স্বাভাৱিকতে ৮ বছৰ বয়সৰ পৰাই ল’ৰা-ছোৱালীৰ বাহ্যিক আৰু আভ্যন্তৰীণ ক্ৰিয়াকলাপ বৃদ্ধি হয়। শাৰীৰিক বৃদ্ধিও এই সময়ছোৱাত খৰতকীয়া হয়। গতিকে তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনো বাঢ়ে। ৬ বছৰৰ পৰা ১০ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীৰ খাদ্যত প্ৰতিকিলো কেল’ৰিৰ মূল্য সত্তৰ হ’ব লাগে। এই কেল’ৰিখিনি বিভিন্ন তৰহৰ খাদ্যৰ যোগেদি সংগ্ৰহ কৰিবলগীয়া হয়। গতিকে খাদ্য তালিকা প্ৰস্তুত কৰোঁতে এই বিসয়ত চকু দিব লাগে। তলত ৮ৰ পৰা ১০ বছৰীয়া ল’ৰা-ছোৱালীৰ কাৰণে দৈনিক খাদ্য তালিকা দিয়া হ’ল।

ৰাতিপুৱা(৬ বজাত):

একাপ গাখীৰ, এখন ৰুটী, অলপ মাখন আৰু জাম বা জেলি বা মৌ, আধা সিজা এটা কুকুৰাৰ কণী, ফল এবিধ।

৯.৩০-১০ বজাৰ ভিতৰত:

ভাত ৬২ গ্ৰাম, দাইল ৩০ গ্ৰাম, শাক-পাচলি ৬০-৬২ গ্ৰাম, মাছ বা মাংস ৯০ গ্ৰাম, দৈ ৩০ গ্ৰাম।

১-১.৩০ বজাত:

একাপ গাখীৰ, মাখন সনা এখন ৰুটী নাইবা কমলা টেঙা, মধুৰিআম, কঁঠাল, আনাৰস আদি ফলমূল।

৪-৪.৩০ বজাত:

মুড়ি, চিৰা বা আখৈ ৩১ গ্ৰাম, গাখীৰ এপোৱা, কল বা ৰুটী ৬০ গ্ৰাম, শাক ৬২ গ্ৰাম, গাখীৰ একাপ।

নিশা ৮ বজাত:

ভাত বা ৰুটী ৬২ গ্ৰাম, দাইল ৩১ গ্ৰাম, তৰকাৰীফ ৬২ গ্ৰাম, গাখীৰ একাপ।

উল্লিখিত খাদ্যখিনি ল’ৰা-ছোৱালীয়ে নিয়মিতভাৱে খাবলৈ পালে সিহঁতৰ আৱশ্যকীয় কেল’ৰিখিনি লাভ কৰিব পাৰিব। ল’ৰা-ছোৱালীৰ শৰীৰত অলপ বেছি কেল’ৰি জমা হৈ থাকিলেও একো ক্ষতি নহয়, কিয়নো দৌ-ঢপৰা কৰোঁতে এই অতিৰিক্ত কেল’ৰিখিনি ক্ষয় হৈ যাবই।

ল’ৰা-ছোৱালীৰ খাদ্যৰ পৰিমাণ বাঢ়ি যায় ১১-১২ বছৰৰ পৰা, কাৰণ ২০-২২ বছৰলৈকে ল’ৰা-ছোৱালীৰ বৃদ্ধিৰ সময়। এই সময়ছোৱাত ল’ৰা-ছোৱালী খুব সক্ৰিয় হয়। গতিকে যথেষ্ট পৰিমাণে কেল’ৰি ক্ষয় হয়। আহাৰৰ যোগেদি এই ক্ষয় হোৱা কেল’ৰিখিনি পূৰণ কৰিব লাগিব, নহ’লে শৰীৰৰ পুষ্টিসাধন নহয়। এই সময়ছোৱাৰ গাখীৰৰ পৰিমাণ যথেষ্ট বেছি হ’ব লাগে। তদুপৰি উৎকৃষ্ট আৰু নিকৃষ্ট জাতীয় প্ৰ’টিন, চৰ্বি পদাৰ্থ আৰু টাটকা ফলমূল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে খাবলৈ দিয়া প্ৰয়োজন, নহ’লে শৰীৰ দুৰ্বল হৈ পৰে আৰু ৰোগ প্ৰতিৰোধক ক্ষমতাও কমি যায়। ১২-১৩ বছৰীয়া ছোৱালীৰ আহাৰত প্ৰ’টিনৰ পৰিমাণ বঢ়াই দিব লাগে মাহে মাহে শৰীৰৰ পৰা যথেষ্ট তেজ ক্ষয় হয় বাবে। তলত এই বয়সৰ ল’ৰা-ছোৱালীৰ আহাৰত কম পৰিমাণৰ খাদ্যবস্তুৰ যোগান ধৰিব লাগিব, তাৰ এটা হিচাপ দিয়া হ’ল।

গাখীৰ- ১০০০ গ্ৰাম,

চাউল- ২৫০ গ্ৰাম,

দাইল- ১২৫ গ্ৰাম,

কণী- ১ টা(আধা সিজা),

মাছ বা মাংস- ১২৫ গ্ৰাম,

ঘি বা মাখন- ৩০ গ্ৰাম,

আটাৰ ৰুটী- ৩/৪ খন,

টাটকা শাক- ১২৫ গ্ৰাম,

টাটকা পাচলি- ১২৫ গ্ৰাম,

ফলমূল সৰহকৈ দিব।

ল’ৰা-ছোৱালীৰ এই বৃদ্ধিৰ সময়ছোৱাত যদি উচিত পৰিমাণৰ খাদ্য দ্ৰব্য যোগান ধৰিব পৰা নাযায়, তেতিয়া ল’ৰা-ছোৱালীৰ বৃদ্ধিৰ গতি মন্থৰ হয়। শাৰীৰিক অৱয়ৱ যথাযথ নহয়। স্মৃতিশক্তি প্ৰখৰ নহয় আৰু উৎসাহ-কৰ্মোদ্যমো কমি যায়। গতিকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল হোৱাৰ বাবে এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ সঠিক যত্ন ল’ব লাগে।

লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)