যি আহাৰত খাদ্যৰ সকলোখিনি উপাদানেই সন্নিৱিষ্ট হৈ থাকে তাকে আমি সন্তুলিত আহাৰ বুলি কওঁ। খাদ্য সদায় সতেজ, বিশুদ্ধ হ’ব। আমি পৰাপক্ষত বাহী বস্তু, অতি গৰম বা অতিপাত ঠাণ্ডা আহাৰ গ্ৰহণ কৰিব নালাগে। তদুপৰি যি আহাৰেই গ্ৰহণ নকৰো কিয় সম্পূৰ্ণ পেট ভৰাই খোৱা অনুচিত, অলপ পেট খালী ৰাখিহে খাব লাগে।

তেতিয়া আমাৰ পাকস্থলীয়ে কষ্ট নাপায় আৰু সহজতে হজম হয়। বেছি মচলা থকা, অতিপাত জলা, ঘিউ, মাখন বা অত্যধিক তেলযুক্ত খাদ্য পৰাপক্ষত কমকৈ গ্ৰহণ কৰা শ্ৰেয়। কিয়নো এনেবোৰ খাদ্য আমাৰ পাকস্থলীয়ে সহজতে হজম কৰিব নোৱাৰে। আঁহজাতীয় খাদ্য আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কাৰণ ই আমাৰ ভোক কমোৱাৰ লগতে উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, হৃদৰোগ, বহুমূত্ৰ আদি ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে।

সতেজ শাক-পাচলি, যেনে-

*জিলমিল শাক,

*খুতুৰা শাক,

*কলমৌ শাক,

*মূলা শাক,

*ধনিয়াৰ পাত,

*গাজৰ,

*ৰঙালাও,

*বীট,

*ওলকবি,

*পালেং শাক,

*পদিনাৰ পাত,

*মৰিচা শাক ইত্যাদিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’পোৱা যায় বাবে কুকুৰিকণা আদি ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায়।

কাজি নেমু, ক’লা জামু, ডালিম, ক’লা তুলসীৰ পাত, মিথিগুটি বা মিথি শাকৰ কুলমীয়া পাত, অমৰা, মছন্দৰি, মানিমুনি, টেঙেচি শাক, শুকলতি, চিৰতা, টেঙা দৈ আদিয়ে আমাৰ পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। তদুপৰি আমি সপ্তাহত এবাৰকৈ হ’লেও লৌহজাতীয় দ্ৰব্য থকা আহাৰ খোৱা উচিত। কাৰণ ই শৰীৰত হিম’গ্লবিন তৈয়াৰ কৰি ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে।

*পচলা,

*কলডিল,

*অমিতা,

*ক’লা জামু,

*কচু,

*কাঁচকল,

*চজিনা,

*নাচপতি,

*খেজুৰ,

*কুঁহিয়াৰৰপৰা তৈয়াৰ কৰা গুড়,

*বেঙেনা,

*গাজৰ আদিত বহুল পৰিমাণৰ লৌহজাতীয় পদাৰ্থ পোৱা যায়।

যিসকল মানুহ শকত বা শকত হোৱাৰ প্ৰবৃত্তি আছে তেনে লোকসকলে খাদ্যপ্ৰাণ ‘গ’ থকা বস্তু খাব লাগে। যেনে- নেমুটেঙাৰ ৰস, চজিনাৰ পাতৰ ৰস আদি খাব লাগে।

কাৰণ ই আমাৰ শৰীৰত উৎপন্ন হোৱা কলেষ্টেৰ’লক বাইল এচিডলৈ ৰূপান্তৰ কৰে। নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰা উচিত। পুৱা আৰু গধূলি অতি কমেও ২৫-৩০ মিনিট সময় খোজকাঢ়িব লাগে।

আঁহজাতীয় খাদ্য বেছিকৈ খাব পাৰিলে ভাল। কাৰণ এনেধৰণৰ আহাৰে আমাৰ ভোক কমাই আৰু পেটো ভৰে। প্ৰয়োজনতকৈ অধিক আহাৰ গ্ৰহণ কৰা উচিত নহয়।

লেখিকা: অপৰাজিতা ভূঞা(দৈনিক অসম)