ভেদাইলতা এবিধ সকলোৰে পৰিচিত লতাজাতীয় বনৰীয়া উদ্ভিদ। অসমৰ প্ৰায় সকলো ঠাইতে ইয়াক পোৱা যায়। ইয়াৰ এক বিশেষ ধৰণৰ উগ্ৰ গোন্ধ(দুৰ্গন্ধ?)আছে, যাৰ বাবে ইয়াক অতি সহজে চিনি উলিয়াব পাৰি। ই পেটৰ ৰোগৰ পৰম ঔষধি স্বৰূপ। বন বা বাৰীৰ বান্দৰেও ইয়াৰ ঔষধি গুণৰ কথা জানে, বস্তিৰ বেৰ বা গছত বগোৱা ভেদাইলতাৰ ডাল-পাতবোৰ বাৰীৰ বান্দৰে মোকোৰা-মোকোৰে খোৱা দেখিলে তবধ মানিব লাগে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Paederia Foetida Linn আৰু ই ৰুবিয়াচি(Rubiaceae)গোত্ৰ বা পৰিয়ালৰ। ইয়াৰ আন এবিধ প্ৰজাতিও আছে, যাৰ পাতবোৰ তুলনামূলকভাৱে সৰু। সংস্কৃতত ইয়াক ‘গন্ধ প্ৰসাৰণী’, ‘পুতিগন্ধা’, ‘ভদ্ৰা’ আদি অনেক নামেৰে জনা যায়। গৰু-মানুহ আটাইৰেই বাবে ই হিতকাৰী বাবে ইয়াৰ নাম ভদ্ৰা। চৰক সংহিতা, সুশ্ৰুত সংহিতা প্ৰভৃতি প্ৰাচীন আয়ুৰ্বেদ গ্ৰন্থসমূহত ইয়াৰ বিভিন্ন ভেষজ গুণৰ বিস্তৃত বৰ্ণনা পোৱা যায়। ইয়াক সাধাৰণতে ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰা হয়। ৰান্ধিলে ইয়াৰ বেয়া গোন্ধ আঁতৰি যায় আৰু ইয়াক বিশেষ সুঘ্ৰানে ব্যঞ্জন সুস্বাদু আৰু উপাদেয় কৰি তোলে। ইয়াৰ আঞ্জা ৰুচিকাৰক, শক্তিবৰ্দ্ধক আৰু হজমী কাৰক। ইয়াৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰা গ্ৰহণী, অতিসাৰ সমন্বিতে পেটৰ বিভিন্ন ৰোগ প্ৰশমিত হয়। তদুপৰি ই বিভিন্ন প্ৰকাৰৰ বাত ব্যাধি, কফ আৰু অৰ্শৰ বাবেও উপকাৰী। আয়ুৰ্বেদ শাস্ত্ৰৰ বিধান অনুসৰি সন্ধিবাত, আমবাত আদি বিভিন্ন বাত ব্যাধিত ভেদাইলতাৰ ক্কাথ সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। ল’ৰা-ছোৱালীৰ অতিসাৰ, অৰ্থাৎ হাগনি ৰোগত ইয়াৰ পাতৰ ৰস ২/৩ মি:গ্ৰা:কৈ দিনে দুই-তিনিবাৰ খুৱালে এই হাগনি বা অতিসাৰ ৰোগ অতি সহজে নিৰাময় হয়। অজীৰ্ণ ৰোগত পুৰাকল(কাঁচকল) দুই-এচকলেৰে সৈতে ইয়াৰ আঞ্জা খালে যথেষ্ট সুফল পোৱা যায়। প্ৰসূতিজনিত ৰোগতো ইয়াৰ আঞ্জা বৰ উপকাৰী। ইয়াৰ নিয়মিত সেৱনে একাংগী ৰোগীকো যথেষ্ট সকাহ দিয়ে। কঁকালৰ বিষ, মূত্ৰকৃচ্ছ আৰু বৃক্কৰ পাথৰী ৰোগতো ই বৰ উপকাৰী। বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনৰ ৰূপত ইয়াক ব্যৱহাৰ কৰি ইয়াৰ সুফল লাভ কৰিব পাৰি। ইয়াৰ পাত পটাত পিহি দাইলৰ সৈতে প্ৰস্তুত কৰা ‘বৰ ভজা’ বৰ সুস্বাদু আৰু ৰুচিকাৰক। ৰাসায়নিক কীটনাশকৰ কবলৰ পৰাও মুক্ত। ইয়াক নিয়মিত ব্যৱহাৰ কৰি পেটৰ বিভিন্ন ৰোগ প্ৰশমিত কৰাৰ উপৰি পূৰামাত্ৰাই আমি দেহৰ পৰিপুষ্টি সাধন কৰি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো। লিখক: ভুৱনেশ্বৰ ডেকা, দৈনিক অসম।