সুস্থ শৰীৰৰ বাবে সকলো শুকান ফলেই উপকাৰী যদিও এইবোৰৰ ভিতৰত আখৰোটক উতকৃষ্ট বুলি ধৰা হয়। দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰি বিভিন্ন ৰোগৰ পৰা শৰীৰক সুৰক্ষা দিব পৰা যায়। আখৰোট প্ৰ্টিন, ভিটামিন, খনিজ পদাৰ্থৰে সমৃদ্ধ হোৱাৰ উপৰি চৰ্বিৰো উতস। শৰীৰৰ বাবে প্ৰয়োজনীয় ওমেগা -৩, ওমেগা-৬ ফেটি এচিড এইবিধ ফলত যথেষ্ট পৰিমাণে পোৱা যায়। শৰীৰত ক’লেষ্টেৰলৰ মাত্ৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰিত ৰখাত আখৰোটৰ ভুমিকা অনন্য। বহুমূত্ৰ ৰোগীকো নিয়মিতৰুপে আখৰোট গ্ৰহণৰ পৰামৰ্শ দিয়া হয়। এইবিধ ফ্লত্ৰ থকা আল্ফা লিনোলেনিক এচিডে শৰীৰত তেজ গোট মৰাত বাধা দিয়ে। ফলত হৃদৰোগৰ আশ্ংকা বহু পৰিমাণে কমি যায়। কৰ্কত ৰোগ, যিকোনো ধৰণৰ পুৰণি ৰোগত আক্ৰান্ত ৰোগীৰ বাবেও অখৰোট যথেষ্ট উপকৰী বুলি প্ৰমাণিত হৈছে। ইয়াত থকা ভিটমিন বি আৰু ফোলেটছে স্মৃতি শক্তি সজীৱ কৰি ৰখত সহা৭য় কৰে ববে আখৰোটক ‘ব্ৰেইন ফুড’ বুলিও জনা যায়। সেয়ে নি৭য়মিত ৰুপত ইয়াক ভক্ষণ কৰি মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰিব পৰা যায়। জিংক, মেগনেচিয়ামৰ উপৰি আখৰোট মাইক্ৰ’নিউট্ৰিয়েণ্টছৰো এক উতকৃষ্ট উতস। ইয়াৰ পৰা উলিওৱা তেল চুলিত লগালে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে চুলি সৰা সমস্যাৰ পৰাও সকাহ পাব পাৰি। জ্যোৎস্না গোস্বামী, দৈনিক অসম।