ভাল চকুৰ বাবে প্ৰয়োজন ‘ভিটামিন এ” ‘ভিতামিন এ’ য়ে প্ৰতিৰোধ কৰে অন্ধতা ভাল তেজৰ বাবে প্ৰয়োজন ‘আইৰণ’ আইৰণে প্ৰতিৰোধ কৰে ৰক্তহীনতা। সেউজীয়া পাতৰ শাক-পাচলিবোৰ আমাৰ শৰীৰৰ সকলোবিধ প্ৰয়োজনীয় খনিজ দ্ৰব্য আৰু ভিটামিন সমূহৰ ভড়াল আৰু সেয়েহে এইবোৰক প্ৰতিৰোধক খাদ্য হিচাপে বৰ্গীকৰণ কৰা হৈছে। এই শাক-পাচলি সমূহ আইৰণ, কেলচিয়াম, ভিটামিন এ, (ভিটামিন এৰ উৎস হিচাবে) ভিটামিন চি, ভিটামিন কে আৰু ভিটামিন বি-কমপ্লেক্স গ্ৰুপৰ বিশেষকৈ ৰাইবোফ্লেবিন আৰু ফলিক এচিডৰ পৰ্যাপ্ত উৎস। সেউজীয়া পাতৰ শাকপাচলি সমূহ যেতিয়া ঘেঁহু-মটৰৰ লগত মিহলি কৰা হয় তেতিয়া ই খাদ্যত থকা প্ৰটিনৰ গুণাগুণো বৃদ্ধি কৰে। সেয়েহে দেহৰ গঠন প্ৰণালী আৰু সুৰক্ষাত এনেবোৰ শাক পাচলিৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেউজীয়া পাতৰ শাক-পাচলি সমূহ চকুৰ কাৰণে ভাল। ভিটামিন এ এবিধ পুষ্টি যি বিশেষকৈ সৰু লৰা-ছোৱালীৰ স্বাস্থ্যবান চকুৰ বাবে গুৰুত্বপূৰ্ণ। শৰীৰত পৰ্য্যাপ্ত পৰিমাণৰ ভিটামিন এ ৰ অভাৱ হ’লে প্ৰথম পৰ্য্যায়ত চকুৰ মণি বিলাকে তাৰ ভাপযুক্ত বগা আৱৰণখিনি হেৰুৱাই আৰু ই শুকান আৰু কোচ খাই যায়। যাৰ ফলত কম পোহৰত দেখা নোপোৱা(কুকুৰীকণা) হয়। যদিহে ইয়াৰ উপযুক্ত চিকিৎসা লোৱা নহয়। চকু সম্পূৰ্ণৰুপে ৰঙা হৈ পৰিব পাৰে আৰু অৱশেষত চকুৰ কলা অংশ ফাটি গৈ স্থায়ী অন্ধতা আহিব পাৰে। সেয়ে আমি যথেষ্ট পৰিমানৰ ভিটামন এ উপাদান থকা সেউজীয়া পাতৰ শাক-পাচলি খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে যাতে আৰু ই চকুক ৰক্ষণা-বেক্ষণ দিয়াত সহায় কৰে। সেউজীয়া পাতৰ শাক-পাচলি সমূহ তেজৰ কাৰণেও ভাল। আমাৰ তেজবোৰ সুস্থ কৰি ৰাখিবৰ বাবে আমাৰ শৰীৰক পুষ্টিকৰ উপাদান যেনে-আইৰণ, ফলিক এচিড, ভিটামিন বি ১২ প্ৰয়োজন। আমাৰ খাদ্যত যদি এইবোৰ পুষ্টিকৰ উপাদান পৰ্য্যাপ্ত পৰিমাণে নাথাকে তেতিয়া তেতিয়া তেজত থকা হিমগ্ল’বিন কমি যায় যাৰ বাবে আমি ৰক্তহীনতাত ভুগিব পাৰো। এই ৰক্তহীনতাই মানুহৰ কাৰ্য্যক্ষমতা হ্ৰাস কৰে, সন্তান সম্ভাৱা মাতৃৰ দেহত নিৰ্ধাৰিত সময়ৰ আগতে সন্তান জন্ম পাব পাৰে, কম ওজনৰ শিশু জন্মিব পাৰে, আনকি মাতৃৰ মৃত্যুও হ’ব পাৰে। ভাগৰ লগা, ভোক কম হোৱা, সামান্য পৰিশ্ৰমতে উশাহ ল’ব নোৱাৰা, ছাল মসৃনতা হ্ৰাস পোৱা আদি কিছুমান ৰক্তহীনতাৰ সাধাৰণ লক্ষণ। সেউজীয়া সেউজীয়া পাতৰ শাক-পাচলি সমূহ আইৰণৰ উৎস আৰু এনেকুৱা ৫০ গ্ৰাম শাক –পাচলি নিতৌ খাদ্যৰ লগত খালে ই আমাৰ প্ৰয়োজনীয় আইৰণৰ যোগান ধৰিব পাৰে। সেউজীয়া পাত যুক্ত শাক-পাচলিত থকা ভিটামিন চিয়ে আইৰণ শৰীৰে দক্ষতাৰে শুহি লোৱাত সহায় কৰে। পাত থকা শাক-পাচলি সমূহে যোগান ধৰা হজম নোহোৱা আঁহ জাতীয় পদাৰ্থ সমূহে পেটৰ ভিতৰত খাদ্যৰ চালচলনত সহায় কৰে আৰু প্ৰ্টৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। সেউজীয়া শাক-পাচলিত থকা ভিটামিন এৰ উৎস সমূহ ‘জাৰণ’ বিৰোধী হিচাপে ফলপ্ৰ্সু আৰু খাদ্যৰ লগত একেৰাহে জড়িত হৈ থকা বেমাৰ সমূহ যেনে-বহুমূত্ৰ, উচ্চুদ্বিগ্নতা, হৃদযন্ত্ৰৰ সৈতে জড়িত বেমাৰ আদিৰ পৰা ৰক্ষণা-বেক্ষণ দিয়ে। সৰ্বাধিক পৰিমাণৰ পুষ্টিকৰ সংৰক্ষণৰ বাবে পাত থকা শাক-পাচলি সমূহ ভালদৰে ধুই চালাদ হিচাপে খাব লাগে আৰু কম সময়ৰ বাবে সিজাব লাগে। যেতিয়া এই শাক-পাচলি সমূহৰ দাম কম হয় তেতিয়া ইয়াক ব্যৱহাৰ কৰিব লাগে। পাত থকা এই শাক পাচলি সমূহ আমাৰ দৈনন্দিন খাদ্যৰ প্ৰয়োজনীয় উপাদান হিচাপে অন্তৰ্ভূক্ত কৰাটো উচিত। এই শাক-পাচলি সমূহ ৰান্ধনি ঘৰৰ বাগিছা নতুবা পাত্ৰতো সহজতে কৰিব পাৰি। কেইবিধমান সেউজীয়া পাতৰ শাক-পাচলিত থকা পুষ্টিৰ পৰিমাণঃ (খাব পৰা অংশৰ প্ৰতি ১০০ গ্ৰামত) ক্ৰমিক ন্ং নাম আইৰণ মিলিগ্ৰাম কেলচিয়াম মিলিগ্ৰাম ভিটামিন এ (ভিটামিন এ ৰ উপাদান হিচাপে)আই ইউ ভিটামিন চি মিলিগ্ৰাম ১) পালেং ২.৭১ ৯৯ ৯৩৭৭ ২৮.১ ২) ধনীয়া পাত ১.৪২ ১৮৪ ৬৯১৮ ১৩৫ ৩) পদিনা শাক ১৫.৬ ২০০ ১৬২০ ২৭ ৪) গাজৰ পাত ৮.৮ ৩৪০ ৫৭০০ ৭৯ ৫) মূলাপাত ১৮.০ ৩১০ ৫২৯৫ ৮১ ৬) সৰিয়হৰ পাত ১২.৫ ৩৭০ ১৩৮০ ৬৫ ৭) চালগোম সেউজীয়া ২৪.৪ ৭১০ ৯৩৯৬ ১৮০ ৮) কবি ০.৮ ৩৯ ১২০ ১২৪ ৯) ফুলকবি সেউজীয়া ৪০.০ ৬২৬ - - ১০) নৰসিংহৰ পাত ১.০ ৮৩০ - - ১১) বীটমূলা সেউজীয়া ১৬.২ ৩৮০ ৫৮৬২ ৭০ ১২) লেটুচ ২.০ ৫০ - - ১৩) কচুপাত ১০.০ ২২৭ - - ১৪) আলু থকা শাকৰ পাত ২.৪ ৫০ ৯৯০ ১০ ১৫) চজিনা পাত ০.৮৫ ৪৪০ ৬৭৮০ ২২০ উৎসঃ কৃষি উদ্যান শস্য বিভাগ