সুস্বাদু ফল কমলাৰ আছে অনেক স্বাস্থ্য উপাকৰী গুণ। যিবোৰক ঔষধি গুণ বুলি ক’লেও ভূল কোৱা নহ’ব। ফলবিধৰ উপকাৰিতা তলত দিয়া ধৰণৰ- কমলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘চি’ থাকে, যিয়ে পাকস্থলীৰ কোষসমূহক অধিক কাৰ্যক্ষম কৰি তোলে। ফলস্বৰূপে হজমশক্তি বৃদ্ধি পায়। তেজত কেলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে কমলা খোৱাৰ ফলত হৃদৰোগ সম্ভাৱনা বহু পৰিমাণে কমি যায়। বিভিন্ন ধৰণৰ পাচক ৰস নিঃসৰণত কাৰ্যকৰী ভূমিকা লোৱাৰ বাবে কোষ্ঠকাঠিন্য দূৰ হয়। গেষ্ট্ৰিক আৰু আলচাৰ ৰোগ নিৰাময় হয়। কমলাৰ ৰসে বৃক্কত কেলচিয়াম অক্সালেট অৰ্থাত্ কিডনীৰ পাথৰ হোৱাৰ সম্ভাৱনা দূৰ কৰে। সেয়েহে কমলা বেছি খোৱাটো বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী। ছাল সতেজ আৰু নিমজ কৰাতো আছে কমলাৰ গুৰুত্বপূৰ্ণ ভূমিকা। উৎস: নিয়মীয়া বাৰ্তা।