মাটিকঠাল এবিধ সকলোৰে পৰিচিত সুস্বাদু ৰসাল ফল। কেঁচাতে ই কিছু টেঙা প্ৰকৃতিৰ হ’লেও, পকিলে কিন্তু অত্যন্ত মিঠা আৰু ৰসাল হৈ পৰে। ই ব্ৰাজিলৰ আদিবাসী উদ্ভিদ। ১৫৫০ চনমানৰ আশে-পাশে সমুদ্ৰ অভিযানকাৰী পৰ্তুগালৰ নাবিক কিছুমানৰ জৰিয়তে ভাৰতত এইবিধ অমৃতোপম ফলৰ প্ৰৱেশ ঘটিছিল আৰু অতি কম সময়ৰ ভিতৰতে ইয়াৰ সোৱাদ আৰু ঔষধি গুণৰ বাবে চীন দেশকে ধৰি সমগ্ৰ দক্ষিণ-পূব এচিয়া আৰু পিছলৈ ইউৰোগৰ বিভিন্ন অঞ্চলত ই বিয়পি পৰিছিল।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘আনানাচ কমোচচ’(Ananas comosus), আৰু ই ‘ব্ৰোমেলিয়োচি’(Bromeliaceae) গোত্ৰৰ। গ্ৰীষ্মৰ পৰা বৰ্ষা ঋতুৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত ইয়াক পোৱা যায়। ই অতিশয় সুস্বাদু, ৰুচিকাৰক আৰু ঔষধি গুণসম্পন্ন। প্ৰতি এশ গ্ৰাম মাটিকঠালত ০.০০৮ মি.গ্ৰা. হাৰত ‘ব্ৰমেলিন’(Bromelin) নামৰ এবিধ মূল্যৱান ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিয়ে হজম শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ ৰসত থকা ‘ক্লোৰিণে’ মূত্ৰাশয়ক মৃদুভাৱে উত্তেজিত কৰি দেহৰ দূষিত পদাৰ্থসমূহ বাহিৰ উলিয়াই অনাত সহায় কৰি মানুহক সুস্থ সবল কৰি তোলে। পকা মাটিকঠাল মূত্ৰল, কৃমিনাশক আৰু পিত্ত প্ৰশমক। পকা-পূৰঠ সতেজ পৰ্যাপ্ত মাত্ৰাত ভিটামিন ‘এ’, ‘চি’ পোৱাৰ উপৰিও দেহৰ বাবে লাগতিয়াল বিভিন্ন খনিজ লৱণ পোৱা যায়। এই ফল অত্যন্ত হজমীকাৰক(পাচক), ৰুচিকাৰক, জ্বৰ নাশক আৰু বায়ু-পিত্ত প্ৰশমক।

*পকা মাটিকঠালত পৰিমিত ৰূপত সৈন্ধৱ লৱণ আৰু জালুকৰ গুড়ি মিহলাই খালে অজীৰ্ণ ৰোগ নাশ হয়।

*ইয়াৰ(কুমলীয়া) পাতৰ ৰসৰ লগত সানান্য মৌ মিহলাই ২/১০ মি.গ্ৰা. মান কিছুদিন সেৱন কৰিলে কৃমি জনিত ৰোগ নাশ হয়।

*শোথ(দেহৰ অঙ্গ-প্ৰত্যঙ্গ ফুলা), যকৃত বৃদ্ধি, মূত্ৰৰ পৰিমাণ কমি যোৱা, মূত্ৰৰ লগত ‘এলবুমিন’ নিৰ্গত হোৱা, অগ্নিমান্দ্য, চকুৰ তলৰ অংশ ফুলা আদি অনেক ৰোগত মাটিকঠালৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পাব পাৰি।

*ইয়াৰ ৰসৰ চৰ্বত খালে পিত্ত, বায়ু, কফ(ত্ৰিদোষ)ত সুফল পোৱা যায় আৰু হৃদয় সবল হয় বুলি আয়ুৰ্বেদত উল্লেখ আছে। অৱশ্যে ইয়াৰ মাত্ৰাধিক সেৱন কন্ঠৰ কাৰণে অহিতকাৰী। নেমু আৰু আদাৰ ৰস আদিৰ দ্বাৰা ইয়াৰ দুষ্প্ৰভাৱ দূৰ কৰিব পাৰি। ইয়াক কেতিয়াও খালী পেটত খাব নালাগে। বতৰৰ এইবিধ উপাদেয় ফলৰ পৰিমিত ৰূপত, নিয়মিত সেৱনৰ দ্বাৰা আমি সকলোৱে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন