" ডালিম" সকলোৰে চিনাকি এবিধ টেঙা- মিঠা সুস্বাদু পুষ্টিকৰ ফলেই নহয় - প্ৰকৃতিৰ দান ডালিমৰ ফল,বীজ, ফলৰ বাকলি,পাত ,কলি,গা-গছ বা শিপাৰ চাল আদি সকলো অংশই আমাৰ দেহৰ শতাধিক ৰোগ প্ৰতিৰোধ তথা ৰোগ উপসমকাৰী উৎকৃষ্ট মহৌষধী । অসমত ইয়াৰ উৎপাদন কমবেচি পৰিমানে হয় যদিও ব্যৱসায়িক ভিত্তিত উত্তৰ ভাৰত ,, আফগানিস্থান আদিত যথেস্থ্য পৰিমানে সোৱাদযুক্ত ডালিম উৎপাদন হয়।

পুষ্টিগুণ সমৃদ্ধ উপাদান সমুহ;-

কাৰবোহাইড্ৰেট,এন্টি ওক্সিডেন্ট, কেলচিয়াম পটেচিয়াম, মেগনেচিয়াম, চডিয়াম,আইৰন, ফেট,শৰ্কৰা, ফচফৰাচ,ইলেজিক এচিড, থাইমিন,কপাৰ,ফলিক এচিড, ওমেগা 5,ভিটামিন এ,বি,চি,ই,কে ইত্যাদি ।

ব্যৱহাৰৰ্ মাত্ৰা:- ফলৰ ৰস- বয়স অনুসৰি ১০ৰ পৰা ১০০ মি:লি: পাত, ডালিমৰ বাকলি,শিপা বা গাগছৰ চাল , কলি আদিৰ শুকান চুৰ্ন ২গ্ৰাম-১০গ্ৰাম পানীত উতলাই আধা পানী ৰোৱাত দিনে ২-৩বাৰ খাব । কেচা হলে উল্লেখিত ওজন ৩-৪ গুণ বৃদ্ধি কৰাব পাৰে।

গুণাগুণ -

১। ডালিম ৰক্ত বৃদ্ধিকাৰক । সেয়ে ৰক্তহীনতাত ভোগা সকলো ৰোগীৰ বাবে উত্তম পথ্য । যিকোনো ৰোগত শাৰিৰীক দুৰ্বলতা গুচাবলৈ ডালিম খুবেই উপকাৰী ।
২। ডালিমৰ ৰস বা জুচ উৎকৃষ্ট শীতল পানীয় । গৰমত ইয়াৰ ৰসে দেহ জুৰ পেলোৱাই নহয় ই শক্তি বৰ্ধক, স্মৃতি শক্তি তথা হিমোগ্লোবিন বৃদ্ধিকাৰক, বায়ু ,পিত্ত,কফ জনীত ৰোগ নাশক ।
৩। ডালিমে পাচন ক্ৰিয়া মজবুত কৰে।
পেটৰ যিকোনো ৰোগ - অৰুচি,অজীৰ্ন,আমাশয়, অতিসাৰ ,হাগনি , তেজহাগনি , গেছ বা অম্লতা(acidity) পিত্তৰোগ , অৰ্শ(pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী ।

৪। পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল , ফলৰ বাকলি , পাত,কলি, গাগছ বা শিপাৰ চাল ,, আদি সকলো অংশই মহৌষধ ।
৫। যকৃত(liver) , হৃদপিন্ড(heart) বৃক্ক(kidney) আদিৰ সুৰক্ষাৰ বাবে ডালিম উত্তম ফল ।
৬। সৰু বা ডাঙৰ লৰাছোৱালীৰ নাকেৰে তেজ যোৱা ৰোগ হলে ডালিমৰ এটা ৰঙা কলি (অভাৱত ডালিমৰ ৰস) আৰু কিছু দুবৰিবনৰ ৰস উলিয়াই কাপোৰেৰে চেকি নাকত দিব আৰু ১০টা পাত থেতেলাই গৰমপানী মিহলাই দিনটোত ২বাৰ খুৱাব। নিয়মিত ডালিম ফলৰ ৰস খুৱাব। গৰমৰ বাবে তেজ ওলালে উক্ত দিহাৰ উপৰি ডালিমৰ পাত বা ডালিমৰ বাকলি আৰু দুবৰি থেতেলাই তালুত লেপ দিব । সঘনাই তেজ গলে ৫০ -১০০মি:লি: ডালিমৰ ৰসত কিছু দুবৰিৰ ৰস, নাৰ্জীফুলৰ পাত আৰু ধনিয়া পাতৰ ৰস একেলগে মিহলাই দিনে দুবাৰ খুৱাব।
৭।গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ ।
৯। মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী ।
১০। পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ ।
১১। স্বপ্নদোষ বা ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খোৱাৰ লগতে বাকলিৰ শুকান চুৰ্ন এচামুচ এগিলাচ ঠাণ্ডা পানীৰে শোৱাৰ আগতে খাব ।
১২। শৰীৰত বগাদাগ পৰিলে ডালিম খাব আৰু ৰস + লাল চন্দন লেপ দিব ।
১৩। ঘা,ফোহোৰা,পোৰা ঘা, খজুৱতি আদিত ডালিমৰ পাত বতি লেপ লগাব ।
১৪। মুৰ বিষ ,আধকপালি বিষ,মাইগ্ৰেন পেইন , উচ্চ ৰক্তচ্চাপৰ বাবে হোৱা মুৰৰ বিষ আদিত ডালিমৰ চাল থেতেলাই মুৰত লেপ দিব । নাইবা ডালিম ফুল,আমৰ বেৰী থেতেলাই নাকেৰে শুঙিব পাৰে । ডালিম ফলে উচ্চ ৰক্তচাপ কৰায়।
১৫। চুলি সৰা বন্ধ কৰিবলৈ ডালিমৰ পাত ২৫ গ্ৰাম ১০০ মিলি: সৰিয়হ তেলত ভাজি সেই তেল কিছুদিন মুৰত লগাব ।
১৬। দাঁতেৰে তেজ ওলোৱা , পায়েৰীয়া বা দাঁতৰ অন্যান্য সমস্যাত ডালিমৰ কলি শুকান গুড়িৰে দিনত ৩বাৰ মঞ্জন কৰিব ।
১৭। মুখৰ দুগন্ধ গুচাবলৈ ডালিমৰ বাকলি বা পাত সিজোৱা পানীৰে কুলকুলিয়াব আৰু দিনে দুবাৰ সেই পানী এঢোককৈ খাব ।
১৮। বাৰে বাৰে প্ৰস্ৰাৱ কৰা (বহুমূত্ৰ) ৰোগত বাকলিৰ এক চামুচ চুৰ্ণ পানীত মিহলাই দিনে
তিনি বাৰ খাব ।
১৯ । চকুৰ বিষ আৰু ৰাতি নেদেখা (কুকুৰিকণা) ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত পাতল কাপোৰ দি লেপ দিলে উপসম হয়।
২০। কানেৰে কম শুনা ব্যক্তিয়ে ডালিমৰ ৰস+ বেলপাতৰ ৰস+ ঘি+মিচিৰি মিহলাই দিনে ২বাৰ খালে শ্ৰবন শক্তি বৃদ্ধি হয় ।
ইয়াৰোপৰি হিষ্টিৰীয়া, মৃগী ,ৰক্ত বিকাৰ,মুৰ্চাৰোগ, টায়েফয়েড, ৰক্ত বমন , মেদ বহুলতা, হাড়ৰ বিষ ,গাথি বিষ আদি নানাবিধ ৰোগৰ উপৰি ৰোগজনীত শাৰিৰীক দুৰ্বলতাৰ বাবে ডালিম উত্তম ফল ।

লেখক : যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ