পূৰৈ শাক গ্ৰীষ্মকালীন লতাজাতীয় উদ্ভিদ। দেখাত বহল পাতৰ বেঙুনীয়া বা সেউজীয়া বৰণৰ। পূৰৈ শাকবোৰ পালেং শাকৰ দৰে খাবলৈ তৃপ্তিদায়ক। মাছৰ লগত আঞ্জা বনাই খাবলৈ ভাল। পূৰৈ শাক দুবিধ। বিলাহী টেঙা দিলে বীজলুৱা ভাব হ্ৰাস পায়। পূৰৈ শাকৰ উপকাৰিতা অনেক আছে। শাকবোৰ ভিটামিন এ, ভিটামিন বি১, ভিটামিন বি২ আৰু ভিটামিন বি৩ আছে। ভিটামিন চি, আয়ৰন, কেলচিয়াম ফছফৰাছ, মেগনেছিয়াম, ছডিয়াম, পটাচিয়াম আদি লৱনসমূহ পোৱা যায়। গৱেষকসকলে পৰীক্ষাগাৰত পোৱা তথ্যমতে-

ক)পূৰৈ শাক কৰ্কট ৰোগীৰ বাবে উপকাৰী।

খ)ভিটামিন বি কমপ্লেক্স বা ফলিক এচিডৰ বাবে পূৰৈ শাক স্বাস্থ্য সুস্থ ৰক্ষাত আৰু বৃদ্ধি হোৱাত সহায়ক।

গ)ভিটামিন এৰ উপস্থিতিয়ে শৰীৰৰ কোষ বৃদ্ধি, কোষৰ কাম কৰা ক্ষমতা প্ৰদান কৰা চুলিৰ সৌন্দৰ্য আৰু ছালখন সুস্থ ৰখাতো সহায় কৰে।

ঘ)পূৰৈ শাক এন্টি অক্সিডেন্টযুক্ত আৰু বিটাকেৰ’টিনযুক্ত।

ঙ)সকলো বয়সৰ মানুহে পূৰৈ শাক খাব পাৰে।

লেখিকা: কবিতা ফুকন(অসম বাণী)