লাহে লাহে শীত নামি আহিছে। এই দিনকেইটাত বজাৰত উভৈনদী হৈ পৰি থকা সেউজীয়া আৰু ৰঙ বিৰঙী বিবিধ পাচলিয়ে মোক খা মোক খা কৰি থাকে। চালাড, চাটনিৰ জুতি লোৱা বতৰ। পৃথিৱীৰ সকলো দেশৰে খাদ্য সম্ভাৰত নানা তৰহৰ শাকপাচলি থাকেই। আমি খোৱা ভাতসাজৰ লগত আমাৰ পছন্দ অনুসৰি এখন বা ততোধিক ভাজি বা তৰকাৰী, বিভিন্ন ধৰণেৰে বনোৱা চাটনি, চালাড আদিয়ে প্ৰধানকৈ থাকে। তাৰোপৰি মাছৰ জোল বনাওঁতে আমি জিকা, লাও, বিলাহী, পালেং, লফা, চুকা, টেঙামৰা, নৰসিংহ, ভেদাইলতা আদি আৰু মাংস বনাওঁতেও কোমোৰা, অমিতা, ৰঙালাও আদি পাঁচলিৰ ব্যৱহাৰ কৰো। আমি সকলোৱেই জানো যে আমি খাই থকা এই শাকপাচলি বোৰে আমাক স্বাস্থ্যৱান কৰি ৰাখে আৰু বহুতো ৰোগৰ পৰা বচাই ৰাখে। অৱশ্যে বজাৰৰ পাচলিত কীটনাশক, ৰাসায়নিক সাৰৰ প্ৰয়োগে আমাক ভয়াবহ সংকটৰ পিনে লৈ গৈছে। সেয়েহে জৈৱিক পদ্ধতিৰে কৰা শাক পাচলিৰ প্ৰতি সকলো আকৰ্ষিত হৈছে। কিছুসংখ্যক উদ্যমী লোকে ঘৰতে সৰুকৈ হলেও এখন শাকনি বাৰী কৰিবলৈ লৈছে যিটো অত্যন্ত প্ৰশংসনীয়। ঘৰতে কৰা সতেজ শাকপাচলিৰ সোৱাদেই বেলেগ আৰু ইয়াৰ গুণাগুণো বেছি। আমি খোৱা শাকপাচলিসমূহৰ ভিতৰত সেউজীয়া পাতশাক যেনে- লাই, পালেং, খুঁতৰা, ধনীয়া আদি, গাজৰ, বীত, বিন, বেঙেনা, সেউজীয়া মটৰ, কেপচিকাম আদি বিভিন্ন ৰঙীন পাচলিয়েই প্রধান। প্ৰকৃতিৰ বুকুত হোৱা এইবোৰ পাচলিয়ে উৎকৃষ্ট গুনেৰে আমাৰ স্বাস্থ্য ৰক্ষা কিদৰে কৰে অলপ চাওঁচোন আহক। সেউজীয়া শাকপাচলিত কেলৰিৰ পৰিমাণ কম আৰু আঁহ থাকে বাবে কলেষ্টৰল, নানা প্ৰকাৰৰ হৃদৰোগ, মেদবহুলতা আদি সমস্যা ৰোধ কৰাত সহায় কৰে। আঁহ যুক্ত শাকপাচলি খালে কৌষ্ঠকাঠিন্য সমস্যা নিৰ্মূল হয়। আঁহযুক্ত পাচলি খালে আমাৰ পেট সোনকালে ভৰি যায়। সেইবাবে ভাতৰ পৰিমাণ কমাই পাচলিৰ পৰিমাণ বঢ়ালেও ভোক গুচি যায়। মেদবহুলতা, কলেষ্টৰল সমস্যাত ভোগা লোকে বা ডায়েটত থকা লোকে কম পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু ফেত থকা খাদ্য খাব লাগে আৰু বেছি পৰিমাণে শাক পাচলি খাব লাগে। শাকপাচলিত প্ৰচুৰ পৰিমাণে - এন্টিঅক্সিডেন্ট, ভিটামিন A, ভিটামিন K, ভিটামিন C আইৰণ, ফলিক এচিড, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ আদি অত্যাৱশ্যকীয় খনিজ পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী তত্ব। ভিটামিন K ই আমাৰ শৰীৰৰ কটা ঘাঁ শুকুৱাত সহায় কৰে। ই অষ্টিওকেলচিন নামৰ পদাৰ্থ বিধৰ উৎপাদনত সহায় কৰে যাৰ বাবে ই- হাড়ৰ ঘনত্ব কমি যোৱাত বাধা দিয়ে, অষ্টিওপৰ'চিছ, অষ্টিওআৰথ্ৰাইটিছ হোৱাত বাধা প্ৰদান কৰে। ভিটামিন K ৰ উৎস আলু, পালেং, ব্রকলি, বীত আদি। পালেং শাক, বীত, ব্রকলি, ফুলকবি, নেমু আদিত ফলিক এচিড পোৱা যায়। ফলিক এচিডে ৰক্তহীনতা দূৰ কৰে। গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশ সঠিক ভাবে হবলৈ গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিডযুক্ত খাদ্যৰ প্ৰয়োজন বেছি। ৰঙীন শাকপাচলিত বিশেষ কিছুমান এন্টিঅক্সিডেন্ট থাকে যাক পলিফেনল বুলি কোৱা হয়। এইবোৰে- উচ্চ ৰক্তচাপ, ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণ নাইবা বেমাৰৰ পৰা আমাক ৰক্ষা কৰে। শাক পাচলিত থকা এন্টিঅক্সিডেন্ট সমূহ হৈছে যেনে- সেউজীয়া পাচলিত থকা জিজেনথিন (zeaxanthin), গাজৰত থকা বেটা কেৰ'টিন, বিলাহীত থকা লাইক'পিন, ব্রকলি, সেউজীয়া মটৰ, পালেংত থকা লিউটিন(lutein) আদি। গাজৰত থকা বিতা কেৰোটিন পৰা আমাৰ শৰীৰে ভিটামিন A উৎপাদন কৰে। ই দেহৰ- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, চকুৰ বাবে উপকাৰী আৰু ছাল চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰে। বিলাহীত থকা লাইক'পিন চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। লিউটিন, জিজেনথিন দুয়োটা চকুৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। সেউজীয়া ৰঙৰ পাচলিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ফ্লেভনয়ডছ আৰু আইৰণ, কেলচিয়াম আদি বিভিন্ন খনিজ পোৱা যায়। ঠিক তেনেকৈ ডাঠ সেউজীয়া বা অন্য ৰঙৰ পাচলি ব্রকলি, বন্ধাকবি আদিত কোৱেৰচেটিন(quercetin) নামৰ বাইওফ্লেভনয়ডছ পোৱা যায় যি আমাৰ শৰীৰত হোৱা প্ৰদাহ বা ইনফ্লেমেচন ৰোধ কৰে, কেন্সাৰ প্ৰতিষেধক হিচাবে কাম কৰে আৰু এলাৰ্জি জনীত সমস্যা ৰোধ কৰে। এই কুৱেৰচেটিন থাইৰয়ডৰ বাবে অপকাৰী বাবে থাইৰয়ড সমস্যা থকা ৰোগীক এইবোৰ এইবোৰ পাচলি খাবলৈ মানা কৰা হয়। পিয়াজ, নহৰু আদিত এলিল ছালফাইডছ পোৱা যায় যিয়ে- উচ্চ ৰক্তচাপ, কলেষ্টৰল নিয়ন্ত্ৰণ কৰে, ফ্ৰী ৰেদিকেলৰ প্ৰতিকূল প্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে আৰু কেনচাৰ প্ৰতিষেধক হিচাবেও কাম কৰে। পিয়াঁজৰ পাতত ভিটামিন A, ভিটামিন C পোৱা যায়। ইয়াত থকা আঁহৰ, এলিল ছালফাইডৰ বাবে ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, ডায়েবেটিচ ৰোগ প্ৰতিৰোধ কৰে। ভিটামিন C আৰু অন্য এন্টিঅক্সিডেন্টৰ বাবে হাৰ্টৰ সুৰক্ষা কৰে। শাকপাচলি খোৱাৰ নিয়ম - শাকপাচলি বেছিকৈ সিজালে বা বেছি তেলত ভাজি খালে এইবোৰ উপকাৰী গুণসমূহ কমি যায়। আমাৰ দেশত শাকপাচলি খোৱাৰ নিয়মটো ইমান স্বাস্থ্যসন্মত নহয় কাৰণ আমি বেছিকৈ তেলত ভাজি খাওঁ। অৱশ্যে উত্তৰ পূৱৰ খাদ্য সম্পূৰ্ণ বিধিসন্মত। ইউৰোপ, আমেৰিকা, চীন, থাইলেণ্ড, আদি দেশতো শাকপাচলিবোৰ কমকৈ বইল কৰি, কম তেল বা বিনা তেলত বনাই বা চালাড হিচাপে খোৱা দেখা পোৱা যায়। ৰাতিপুৱাই হওক বা ৰাতিয়েই হওক এসোপা পাচলি খোৱাটো তেওঁলোক প্ৰতিজন ব্যক্তিৰে এটা অভ্যাস। অত্যাধিক তেলত ভাজি নাখাই কম তেলত ভাজি নাইবা বইল কৰি খালে আমি পুষ্টিখিনিৰ পৰা বঞ্চিত নহওঁ। আমাৰ প্রিয় কেঁচা চাটনিখন বা চালাডৰ প্লেটখন সেয়েহে পুষ্টিৰে ভৰপূৰ। অৱশ্যে বজাৰৰ শাকপাচলিৰ চালাড বনাওঁতে বিশেষ সতৰ্কতা লোৱা উচিত। বজাৰৰ পাচলিৰ পৰা বনোৱা কেঁচা চালাডৰ পৰা পেলু বা অন্য পৰজীৱীৰ সংক্ৰমণ হোৱাৰো সম্ভাৱনা নথকা নহয়। বিশেষকৈ গাজৰ, মূলা, বন্ধাকবি আদিৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত। লেখিকা: ডাঃ ৰেইনী দেৱী উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং- 7399114617