ষাঠিৰ ঊৰ্দ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে কিঞ্চিৎ হ’লেও মন দিয়া উচিত তেওঁলোকৰ শৰীৰত যাতে ভিটামিন ডি ৰ অভাৱ নঘটে। কিয়নো শৰীৰত কেনেবাকৈ ভিটামিন ডি ৰ মাত্ৰা হ্ৰাস পালে এনে ব্যক্তি আগলৈ গৈ মানসিক ৰোগৰ বলি হোৱাৰ আশংকা বাঢ়ি যায়। নিউৰ’লজী পত্ৰিকাৰ শেহতীয়া সংস্কৰণত এই সন্দৰ্ভত এটি গৱেষণামূলক নিবন্ধ প্ৰকাশ হৈ ওলাইছে। ইউনিভাৰ্ছিটি অব্ এক্সেষ্টৰ মেডিকেল কলেজৰ গৱেষক ডা: ডেভিদ লেভেলিনে বৃটেইনৰ ১৬৫০ গৰাকী ৬৫ বছৰ ঊৰ্দ্ধৰ ব্যক্তি সামৰি গৱেষণাটি সম্পন্ন কৰিছিল। অধ্যয়নত সামৰি লোৱাসকলৰ ভিতৰত ১১৬৯ জন ব্যক্তিৰ দেহত ভিটামিন ডি ৰ স্তৰ ঠিকেই পাইছিল। এইখিনি ব্যক্তিৰ মাজৰ খুব কম সংখ্যকহে আগলৈ গৈ মানসিক ৰোগৰ চিকাৰ হোৱা সম্ভাৱনাৰ বিষয়ে জানিব পাৰিছিল গৱেষকগৰাকীয়ে। আনহাতে, অধ্যয়নৰ অংশীদাৰ হোৱা ৭০ গৰাকী ব্যক্তিৰ দেহত ভিটামিন ডি ৰ স্তৰ ভালেখিনি কম আছিল। এইখিনি ব্যক্তিৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন মানসিক ৰোগৰ বলি হোৱাৰ প্ৰবল সম্ভাৱনাৰ বিষয়ে জানিব পাৰিছিল গৱেষকগৰাকীয়ে। অৱশ্যে ভিটামিন-ডি ৰ অভাৱত কি কাৰণে মানসিক ৰোগে গা কৰি উঠে সেই বিষয়ে জানিবলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন হ’ব বুলি প্ৰকাশ কৰে গৱেষক ডা: ডেভিদ লেভেলিনে। উল্লেখ্য যে মাছ, দাইল আদি ভিটামিন ডি ৰ ভাল উৎস। তদুপৰি দেহৰ ছাল সূৰ্য্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিবলৈ দিয়াৰ জৰিয়তেও শৰীৰত ভিটামিন ডি ৰ পৰ্য্যাপ্ততা বৰ্তাই ৰাখিব পৰা যায়। উৎস: দৈনিক অসম।