জীয়াই থাকিবলৈ সকলো প্ৰাণীৰ লগতে মানুহকো খাদ্যৰ প্ৰয়োজন। সেয়ে জন্মৰ পিছতে সদ্যোজাত সন্তানে আন একো নাজানিলেও খাদ্য খাবলৈ বিচাৰে। প্ৰকৃততে, প্ৰাণীৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু ই সৃষ্টিৰ ৰহস্যতে সাঙোৰ খাই আছে। এই জগতত প্ৰাণী আৰু মানুহৰ বাবে পৰ্যাপ্ত খাদ্য আছে হেতুকেই জগতৰ প্ৰাণী আৰু মানুহ বৰ্তি থকাটো সম্ভৱ হৈছে। খাদ্যই আমাৰ দেহত প্ৰাণশক্তি উৎপাদন কৰি জীৱন প্ৰক্ৰিয়া আগবঢ়াই লৈ যায়। প্ৰকৃতিৰ এক আশ্চৰ্যকৰ প্ৰক্ৰিয়া হ’ল- সদ্যোজাত সন্তানক খাদ্য যোগান ধৰিবলৈ সন্তান গৰ্ভস্থ হৈ থাকোতে মাতৃৰ দেহত খাদ্য প্ৰস্তুত কৰি ৰখাটো। বৰ্তমান যুগৰ স্বাস্থ্য বিজ্ঞানীসকলে আমাৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হৈছে। আমাৰ দেহ যিবোৰ উপাদানেৰে গঠিত আৰু যিবোৰ উপাদানে শৰীৰৰ কাৰ্য চলাই নি- দেহৰ গঠন, বৃদ্ধি আৰু বিকাশত সহায় কৰে, সেই উপাদানসমূহেই হৈছে আমাৰ খাদ্য। আধুনিক স্বাস্থ্য বিজ্ঞানৰ জনক হেপোক্ৰেটছৰ মতে মানুহৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াতে সু-স্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। আমাৰ সু-স্বাস্থ্যৰ বাবে ছয় প্ৰকাৰৰ খাদ্যৰ আৱশ্যক, যেনে- প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি বা স্নেহ পদাৰ্থ, খনিজ লৱন আৰু ধাতৱ মৌল, ভিটামিন আৰু পানী। খাদ্যৰ এই উপাদানসমূহকে পুষ্টিদ্ৰব্য বুলি কোৱা হয় আৰু এই পুষ্টিদ্ৰব্যসমূহে শৰীৰৰ গঠন, বৃদ্ধি আৰু বিকাশত বেলেগে বেলেগে ভূমিকা পালন কৰে। পুষ্টিদ্ৰব্যসমূহৰ কাম বেলেগ বেলেগ হোৱা হেতুকে আমি গ্ৰহণ কৰা খাদ্যত আটাইবোৰ পুষ্টিদ্ৰব্য থকাটো প্ৰয়োজনীয়। মানুহৰ বসয়, শৰীৰৰ ওজন, শাৰীৰিক পৰিশ্ৰম আদিৰ ভিত্তিত পুষ্টিদ্ৰব্যসমূহৰ আৱশ্যকীয় পৰিমান ভিন ভিন হ’ব পাৰে। যি খাদ্যত পুষ্টিদ্ৰব্যসমূহ আৱশ্যকীয় পৰিমাণত থাকে এই খাদ্যকে সমতুল বা পৰিমিত খাদ্য খোৱাটো নিতান্তই প্ৰয়োজনীয়। কিয়নো, খাদ্যত পুষ্টিদ্ৰব্যৰ ঘাটি হ’লে শৰীৰ পুষ্টিহীনতাত ভুগিব লগা হয় আৰু পুষ্টিহীনতাই বিভিন্ন ৰোগৰ সৃষ্টি কৰে। আমাৰ দেশৰ বেছিভাগ শিশু আৰু ক্লিশোৰ-কিশোৰীৰ স্বাস্থ্য সমস্যাৰ মূল কাৰণবিধেই হৈছে পুষ্টিহীনতা। দেশৰ শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য ৰক্ষাৰ আঁচনি কিছুমান ৰূপায়ণ কৰিবলৈ যাওঁতে এই কথা পোহৰলৈ আহিছে বুলি ‘ইউনিচেফ’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। যিহেতু খাদ্যৰ পুষ্টিদ্ৰব্যসমূহে সু-স্বাস্থ্যত বেলেগ বেলেগ ভূমিকা গ্ৰহণ কৰে, অৰ্থাৎ এবিধ পুষ্টীদ্ৰব্যৰ কাম অন্য এবিধে কৰিব নোৱাৰে। সেয়ে পুষ্টিদ্ৰব্যসমূহৰ ভূমিকাৰ বিষয়ে আমাৰ সচেতনতা সৃষ্টি হ’লেহে আমি নিশ্চয় পুষ্টিহীনতাত নোভোগাকৈ থাকিব পৰাটো সম্ভৱ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হৈছে- আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ জৰিয়তে দেশৰ জনসাধাৰণৰ মাজত পৰিপুষ্টি সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এনে কাৰ্যসূচীৰ অংশ হিচাপে বিগত ছেপ্টেম্বৰ মাহটো সসম্ৰ দেশতে। ‘পৰিপুষ্টি মাহ’ হিচাপে পালন কৰা হৈছে যাতে দেশৰ জনসাধাৰণৰ মাজত পৰিপুষ্টি সম্পৰ্কে সচেতনতাৰ সৃষ্টি হয়। এই উদ্দেশ্যে স্বাস্থ্যকৰ্মীসকলে স্বাস্থ্য উপকেন্দ্ৰ, অংগনবাড়ী কেন্দ্ৰ আদিত সভা অনুষ্ঠিত কৰে আৰু সভাত স্থানীয়ভাৱে উৎপাদিত বিভিন্ন খাদ্য শস্য, শাক-পাচলি আৰু ফলমূলসমূহত থকা পুষ্টিদ্ৰব্যসমূহে আমাৰ সু-স্বাস্থ্যত গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে ৰাইজক অৱগত কৰে। লগতে শিশু আৰু কৈশোৰ অৱস্থাত পুষ্টিহীনতাত ভুগিলে পৰিৱৰ্তী কালত কিদৰে স্বাস্থ্য সমস্যাই দেখা দিয়ে তাক স্বাস্থ্যকৰ্মীসকলে বিতৰভাৱে উল্লেখ কৰে। পুষ্টিদ্ৰব্যসমূহৰ প্ৰটিন হ’ল শৰীৰৰ কলা গঠনকাৰী এক উপাদান। প্ৰটিনৰ অভাৱত দেহ গঠন আৰু বৃদ্ধি হ’ব নোৱাৰে। শৰীৰৰ তেজ বা ৰক্তগঠনৰ মূল উপাদানবিধেই হৈছে প্ৰটিন। ই শৰীৰ ৰক্ষণাবেক্ষণৰ দায়িত্বও পালন কৰে। মাছ, মাংস, কণী আদি প্ৰটিনৰ উৎস হোৱাৰ উপৰি কিছুমান খাদ্য শস্য যেনে- বীন বা মাহজাতীয় শস্যত প্ৰটিন পোৱা যোৱা। মানুহৰ বিভিন্ন শাৰীৰিক কাৰ্যৰ বাবে প্ৰয়োজন হোৱা শক্তি কাৰ্বহাইড্ৰেট জাতীয় খাদ্যৰ পৰা উৎপন্ন হয়। সেইবাবে, কাৰ্বহাইড্ৰেটক শক্তি যোগানকাৰী উপাদান বুলিও কোৱা হয়। ভাত, ৰুটী, আলু, বিভিন্ন ফলমূল আদি হ’ল প্ৰধান কাৰ্বহাইড্ৰেট জাতীয় খাদ্য। তেনেদৰে চৰ্বি বা স্নেহজাতীয় খাদ্যই শৰীৰত তাপশক্তি উৎপাদন আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে শক্তিৰ ভাণ্ডাৰ হিচাপে কাম কৰে। বিভিন্ন তেল, গাখীৰ, ঘিউ, বাদাম আদিত চৰ্বি বা স্নেহজাতীয় খাদ্যৰ উপাদান পোৱা হয়। খাদ্যৰ অন্য এক উপাদান খনিজ লৱণ আৰু ধাতব মৌলই দেহৰ স্বাভাৱিক বৃদ্ধিত বিশেষভাৱে অৰিহণা যোগায় লগতে শৰীৰৰ বিপাকীয় কাৰ্যত সহায় কৰে। উদাহৰণস্বৰূপে হাড়ৰ গঠন আৰু বিকাশৰ বাবে কেলছিয়াম আৰু আৰু ফছফৰাছৰ আৱশ্যক। তেনেদৰে তেজত হিম’গ্ল’বিন উৎপাদনৰ বাবে লোৰ আৱশ্যক। হিম’গ্ল’বিনে শৰীৰৰ বিভিন্ন কোষলৈ অক্সিজেন সৰবৰাহ কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। খাদ্যত আৱশ্যকীয় লোৰ অভাৱ ঘটিলে তেজত হিম’গ্ল’বিনৰ মাত্ৰা কমি যায় আৰু শৰীৰত ৰক্তহীনতাই দেখা দিয়ে। ৰক্তহীনতাত ভুগিলে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু বিভিন্ন ৰোগৰ চিকাৰ হ’ব লগা হয়। খাদ্যৰ উপাদান ভিটামিনে কোনো শক্তিৰ যোগান নধৰে অথবা কলা গঠনতো অংশগ্ৰহণ নকৰে যদিও ই শৰীৰৰ বিভিন্ন কাৰ্যত সহায় কৰি শৰীৰ সুস্থ আৰু সবল কৰি ৰাখে লগতে ভিটামিন ‘এ’ আৰু ভিটামিন ‘ই’ শৰীৰত এন্টিবডী উৎপাদনৰ বাবে প্ৰয়োজনীয়। শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াত এন্টিবডীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আনহাতে, ভিটামিন ‘চি’য়ে ৰক্ত বা তেজভাগ দূষিত নোহোৱাকৈ ৰাখে। এনেদৰে ছয়বিধ ভিটামিন যেনে- এ, বি, চি, ডি, ই আৰু কে-এ শৰীৰৰ কাৰ্যত বিশেষ ভূমিকা পালন কৰে। সেয়ে ইয়াৰ যিকোনো এবিধ বা একাধিক ভিটামিনৰ অভাৱ ঘটিলে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে আমাৰ শৰীৰত ভিটামিন ‘এ’ৰ অভাৱ হ’ল কুকুৰীকণা ৰোগ হয়। সাধাৰণতে পানীক আমি খাদ্য হিচাপে গণ্য নকৰো যদিও পানী আমাৰ শৰীৰৰ এটি মুখ্য উপাদান। আমাৰ শৰীৰৰ কোষবোৰত ৭০-৮০ শতাংশ পানী থাকে। শৰীৰৰ বিভিন্ন কাৰ্য বা প্ৰক্ৰিয়াত পানীৰ প্ৰয়োজন ইমানেই বেছি যে পানীক প্ৰাণীৰ ‘প্ৰাণ’ বুলি কোৱা হয়। আমি গ্ৰহণ কৰা সকলো খাদ্য বস্তুৱেই পানীত দ্ৰবীভূত হোৱাৰ ফলতে শৰীৰে গ্ৰহণ কৰিব পাৰে। শৰীৰৰ আৱশ্যকীয় পানীৰ পৰিমাণ কমিলে শৰীৰত চলা সকলো শৰী কাৰ্যতে বিসংগতি ঘটে। শৰীৰত বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত উৎপন্ন হোৱা বৰ্জনীয় দ্ৰব্যসমূহ পানীত দ্ৰবীভূত হৈ ঘাম বা প্ৰস্ৰাৱ আকাৰে শৰীৰৰ পৰা ওলাই যায় আৰু শৰীৰ দূষিত নোহোৱাকৈ থাকে। আমি খোৱা বিভিন্ন খাদ্যৰ যোগেদি শৰীৰে পানী গ্ৰহণ কৰে যদিও শৰীৰত আৱশ্যকীয় পানীৰ পৰিমাণ ধৰি ৰাখিবলৈ অৰিৰিক্ত পানী খাব লাগে। সামগ্ৰিকভাৱে আমাৰ প্ৰয়োজনীয় পুষ্টিদ্ৰব্য সমৃদ্ধ খাদ্য চাৰিওকাষৰ পৰিৱেশৰ পৰা পাঁও। কেঁচুৱাৰ বাবে আৱশ্যকীয় সকলো পুষ্টিদ্ৰব্য প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱা মাকৰ গাখীৰতে পোৱা যায়। সেইবাবেই কোৱা হয়- মাকৰ গাখীৰ কেঁচুৱাৰ বাবে প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। সঠিকভাৱে মাকৰ গাখীৰ খোৱা কেঁচুৱাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। গতিকে আমাক সু-স্বাস্থ্যৰ বাবে আমি গ্ৰহণ কৰা খাদ্যত যাতে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যসমূহ সঠিক মাত্ৰাত থাকে, তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। ঔষধি গুণসম্পন্ন তেজপাত - তেজপাত এবিধ ডাঙৰ গছ। তেজপাতৰ গছ সাধাৰণতে মাটিৰ পৰা ৪০-৫০ ফুট পৰ্যন্ত ওখ হয়। তেজপাতৰ পাত ডাঙৰ আৰু সেউজীয়া হয়। তেজপাত শুকালে পাতল মটীয়া ৰঙৰ হয়। শুকালে তেজপাত সুগন্ধিযুক্ত হয়। সাধাৰণতে চ’ত মাহত তেজপাতত ফুল ফুল আৰু গুটি ধৰা দেখা যায়। তেজপাত সাধাৰণতে অলপ সাৰুৱা বাহিচহীয়া মাটিত হয়। তেজপাতৰ যথেষ্ট ঔষধি গুণ আছে। তেজপাতৰ বৈজ্ঞানিক নাম Cinnamomum Tamala আৰু ই Launineae গোত্ৰৰ অন্তৰ্গত। ঔষধি গুণসমূহ: তেজপাতে হৃদযন্ত্ৰ সবল কৰি ৰাখে। বুকুৰ ধপধপনি হ’লে তেজপাত ভাজি খালে উপকাৰ পোৱা যায়। তেজপাতে স্মৰণ শক্তি বৃদ্ধি কৰিব পাৰে। মহিলাসকলৰ ৰক্তস্ৰাৱ ৰোগ, গনোৰিয়া আদি যৌন ৰোগত তেজপাত সুপথ্য। ছালৰ ৰোগত(এলাৰ্জি) তেজপাতৰ ৰস সানিলে সুফল পোৱা যায়। তেজপাত নিয়মীয়াকৈ খালে পেটৰ বিভিন্ন ৰোগত সুফল পোৱা যায়। বদহজম হ’লে তেজপাতৰ ৰসে উপকাৰ দিয়ে। পানীলগা, কফত তেজপাত যথেষ্ট উপকাৰী। প্ৰস্ৰাৱ নহ’লে তেজপাতৰ ৰস ভিনেগাৰৰ লগত মিহলাই খালে প্ৰস্ৰাৱ হয়। বহুমূত্ৰ ৰোগত তেজপাত মহৌষধ। ইনফ্লুয়েঞ্জা ৰোগত আক্ৰান্ত ৰোগীয়ে তেজপাতৰ ৰস মৌ আৰু পিপলি গুড়িৰ লগত মিহলাই এসপ্তাহ খালে ৰোগী আৰোগ্যৰ পথলৈ আহে। গতিকে আমি সকলোৱে কম পৰিমাণে হ’লেও তেজপাত নিয়মীয়াকৈ খোৱা উচিত। তিয়ঁহৰ গুণাগুণ - তিয়ঁহ এবিধ লতাজাতীয় গ্ৰীষ্মকালীন পাচলি। তিয়ঁহ সাধাৰণতে মাৰ্চ-এপ্ৰিল আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত সিঁচিব লাগে। প্ৰতি বিঘা মাটিত প্ৰায় ৩৩০ গ্ৰাম বীজ সিঁচিব লাগে। প্ৰতি বিঘা মাটিত ৫-৭ কুইন্টল তিয়ঁহ উৎপাদন কৰিব পাৰি। তিয়ঁহৰ ৰং সেউজীয়া আৰু পূৰঠ হ’লে হালধীয়া হয়। তিয়ঁহ হৈছে এবিধ ঔষধি পাচলি গুণবিশিষ্ট পাচলি- গৰমত তিয়ঁহ প্ৰচুৰ পৰিমাণে খাব লাগে। তিয়ঁহে শৰীৰ ঠাণ্ডা কৰি ৰাখে। তিয়ঁহ খালে হজম শক্তি বাঢ়ে। ছাল নিমজ কৰি ৰাখিবলৈ তিয়ঁহ নিয়মীয়াকৈ খাব লাগে। পেট অপৰিষ্কাৰ হ’লে তিয়ঁহ খালে সুফল পোৱা যায়। তিয়ঁহে তেজ শোধন কৰি পৰিষ্কাৰ কৰে। ইউৰিক এছিড বাঢ়িলে তিয়ঁহ খালে উপকাৰ পোৱা যায়। বিষাক্ত পোক-পৰুৱাই দংশন কৰিলে দংশন কৰা ঠাইত তিয়ঁহৰ ৰস লগালে বিষ কমে। কুমলীয়া তিয়ঁহ বাকলি নুগুচোৱাকৈ খালে বৃক্কৰ পাথৰ বাহিৰ হয়। তিয়ঁহে কৰ্কট ৰোগ প্ৰতিৰোধত উল্লেখযোগ্য ভূমিকা লয়। ইয়াত থকা কেৰটিনয়ডে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। জোকে দংশন কৰিলে বা দেহৰ কোনো অংশত জোক সোমালে তিয়ঁহৰ ৰস খালে জোক বাহিৰ হয়। তিয়ঁহ খালে প্ৰস্ৰাৱ খোলোচা হয়। উৎস: ৰাইজৰ বাতৰি