এটি সু-স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য অত্যন্ত প্রয়োজন। প্রকৃতিয়ে আমাক এনে বহুতো পুষ্টিকৰ খাদ্যসম্ভাৰ দিয়ে, যাৰ দ্বাৰা আমি সুস্থ হৈ থাকিব পাৰোঁ। আমি এই খাদ্যবোৰ, যেনে— ফলমূল, শাক-পাচলি আদি আমাৰ ঘৰৰ বাৰীতে হওক, বাৰীৰ চাৰিওফালে থকা হাবি-বননি, পথাৰতে দেখা পাওঁ। যিবোৰ খালে আমাৰ শৰীৰত পুষ্টি সাধন কৰে লগতে ছাল, চুলি সুন্দৰকৈ ৰখাত সহায় কৰে। এইবোৰৰ বহুতো ঔষধি গুণ আছে। আমি প্রকৃতিৰ এই দানক আঁকোৱালি ল’বই লাগিব। ই সহজ লক্ষ্য আৰু ইয়াৰ কোনো পার্শ্ব প্ৰতিক্ৰিয়া নাই। আজি তেনে কিছু খাদ্যৰ বিষয়ে আলোচনা কৰিম। সেইবোৰ হ’ল— কলডিল: ই নিম্ন ৰক্তচাপ ভাল কৰে। তেজ পৰিষ্কাৰ কৰে। তেজ বৃদ্ধি কৰে, গ্ৰহণী আদি ৰোগ ভাল হয়। অমৰা: অমৰা খালে শৌচ খেলোচা হয়, পেটৰ বেমাৰ নোহোৱা হয়। আমলখি: আমলখি খালে মেদবহুলতাৰ পৰা হাত সাৰিব পাৰি। অমিতা: বয়সৰ চাপ কমোৱাত ই সহায় কৰে। ই শৌচ খোলোচা কৰে। শালমইনা হোৱাৰ পৰা ৰক্ষা কৰে। কল: খুব দুর্বল বা ভাগৰ লাগিলে পকা কল খালে শক্তি পায়। ইয়াক ছালত লগালে ছাল মিহি আৰু কোমল হয়। নিমপাত: পেটৰ কৃমি হ’লে নিমপাত খালে সুফল পোৱা যায়। ছালৰ খজুৱতি, শালমন আদিত প্রয়োগ কৰিলে সুফল পোৱা যায়। দুপৰ টেঙা: প্রেছাৰৰ সমস্যা, জণ্ডিচৰ সমস্যাৰ বাবে দুপৰ টেঙা অতি উপকাৰী। টেঙেচি: দেহৰ জঠৰতা, অলসতা দূৰ কৰে। গ্ৰহণী ৰোগ ভাল হয়। হজম শক্তি বঢ়ায়, প্ৰস্ৰাৱৰ অসুখ দূৰ কৰে। দোৰোণ শাক : এই শাক খালে ছাইনাছ, মূৰৰ বিষ ভাল হয়। পেট খোলোচা হয়, এই পাতৰ ৰসে হজম সহজে কৰে। মানধনিয়া: স্মৃতিশক্তি বৃদ্ধি কৰে। মৃগী ৰোগীৰ বাবে উপকাৰী, স্নায়ু দুর্বল ৰোগ নিৰাময়ত সহায় কৰে। নৰসিংহ: দাঁত, আঁঠুৰ বিষ, হাড়, মাংসপেশীৰ বিষৰ বাবে উপকাৰী, তেজ বৃদ্ধি কৰে, লগতে হজম শক্তি বৃদ্ধি কৰে। ব্ৰাহ্মী শাক: স্মৰণ শক্তি বৃদ্ধি কৰে, উচ্চ চাপ, জ্বৰ, বসন্ত আদিৰ বাবে উপকাৰী, এই শাকৰ ৰস তেলত মিলাই লগালে চুলি সৰা বন্ধ হয়। লেখিকা: পুল্কি কলিতা, দৈনিক জনমভূমি।