মৌ -

এণ্টিঅক্সিডেণ্টযুক্ত গুণাগুণেৰে ভৰপূৰ ‘মৌ’। ছালত দেখা দিয়া খুটি- নাটি বা সমস্যা দূৰ কৰি ছাল পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ই সহায় কৰে।

কিৱি -

ভিটামিন চিৰে ভৰপূৰ এবিধ ফল হ’ল ‘কিৱি’। কিৱিত নিহিত এই উপাদানে ছাল কৰি তোলে উজ্জ্বল। নেমু টেঙাত থকা ভিটামিন চিৰ গুণাগুণতকৈ কিৱিত ইয়াৰ গুণাগুণৰ পৰিমাণ বেছি। কিৱিৰ ফেচ’পেকে ছাল কোমল কৰি তোলাই নহয়, ছাল উজ্জ্বল হোৱাত সহায় কৰে।

এভ’কাড’-

ছালৰ ময়শ্বাৰাইজাৰ হিচাপে কাম কৰে এই এভ’কাড’য়ে। লগতে মুখমণ্ডলৰ শালমইনাৰ দাগ নিৰ্মূলত ই সহায় কৰে। যিকোনো ক্ষতিকাৰক ৰশ্মিয়ে ছালখনত যাতে প্ৰভাৱ পেলাব নোৱাৰে, সেই দিশতো এভ’কাড’ৰ ফে’চপেকে সুৰক্ষা দিয়ে।

তৰমুজৰ ৰস -

বৰ্তমান এই ফলবিধ বজাৰত উভৈনদী। এই তৰমুজৰ ৰসে ছালৰ বাবে প্ৰাকৃতিক ক্লিনজাৰ হিচাপে কাম কৰে। ই ছালৰ কোষ অথবা ৰন্ধ্ৰসমূহত জমা হৈ থকা ধূলি-বালি ওলাই যোৱাত সহায় কৰে। গুৰুত্বপূৰ্ণ কথা যে ছালত যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে ছাল গভীৰভাৱে পৰিষ্কাৰ কৰি লোৱা উচিত।

আঙুৰৰ ৰস -

আঙুৰৰ ৰসে ভাল ট’নাৰ হিচাপে কাম কৰে। ছাল সজীৱ কৰি তোলে। লগতে ই ছালৰ ইলাষ্টিচিটি বৃদ্ধি কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ