ড্ৰিংকিং পানীহে, মিনাৰেল পানী নহয়। মনত ৰাখিবলগীয়া কথা ১) শৰীৰৰ বিভিন্ন বিক্ৰিয়াৰ বাবে পানী খোৱাটো অতি প্ৰয়োজন। ২) আমাৰ দেহে পানী জমা কৰি ৰাখিব নোৱাৰে গতিকে পানী সময়ে সময়ে খাই থাকিব লাগে। ৩) পিয়াহ লগা মানেই ডিহাইড্ৰেচন হোৱা, ডিহাইড্ৰেচনে মৃত্যুও ঘটায়, গতিকে পিয়াহ লগাৰ আগতেই পানী খোৱাটো প্ৰয়োজন। ৪) দিনটোত এজন মানুহে কমেও সাধাৰণ অৱস্থাত ২.৫ লি: আৰু মহিলাই ২ লি: পানী খাব লাগে। ৫) পানীৰ বটল বা পানী সদায় সকলো সময়তেই হাততে পোৱাকৈ থ’ব লাগে(বেগত, গাড়ীত, শোৱাৰ সময়ত বিছনাত, কাম কৰা টেবুলত ইত্যাদি)। ৬) জ্বৰ, পেটৰ অসুখ, বমি হোৱা ৰোগীয়ে অলপ অলপকৈ ঘনাই পানী খাই থকাৰ প্ৰয়োজন। পানী কোন সময়ত আৰু কিয় খোৱা উচিত ৰাতিপুৱা শুই উঠাৰ পিছত খালী পেটত পানী খাব লাগে। খাদ্য খোৱাৰ প্ৰায় ৪৫ মিনিট সময়ৰ আগতেই পানী বেছি খাব লাগে। যিমান পানী খোৱা যায় আধা ঘণ্টাত আধা পানী আমাৰ দেহৰ ৰক্তলৈ সোমাই পৰে আৰু প্ৰস্ৰাৱস্থলীত জমা হোৱা হয়। খাদ্য খোৱাৰ আগত, লগত বা ঠিক পিছতেই খুব বেছিকৈ পানী খাব নালাগে, কাৰণ পাকস্থলীৰ পাচক ৰসৰ গাঢ়তা কমাই খাদ্য দ্ৰব্যৰ হজম হোৱাত বাধা দিয়ে। প্ৰধান খাদ্য খোৱাৰ পাছত প্ৰায় ৪৫ মিনিটৰ পৰা ২ ঘণ্টালৈ বেছিকৈ পানী খোৱা অনুচিত। সদায় খাদ্য খোৱাৰ সময়ত খাদ্য নাখালে অলপ পানী খাই দিব লাগে। সেই সময়ত আমাৰ পাকস্থলীয়ে পাচক ৰস ক্ষৰণ কৰা আৰম্ভ কৰে যাৰ কাৰণে গেচট্ৰাইটিচ বা গেচট্ৰিক আলচাৰ হোৱাৰ আশংকা থাকে। কিন্তু পেটৰ জ্বলা-পোৰা বেছিকৈ হ’লে পানী খাব নালাগে কাৰণ পাচক ৰস পানীতকৈ পাতল হোৱাৰ বাবে পানীত ভাহি খাদ্যনলীৰ ঘাঁ কৰিব পাৰে। প্ৰস্ৰাৱ হালধীয়া, প্ৰস্ৰাৱনলী জ্বলা-পোৰা কৰিলে পানী বেছি খোৱাৰ অভ্যাস কৰিব লাগে। বৃক্কৰ বেমাৰ, মূৰৰ বিষ, গাৰ বিষ, গাঁঠিৰ বিষ, কোষ্ঠ-কাঠিন্য, ডায়েবেটিচৰ দৰে বেমাৰ থকা মানুহে পানী বেছিকৈ খালে দেহৰ দূষিত পদাৰ্থ, শৰ্কৰা আদি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দি সেই বেমাৰ কমোৱাত সহায় কৰে। লিখক: ডা° সঞ্জীৱ শইকীয়া, ম-ন-কা স্মৃতিগ্ৰন্থ।