ঘৰুৱা দ্ৰব্য হিচাবে হালধিৰ ব্যৱহাৰ সম্পৰ্কে আমি সকলোৱে জানো। ইয়াৰ ঔষধি আৰু সৌন্দৰ্য বৰ্দ্ধক গুণ সম্পৰ্কে আধুনিক বিজ্ঞানে গৱেষণাৰ জৰিয়তে বহু কথাই উদ্ভাৱন কৰিছে। ৰন্ধন-প্ৰকৰণত হালধিৰ ব্যৱহাৰ অবিহনে খাদ্যবস্তু ৰঙহীন আৰু বিস্বাদযুক্ত যেন হয়। হালধি ইমান লোক প্ৰিয় যে ধনী-দুখীয়া সকলোৱে ইয়াক সমান ভাৱে প্ৰয়োগ কৰে। ইয়াৰ ব্যৱহাৰৰ ফলত আহাৰ দেখিবলৈ সুন্দৰ হয় আৰু ভোজনৰ প্ৰতি আগ্ৰহ বাঢ়ে। হালধি মছলা জাতীয় দ্ৰব্য ৰুপে ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰ্মীয় তথা পৰম্পৰাগত উৎসৱ-অনুষ্ঠান আৰু চিকিৎসা কৰ্মতো বহুযুগ ধৰি ব্যৱহৃত হৈ আহিছে। বিভিন্ন নাম বিভিন্ন ভাষাত হালধিৰ নাম বিভিন্ন। উৰ্দু আৰু হিন্দীত হলডী, সংস্কৃত- হৰিদ্ৰা, ৰজনী, নিশা, গৌৰী, পীতা, কাঞ্চনী, হেমৰাগিনী, মেহধ্নী; পাঞ্জাবী- হলধৰ হলধৰ, হলধৰ; বাংলা- হলদী, হলুদ, পীতৰাস; গুজৰাটী- হলধৰ; মাৰাঠী- হলদ, ফাৰ্চী- জৰ্দচোব, দৰজাৰ্দী; আৰবী- কুৰকম, উৰুকুছফৰ; তেলেগু- পম্পী, পীপী; কন্নড়- আৰীনা, তামিল- মঞ্জল, ইংৰাজী- টাৰমাৰিক, লেটিন- কাৰকুমা লেঙ্গোলিন (Curcuma longalinn) উদ্ভিদ কুল- আৰ্দ্ৰক কুল। প্ৰাপ্তি স্থান- হালধি উৎপাদনৰ ক্ষেত্ৰত ভাৰতত অন্ধ্ৰপ্ৰদেশৰ স্থান প্ৰথম। দ্বিতীয় স্থানত তামিলনাডু আৰু মহাৰাষ্ট্ৰ। বিহাৰ, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, অসম আদিকে ধৰি ভাৰতৰ সৰ্বত্ৰতে কম বেছি পৰিমাণে হালধি উৎপাদন হয়। পৃথিৱীৰ প্ৰায়বোৰ উষ্ণপ্ৰধান অঞ্চলত ইয়াৰ খেতি বেছিকৈ কৰা হয়। ভাৰত, চীন আৰু ৱেষ্ট ইণ্ডিজত হালধি সৰ্বাধিক উৎপাদন হয়। বৰ্ণনা যি হালধি আমি দৈনিক প্ৰয়োগ কৰো, সেই অংশ মাটিৰ তলত উৎপাদন হয়। মাটিৰ তলৰ শিপাত সৰু আৰু দীঘলীয়া হালধিৰ গোট ওলমি থাকে। মাটিৰ ওপৰত গছৰ পাতবোৰহে দেখিবলৈ পোৱা যায়। হালধি বহুৰ্ষায়ু স্বভাৱৰ, কোমল কাণ্ডীয় (Perennial Berb) দুই অথবা তিনি ফুট ওখ গছ হয়। দেখিবলৈ আদা গছৰ দৰে। শাখাবোৰ সৰু আৰু পাতবোৰ থোপ খোৱা হয় আৰু ৩০ ৰ পৰা ৪৫ চে: মি: দীঘল হয়। পত্ৰনল প্ৰায় পত্ৰফলকৰ সমান তথা কোষাকাৰ হয়। পত্ৰফলক ৰুপ-ৰেখাৰ ফালৰ পৰা আয়তাকাৰ আগলৈ সৰু হয়। ইয়াৰ ফুল হালধীয়া, পুষ্পবাহক দণ্ড ৬ ইঞ্চিলৈ দীঘল হয়। ভৌমিক কাণ্ড গাঁঠি থকা হয় আৰু ইয়াৰ পৰা সূত্ৰাকাৰ শিপা ইলায়। প্ৰায় ৮-১০ মাহৰ ভিতৰত ফচল উৎপাদন হয়। হালধি আগষ্ট মাহত ৰোৱা হয় আৰু জানুৱাৰী-ফেব্ৰুৱাৰী মাহত উঠোৱা হয়। যেতিয়া ওপৰৰ পাতবোৰ শুকাই হালধীয়া হৈ পৰে তেতিয়া কাণ্ডবোৰ খান্দি তোলা হয়। ইয়াৰ পিছত সৰ্বনিম্ন ৩০ মিনিট সময়ৰ পৰা সৰ্বোচ্চ ৩ ঘণ্টালৈ পানীত সিজাই ৰ’দ বা ছাঁত শুকুওৱা হয়। শুকুৱা হালধীৰ টুকুৰাবোৰৰ ওপৰৰ ক’লা ছালবোৰ এৰুৱাই চফা কৰি গুৰি কৰা হয়। হালধিৰ মুখ্য কাণ্ড প্ৰায় গোলাকাৰ গাঁঠি যুক্ত হয়, য’ত সৰু আঙুলিৰ দৰে দীঘল শাখাবোৰ লাগি থাকে। ব্যৱসায়ী সকলে প্ৰায়ে এই দুই প্ৰকাৰৰ কাণ্ড বেলেগে বেলেগে বিক্ৰী কৰে। দীঘল হালধিৰ কাণ্ড গোল বিধতকৈ ভাল বুলি গণ্য কৰা হয়। হালধি দুই ধৰণৰ হয়- এবিধ পাতল আৰ উদীঘল আৰু আনবিধ গোল আৰু শকত। প্ৰথম বিধ খাদ্য হিচাপে আৰ উদ্বিতীয় বিধ সৌন্দৰ্য চৰ্চাত বেছিকৈ ব্যৱহাৰ হয়। হালধিক সৌভাগ্য আৰু মংগলৰ প্ৰতীক ৰুপে গণ্য কৰা হয় আৰু বিবাহৰ দৰে মাংগলিক কৰ্মত তামোল-পাণৰ দৰে হালধিকো এবিধ তত্ত্ব হিচাবে ব্যৱহাৰ কৰা হয়। হালধিৰ শুকান গাঁঠিত ৫.৮ শতাংশ তেল থগাকে আৰু কেঁচা বিধত ০.২৮ শতাংশ তেল থাকে। ইয়াক জেঞ্জব্ৰীন বোলা হয়। এই তেল কীটাণুনাশক আৰু বায়ু নিবাৰক। ইয়াত শতকৰা ৬.৩ ভাগ প্ৰোটিন, ৬৯.৪ ভাগ কাৰ্বোহাইড্ৰেট, ৫.১ ভাগ চৰ্বি আৰু ভিটামিন ‘এ’ পোৱা যায়। এইবোৰৰ উপৰিও হালধিত কিছু পৰিমাণে কেলচিয়াম, লো, ভিটামিন ‘বি’ আৰু ‘চি’ পোৱা যায়। উত্তম হালধিত জ্বলনশীল তেল শতকৰা ৪০ ভাগ থাকে। হালধিত কৰকুমিন (C21 H20 O4) নামৰ সফটিকীয় স্বৰুপৰ পীতৰঞ্জক পদাৰ্থ পোৱা যায় আৰু ই এলকহলত দ্ৰৱীভূত হয় তথা দ্ৰৱণ গাঢ় হালধীয়া বৰণৰ হয়। ক্ষাৰৰ সংস্পৰ্শত উক্ত দ্ৰৱীভূত পদাৰ্থ মুগা বৰণৰ হয়। হালধিত অতিৰিক্ত ভাৱে শতকৰা ২৪ ভাগ ষ্টাৰ্চ আৰু শতকৰা ৩০ ভাগ এলবুমিন জাতীয় পদাৰ্থও পোৱা যায়। গুণ আৰু ধৰ্ম হালধি সোৱাদত কঢ়া, উৎকট, কেঁহা আৰু স্বভাৱত উষ্ণ। শৰীৰৰ ভিতৰৰ বিষ-যন্ত্ৰণা তথা সংক্ৰমণ দূৰ কৰাত ইয়াৰ বিশেষ গুণ আছে ই অৰুচি ৰোধক, শোথ, পাণ্ডু, কৃমি আৰু অজীৰ্ণনাশক। যকৃতৰ দোষ আৰু চৰ্ম ৰোগতো লাভ জনক। আৰ্যুবেদত হালধিৰ গুণ বৰ্ণাই কোৱা হৈছে যে, ই ৰক্তশোধক, কফনাশক, কৃমিনাশক, পিত্তনাশক, বিষনাশক, বায়ুনাশক, ৰক্তদোষহৰণ কৰোতা আৰু পাচন প্ৰদীপ্ত কৰোতা এক উৎকৃষ্ট দ্ৰব্য। কাঞ্চনৰ দৰে দেহ পোৱা বাবে ইয়াৰ নাম কাঞ্চনী। নামৰ দৰে গুণতো ই সোণৰ দৰে। শৰীৰক সোণৰ দৰে মূল্যবান কৰি তোলে। ইয়াৰ গুজৰাটী আৰু পাঞ্জাবী নাম ‘হলধৰ’ শব্দই এই সংকেত দিয়ে যে, হাল চলোৱা আৰু হাল ধাৰণ কৰা সকলক ই৮ বজ্ৰৰ দৰে সুদৃঢ়, সুডৌল, সুঠাম ৰুপে গঢ়ি তোলে। সোৱাদ আৰু সোগন্ধিৰ উপৰিও হালধিয়ে অপাৰ শক্তি প্ৰদান কৰে। নপুংসকতা, ৰুচি, আলস্য, বৃদ্ধত্ব দূৰতে বিদূৰ কৰে। হালধিৰ বিশেষত্ব এয়ে যে ই তেজ পৰিষ্কাৰ কৰি শৰীৰৰ বিষ বাহিৰলৈ উলিয়াই দিয়ে। পাচকগুণ সম্পন্ন হোৱা বাবে খাদ্য বস্তু সহজে হজম কৰায়, শীঘ্ৰে ৰক্ত উৎপন্ন কৰে। য়ুনানী চিকিৎসাত হালধি কঢ়া, শান্তি দায়ক, ঘা পকাই দিয়া, যকৃতৰ বিকৃতি নাশ কৰা আৰু জণ্ডিচ ৰোগত লাভপ্ৰদ বুলি কোৱা হৈছে। বয়োবৃদ্ধ সকলে সকলো ধৰণৰ আঘাতত ইয়াক ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু গভীৰ আঘাত প্ৰাপ্ত হ’লে গাখীৰৰ সৈতে হালধিৰ ৰস পৰ্যাপ্ত মাত্ৰাত গৰম কৰি খালে বিষ আৰু উখহাৰ ভয় আতঁৰ হয়। ভাৰতৰ বিভিন্ন বিশেষজ্ঞই হালধিৰ গুণ সম্পৰ্কে বহু বছৰ ধৰি অনুসন্ধান চলাই এই মত প্ৰকাশ কৰিছে যে হালধিত বিভিন্ন ৰোগ দূৰ কৰাৰ গুণ নিহিত হৈছে। ডাঃ বাচ নামৰ এগৰাকী চিকিৎসকৰ মতে, হালধিত পেনিচিল তথা ষ্ট্ৰেপ্টেমাইচিনৰ দৰে কীটাণুনাশক গুণ আছে। ই গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগ্ৰ্টিভ নামৰ কেইবা প্ৰকাৰৰ কীটাণু ধ্বংস কৰিব পাৰে। ডাঃ শংকৰ নামৰ এগৰাকী চিকিৎসকে এশ চৌধ্য গৰাকী হাওঁফাওঁ ৰোগীক হালধি সেৱনেৰে চিকিৎসা চলাইছিল। হাঁপানি, ব্ৰঙ্কাইটিচ ৰোগীক তেওঁ চাৰিৰ পৰা বত্ৰিছ গ্ৰাম মাত্ৰাৰ গুড়ি হালধি দিনটোত কেইবাটাও মাত্ৰাত ভগাই ৰোগীক সেৱন কৰাইছিল। ইয়াৰ ফলত ৰোগী সকলৰ এনে ৰোগ আতঁৰ হৈছিল। ডাঃ গৰ্গ নামৰ এগৰাকী চিকিৎসকে নিগনি আৰু গিনিপিগৰ ওপৰত পৰীক্ষা চলাই প্ৰতি পন্ন কৰিছিল যে, হালধিৰ ৰসত গৰ্ভ ইৰোধক গুণ আছে। সাধাৰণ ভাৱে হালধিৰ চাৰিটা প্ৰকাৰ ভেদ আছে। বন হালধি, কৰ্পূৰ হালধি, ঔষধি হালধি আৰু সাধাৰণ হালধি। এই চাৰিবিধ হালধিৰ ভিতৰত সকলোতকৈ মূল্যবান আৰু উপযোগী হালধি বিধ হ’ল আমি প্ৰতিদিনে ব্যৱহাৰ কৰি থকা হালধি বিধ। এই বিধ হালধিৰ বিষয়েইয়াত বৰ্ণনা কৰা হৈছে। বাস্তৱত স্বাস্থ্যৰ দৃষ্টিৰে ইয়াৰ গুণ দেখিলে মুগ্ধ হ’ব লাগে। আৰ্যুবেদত ইয়াক ঘৃত, তেল আসব, অৰিষ্ট তথা চূণৰ লগত ইয়াৰ মিশ্ৰণ ঘটাই অনেক ৰোগত ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। পাৰদ সংহিতাত ইয়াক সৰ্বগুণ সম্পন্ন হিচাপে উল্লেখ কৰি এবছৰলৈ হালধি আৰু গাখীৰৰ প্ৰয়োগ কৰি সুস্বাস্থ্য বজাই ৰখাৰ উপদেশ দিয়া হৈছে। হালধিৰ টুকুৰা পিহি কাপোৰত বান্ধি দাঁতৰ তলত থৈ দিলে দাঁতৰ বিষ দূৰ হয়। হালধি, নিমখ আৰু সৰিয়হৰ তেলৰ মিশ্ৰেণেৰে প্ৰতিদিনে দন্তমঞ্জন কৰিলে দাঁতৰ ৰোগ নহয়। ধাৰ্মিক দৃষ্টিৰ পৰা হালধিৰ গুৰুত্ব ইমানেই বেছি যে, শুভ কাৰ্যত িয়াৰ স্থান সৰ্বপ্ৰথম। পুত্ৰ সন্তান ওপজাৰ লগে লগে বহু সমাজত হালধি আৰু চাউলেৰে শুভাশীষ জনোৱা হয়। বিবাহৰ পূৰ্বে বৰ-কন্যা উভয়কে হালধিৰ লেপন লগাই নোওৱা হয়। পূজা, যাগ-যজ্ঞত হালধি অত্যাৱশ্যকীয় দ্ৰব্য। শ্ৰীমদভাগৱত গীতাত উল্লেখ আছে যে, ভগৱান কৃষ্ণৰ জন্মৰ সময়ত গোপবধূ সকলেহালধি, তেল মিহলোৱা পানীৰে আনন্দ উৎসৱ কৰিছিল। দেৱী দুৰ্গা পূজনতো এই বুলি ইয়াক প্ৰয়োগ কৰে- হৰিদ্ৰা ৰচিতে দেৱী সুখ সৌভাগ্য দায়িনী। তস্মাত্বাং পূজ্যাভ্যত্ৰ সুখং শান্তি প্ৰয়চ্ছমে।। সৌন্দৰ্য চৰ্চাতো হালধিৰ বিকল্প আন একো নাই। অকমান পিহি লোৱা হালধি, অলপ তেল আৰু পানী মিহলাই ছালত লগালে ছাল সুন্দৰ হৈ পৰে। শুদ্ধ ঘিউৰ লগত হালধি মিহলাই স্নানৰ পূৰ্বে দেহত লগালে দেহৰ উজ্জ্বলতা দুগুণে বাঢ়ে। হালধি আৰু গাখীৰৰ সৰ মিহলাই মুখত লগালে ছাল কান্তিময় আৰু আকৰ্ষক হৈ পৰে। বেচনত সামান্য হালধি আৰু সামান্য গুৰি কৰ্পূৰ মিহলাই এফোঁটা বা দুফোঁটা সৰিয়হৰ তেল অথবা পানী দি ছালত লগালে ছালৰ ৰং উজ্জ্বল হৈ সৌন্দৰ্য বৃদ্ধি হয়। ৰক্তদোষৰ বাবে ঘা-ফোঁহা হ’লে আহাৰত পৰ্যাপ্ত মাত্ৰাত হালধি ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। বাতৰ প্ৰকোপৰ বাবে মূৰৰ বিষ হ’লে হালধি পানীৰ সৈতে পিহি মূৰত ভৰণ ল’লে আৰাম পোৱা যায়। চৰ্দি, কফত হালধিয়ে সুফল দিয়ে। হালধি গাখীৰত উতলাই গুড়ৰ সৈতে সেৱন কৰিলে নাকেৰে পানী ওলাই মূৰৰ গধূৰ ভাব নাইকিয়া হয়। প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে প্ৰস্ৰাৱৰ বেদনাযুক্ত, সঘন আৰু পৰিমাণত কম হয় তথা খজুৱতি হয়। হালধিৰ ক্কাথ প্ৰয়োগ কৰিলে প্ৰস্ৰাৱৰ জ্বলন কম হয়, পৰিমাণ স্বাভাৱিক আৰু প্ৰস্ৰাৱ চফা হয়। হালধিৰ বাহ্য আৰু অন্তৰঙ্গ দুয়োটা প্ৰয়োগৰে উত্তেজক ধৰ্ম আছে। ইয়াৰ বাহ্যিক লেপন আদিয়ে ছালক উত্তেজিত কৰি বেদনা হ্ৰাস কৰে আৰু ইয়াৰ আভ্যন্তৰিণ প্ৰয়োগে তেজৰ বিকৃতি দূৰ কৰে। চকুৰ ৰোগৰ বাবেও ই উপকাৰী। বেডেন পাৱেল নামৰ বিশেষজ্ঞ এজনৰ মতে, হালধি প্ৰয়োগিক জ্বৰ আৰু জলোদৰ ৰোগৰ বাবে উপযোগী। ইয়াৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত জ্বলনশীল তেল আৰু ষ্টাৰ্চ আছে যিবোৰ উত্তেজক, সুগন্ধিত আৰু পৌষ্টিক। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানতো হালধি প্ৰাচীন কালৰ পৰা প্ৰয়োগ হৈ আহিছে। সকলো ধৰণৰ প্ৰমেহ বিশেষকৈ কফৰ বাবে হোৱা প্ৰমেহ ৰোগত হালধি এক উত্তম ঔষধি দ্ৰব্য হিচাবে গণ্য কৰা হয়। মহৰ্ষি শ্ৰুশ্ৰুতেও ইয়াক প্ৰমেহ ৰোগৰ বাবে উপযোগী বুলি কৈছে। বৰ্তমান চিকিৎসক সকলেও হালধিৰ চূৰ্ণ আমলখিৰ ৰসৰ লগত মিহলাই প্ৰমেহ ৰোগত ব্যৱহাৰ কৰে আৰু ইয়াৰ দ্বাৰা কেইবা প্ৰকাৰৰ ৰোগ আৰোগ্য হয়। পাচন অংগত অধিক অম্লতাৰ বাবে বেয়া উগাৰ অহা, পেট ফুলা, বায়ুৰ বাবে ৰাতি ভাল টোপনি নোহোৱা আদি উপসৰ্গই দেখা দিয়ে। এনে ৰোগত হালধি আৰু ক’লা কিচ্মিচ্ দুয়োটা মিহলাই বড়ি বনাই দুই-তিনিটা বড়ি ৩-৪ ঘণ্টাৰ মূৰে মূৰে বা উপসৰ্গ দেখা দিয়াৰ সময়ত খালে পেট ফুলা, অধিক অম্লতা, আহাৰ জমা নোহোৱা আদি উপসৰ্গ দূৰ হয়। স্ত্ৰীৰ হিষ্টিৰিয়া ৰোগত অজ্ঞান হৈ পৰাৰ সময়ত হালধি পুৰি ইয়াৰ ধোঁৱা শুঙালে জ্ঞান ঘূৰাই পায়। ৰাতি শোৱাৰ সময়ত ধোঁৱা শুঙি দুই-তিনি ঘণ্টা সময় পানী খাব নালাগে। খজুৱতিৰ দৰে চৰ্মৰোগত হালধি সৰিয়হৰ তেলৰ লগত মিহলাই লগালে আৰাম পোৱা যায়। হালধিৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা জন্ম নিয়ন্ত্ৰণ মাহেকীয়া ধৰ্মৰ আৰম্ভ হোৱাৰ পৰা ৫ দিনলৈ একেবাৰে হালধি এটুকুৰাৰ গুৰি পানীৰ সৈতে সেৱন কৰিলে স্ত্ৰীৰ গৰ্ভ ৰোধ হয়। ইস্নোফিলিয়া হালধিৰ অলপ গধুৰ টুকুৰা এডোখৰ তাৱা এখনত ঘিঁউ দি অলপ সেকি লৈ লগে লগে গুৰি কৰি পেলাব লাগে। এচামুচ চূৰ্ণ এচামুচ মৌৰ লগত মিহলাই ৰাতিপুৱা গধুলি ৩-৪ মাহলৈ খালে এই ৰোগ চিৰ দিনলৈ নোহোৱা হয়। কাহ খুব কাহ হ’লে হালধিৰ এটা টুকুৰা মুখত লৈ লাহে লাহে চোবালে শীঘ্ৰে আৰাম পোৱা যায়। নতুন ছাল যদি কোনো আঘাত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে শীঘ্ৰে নতুন ছাল আহে। প্ৰমেহ প্ৰমেহৰ বাবে দুৰ্বলতা, কঁকালৰ বিষ, উদ্বিগ্নতা, ভোক নলগা আৰু স্বভাৱ খিটখিটিয়া হয়। প্ৰতিদিনে ৰাতিপুৱা ১০ মি:লি: কেঁচা হালধিৰ ৰস মৌৰ সৈতে মিহলাই খাব লাগে। ৰাতি শোৱাৰ সময়ত ছাগলীৰ গাখীৰ ২৫০ মি:লি: উতলাই ঠাণ্ডা কৰি শুকান হালধিৰ চূৰ্ণ আৰু মৌ ৬ গ্ৰাম মিহলাই ৪০ দিন খালে প্ৰমেহ ৰোগ আৰোগ্য হয়। বগা দাগ যদি শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকট হয় তেন্তে সেই ঠাইত হালধিৰ তেল মালিচ কৰিব লাগে। হালধি আৰু সৰিয়হ সমান মাত্ৰাত মিহলাই ঘানীত দি তেল উলিয়াই লওক। ইয়ে হালধিৰ তেল। এই তেলৰ দ্বাৰা মালিচ কৰিলে ছালৰ বগা দাগ আঁতৰ হয়। যদি হালধিৰ তেল উলিওৱা সম্ভৱ নহয় তেন্তে এক বটল মেথিলিটেড স্পিৰিট ১৫০ গ্ৰাম গুৰি হালধিত ঢালি ৰ’দত থৈ দিয়ক আৰু ছালত ইয়াৰ লেপ লগাওক। চৰ্দি জ্বৰ হালধিৰ মুখ্য কাৰ্য্য হ’ল শৰীৰক উষ্ণতা প্ৰদান কৰা। দাইল, তৰকাৰী আদিত আমি যিমান হালধি প্ৰয়োগ কৰোঁ সেই মাত্ৰাত আমাৰ শৰীৰক উঅষ্ণতা দিবৰ বাবে যথেষ্ট। কিন্ত চৰ্দিৰ জ্বৰত শৰীৰক অধিক উষ্ণতাৰ প্ৰয়োজন। এনে সময়ত সৰু চামুচেৰে হালধি গাখীৰত মিহলাই খালে আৰাম পোৱা যায়। সৌন্দৰ্য বৃদ্ধি বৰ্তমান সৌন্দৰ্যৰ বাবে প্ৰসাধন সামগ্ৰী কিনাটো সকলোৰে অভ্যাস হৈ পৰিছে। য’ৰ পৰা কেতিয়াবা লাভতকৈ লোকচানহে বেচি হয়। ইয়াৰ সলনি প্ৰতিদিনে অলপ সময় উলিয়াই সামান্য কেঁচা হালধি খুন্দি গাখীৰৰ সৈতে গাত সনা যায় তেন্তে ৰুপ দুগুণে চৰিব। চোম পৰা বা মুখত ক’লা দাগ পৰা প্ৰসাধন সামগ্ৰী প্ৰয়োগ কৰা সকলে কেতিয়াবা এনে সমস্যাত আক্ৰান্ত হয়। ইয়াৰ বাবে হালধি অতি কম খৰচী আৰু শীঘ্ৰে প্ৰভাৱকাৰী ঔষধ হিচাবে গণ্য কৰা হয়। হালধি ২০ গ্ৰাম আঁহত অথবা বৰগছৰ আঠাৰ সৈতে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি দিনত দুবাৰ লেপন লগাব লাগে। ৰাতিপুৱা স্নানৰ এক ঘণ্টা আগতে এই লেপন লগাই গা ধুব লাগে। ১০-১২ দিনত পিছত ৰোগ আৰোগ্য হৈ দেহলৈ নতুন সৌন্দৰ্য জোৱাৰ আহিব। আঘাতৰ বাবে তেজ গোট মৰা যদি কোনো ধৰণৰ আঘাত লাগি তেজ গোট মাৰে তেন্তে হালধি আৰু নিমখ পানীত বটি লৈ গৰমে গৰমে আঘাত প্ৰাপ্ত ঠাইত লগোৱা হয় তেন্তে কিছু সময় পিছতে আৰাম পোৱা যাব। দেহৰ আভ্যন্তৰত কোনো আঘাত লাগিলেও হালধি পানীত তিয়াই গৰম কৰি লাহে লাহে সেক ললেও আৰাম পোৱা যায়। মূৰৰ বিষ গুৰি হালধি পানীত উতলাই ইয়াৰ ভাপৰ শ্বাস ল’লে মূৰৰ বিষ ভাল হয়। আঘাত যদি হাত, ভৰি বা কোনো অংশত আঘাত লাগে তেন্তে হালধি গুৰি কৰি গৰম কৰি কাপোৰেৰে বান্ধি থব লাগে। ইয়াৰ লগে লগে উতলা পানীত আধা লিটাৰত এক বা দুই চিকুট সন্ধ্যা নিমখ আৰু পিছত হালধি চূৰ্ণ ২০ গ্ৰাম ঢালি পাত্ৰটো জুইৰ পৰৰ নমাই ঢাকি থব লাগে। কিছু সময়ৰ পিছত এই পানী খিনিত কাপোৰ এখন তিয়াই আঘাত প্ৰাপ্ত ঠাইত সেক লব লাগে। পাতল কাপোৰ খন চাৰি ভাজ কৰি পানীত তিয়াই ঠাণ্ডা হৈ নপৰা লৈকে সেঁক লব লাগে। এনেদৰে পুনঃ পুনঃ কৰিলে আৰাম পোৱা যায়। প্ৰসৱ প্ৰসূতি মাতৃক এক মাহলৈ হালধিৰ আঞ্জা খাবলৈ দিব লাগে। ইয়াৰ পৰা ভিতৰত ৰৈ বেয়া তেজ, মূত্ৰাশয়ৰ বিষ অথবা ঘা, অৰুচি, সংক্ৰমণ তথা মন্দাগ্নি দূৰ হয়। মধুমেহ যদি কোনো ব্যক্তিৰ প্ৰস্ৰাৱ ঘনাই হয় অথবা পিয়াহ বেছিকৈ লাগে তেন্তে তাক মধুমেহ ৰোগ বোলা হয়। এই ৰোগত হালধি অধিক লাভপ্ৰদ। হালধি মিহিকৈ খুন্দি ৬ গ্ৰাম পৰিমাণ পানীৰ সৈতে দিনত দিবাৰকৈ খালে এই ৰোগ আৰোগ্য হয়। এনে ৰোগীয়ে মিঠা জাতীয় বস্তুৰ পৰা দূৰৈত থাকিব লাগে। জন্ত্বে কামোৰা কুকুৰ, ছাগলী, মেকুৰী আদি জন্ত্বে কামোৰিলে হালধি পানীৰ সৈতে খুৱাব লাগে আৰু কামোৰা ঠাইত ইয়াৰ প্ৰলেপ লগাব লাগে। গেচ পেটত হোৱা গেচৰ বাবে গুৰি হালধিত সমান মাত্ৰাত ক’লা নিমখ মিহলাই খালে আৰাম পোৱা যায়। দাঁতত ৰং ধৰা দাঁত অধিক হালধীয়া হৈ পৰিলে হালধিত নিমখ আৰু সৰিয়হৰ তেল মিহলাই নিয়মিত মঞ্জন কৰিলে দাঁত চফা আৰু মজবুত হৈ পৰে। খৰ-খজুৱতি খজুৱতি হোৱা ছালত হালধিৰ তেল সানিব লাগে। ইয়াৰ লগে লগে তেজ শুদ্ধ কৰিবলৈ হালধি পিহি মৌৰ সৈতে মিহলাই সৰু সৰু বড়ি তৈয়াৰ কৰি প্ৰতিদিনে পুৱা-গধুলি ২-২ টা বড়ি খাব লাগে। ইয়াৰ ফলত তেজ শুদ্ধ হৈ খৰ, খজুৱতি স্থায়ী ৰুপত নাইকিয়া হয়। কৃমি হালধিয়ে কৃমি নাশ কৰিব পাৰে। এই ৰোগৰ বাবে হালধি পানীত উতলাই খুৱাব পাৰি অথবা হালধি চূৰ্ণ অলপ গৰম পানীত মিহলাই খুৱাব পাৰি। মস্তিষ্কৰ পীড়া মূৰ ঘূৰোৱা, গধুৰ লগা আদিৰ বাবে কেঁচা হালধি পিহি কপালত লেপ লগালে শীঘ্ৰে আৰাম পোৱা যায়। নেত্ৰ ৰোগ চকু ৰঙা পৰা, চকুত খজুৱতি আদি হ’লে হালধি তিওৱা পানীত পাতল কাপোৰ এখন তিয়াই চকুত লগালে চকুৰ পীড়া দূৰ হয়। দৃষ্টি শক্তি হ্ৰাস দৃষ্টি শক্তি ক্ষীণ হ’লে হালধি এটুকুৰা খুন্দি লৈ ৰাতি শোৱাৰ সময়ত চকুত লগালে হেৰোৱা দৃষ্টি শক্তি ঘূৰি আহিব। উল্লেখযোগ্য যে দৃষ্টি শক্তিৰ বাবে হালধি পৰম লাভদায়ক। যদি স্বাস্থ্যবান ব্যক্তিয়েও ইয়াক সদায় প্ৰয়োগ কৰে তেন্তে জীৱন জুৰি দৃষ্টি শক্তি হ্ৰাস নাপায়। ইয়াৰ বাবে এক বিশেষ মিশ্ৰণ তৈয়াৰ কৰি লব লাগে। গোটা হালধি ২০ গ্ৰাম আৰু যখাৰ ৬ গ্ৰাম লৈ ভালকৈ খুন্দি মিহি মিশ্ৰণ এটা তৈয়াৰ কৰি কাঁচৰ বটলত টানকৈ সাফৰ মাৰি থৈ দিয়ক। ৰাতিপুৱা গধুলি তিনি-তিনি চিকুট মান দুয়োটা চকুত লগাওক। চকুৰে ধোঁৱা ধোঁৱা দেখা, বস্তু মণিব নোৱাৰা আদি উপসৰ্গ দূৰ হব। চকু জ্বলা-পোৰা কৰা, কুকুৰীকণা আদি ৰোগৰ বাবে বিশেষ ভাৱে তৈয়াৰ কৰা হালধিৰ চুৰমা বা কাজল অতি উপযোগী। এটুকুৰা হালধি এটা পাত্ৰত থৈ এটা গোটা নেমুৰ ৰস চেপি দিয়ক। পাত্ৰটো জুইৰ ওপৰত থৈ ৰস খিনি শুহি ল’বলৈ দিয়ক। পানী সম্পূৰ্ণ শুকাই গ’লে আন এটা নেমুৰ ৰস দি আকৌ একেৰাহে পাত্ৰটো জুইৰ ওপৰত থৈ ৰস খিনি শুহি লবলৈ দিয়ক। এনেদৰে সাতটা নেমুৰ ৰসত হালধি সিজাই ইয়াক খুব মিহিকৈ বটি লগত ক’লা চুৰমা ভালকৈ মিহলাই লৈ ৰাতি শোৱাৰ সময়ত চকুত লগাওক। কেইদিন মান পিছতে চকুৰ এনে ৰোগ দূৰ হব। চকুৰ সংক্ৰমণ অথবা চকু বিষোৱা আদি ৰোগৰ বাবে ২৫ গ্ৰাম হালধি আধা লিটাৰ পানীত উতলাই সেই পনীৰে চকু ধুলে আৰাম পোৱা যায়। শ্বাস ৰোগ কম জুইত কেঁচা হালধি আধা সিজাই মৌৰ লগত মিহলাই পিহি লৈ খাওক। এবাৰত ২-৩ গ্ৰাম হালধিয়েই যথেষ্ট। দ্বিতীয় বিধিমতে, তাৱা বা কেৰাহীত হালধিৰ সৰু টুকুৰা কেইটামান লৈ গৰম কৰি তাৰ ধোঁৱা নাকেৰে ভিতৰলৈ টানি লওক। ইয়াৰ পৰা শীঘ্ৰে শ্বাসকষ্ট দূৰ হব। ৰক্তস্ৰাৱ ছূৰী অথবা কোনো জোঙা বস্তুৱে কটা বা খোচ আঘাতৰ পৰা তেজ ওলালে গুৰি হালধি সেই ঠাইত সুমুৱাই দিলে ৰক্তস্ৰাৱ বন্ধ হয়। হিকটি হিকটি আহিলে সামান্য হালধি অলপ সময় জিভাত থৈ পানীৰ সৈতে গিলি দিলে হিকটি লগে লগে বন্ধ হয়। ঘামচি সাধাৰণতে গৰম দিনত বাবে ঘামচি হয় আৰু ইয়াৰ মুখ্য কাৰণ হ’ল ঘাম। গৰম কালি এনে ধৰণৰ বস্ত্ৰ পিন্ধা আৱশ্যক যিয়ে ঘাম শুহি ল’ব পাৰে। কেঁচা হালধি আধা কিলো খুন্দি ৰস উলিয়াই উতলাই লওক। ঠাণ্ডা হোৱাৰ পিছত ২০০ মি:গ্ৰাম মৌ মিহলাই কোনো বন্ধ কাঁচৰ পাত্ৰত থৈ দিয়ক। গৰমৰ দিন কেইটাত কোনো ফলৰ ৰসৰ সৈতে দুই বা তিনি চামুচ এই হালধিৰ ৰস মিহলাই নিয়মিত খাওক। এনে ৰস বেছি গৰমত ৪-৫ বাৰ খাব পাৰে। খুন্দা খোৱা হালধি আৰু চূণ মিহলই পিহি লেপন লগাওক। বিষ লগে লগে দূৰ হব। যদি ভিতৰত আঘাত লাগে তেন্তে সামান্য গৰম গাখীৰত হালধি মিহলাই খাই থাকক। ভিতৰৰ কষ্ট কম হব। মনত ৰাখিব লাগে যাতে হালধিৰ পৰিমাণ বয়স অনুপাতে দুইৰ পৰা চাৰি গ্ৰামহে হব লাগে। মূৰ অথবা ডিঙিৰ আঘাত মূৰত আঘাত লাগিলে দেশী ঘিঁউত বটি থোৱা হালধি গৰম কৰি লগালে আৰাম পোৱা যায়। ডিঙিত লগা আঘাতৰ বাবে আধা ফাল নেমুৰ ৰসত হালধি গুৰি গৰম কৰি সেক ল’লে আৰাম পোৱা যায়। জোকে খোৱা জোকে খোৱাৰ পৰা হোৱা ৰক্তস্ৰাৱ বন্ধ কৰিবলৈ হালধি চূৰ্ণ পানীত মহলাই লেপন লগাব পাৰি। তালুৰ ঘা তালুত ঘা হ’লে এক লিটাৰ পানীত ১০ গ্ৰাম গুৰি হালধি মিহলাই উতলাই যেতিয়া পানী চাৰিভাগৰ এভাগ হ’ব জুইৰ পৰা নমাই থওক। এই পানীৰে ৰাতিপুৱা গধুলি কুলকুলি কৰক। জিভাৰ ঘা ১০ গ্ৰাম হালধি বটি লৈ এক লিটাৰ পানীত উতলাই লওক। উতল আহিলে নমাই ঠাণ্ডা কৰক। মুখ ধোৱাৰ সময়ত দিনত দুই-তিনিবাৰ এই পানী ব্যৱহাৰ কৰক। অৰ্শ বা কেচুমুৰীয়া এনে ৰোগৰ বাবে দুই ধৰণৰ বিধি আছে। (১) ৪-৪ গ্ৰাম পৰিমাণৰ হালধি পুৱা-গধুলি ছাগলীৰ গাখীৰৰ সৈতে মিহলাই খাব লাগে। (২) হালধিৰ চূৰ্ণ ৩-৩ গ্ৰাম মাত্ৰা পুৱা-গধুলি দিনত দুই তিনি বাৰ অৰ্শৰ স্থানত লগালেও আৰাম পোৱা যায়। ৰক্তশুদ্ধি কেঁচা হালধি কাটি নেমু আৰু নিমখৰ সৈতে মিহলাই খালে ৰক্ত শুদ্ধি হয়। ঘা-ফোঁহা সাধাৰণতে ৰক্ত দোষৰ বাবে ঘা-ফোঁহা বেছিকৈ হয়। কেঁচা হালধি ২৫০ গ্ৰাম দুই লিটাৰ পানীত উতলাই ঠাণ্ডা কৰি ৭৫০ গ্ৰাম মৌ মিহলাই সুৰক্ষিত কৰি থৈ দিয়ক। আহাৰ খোৱাৰ আঘা ঘণ্টা পিছত দুই-তিনি চামুচ নিয়মিত খাওক। উখহা বা ফুলা এনে ৰোগত ২০ গ্ৰাম হালধিৰ চূৰ্ণ ২০০ গ্ৰাম ফিটকিৰি তথা ৩০ গ্ৰাম গুড় মিহলাই সৰু সৰু বড়ি তৈয়াৰ কৰি লওক। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এটাকৈ বড়ি পানীৰে গিলি দিয়ক। এই সময়ছোৱাত বেছি তেলাল আৰু গধুৰ আহাৰ এৰাই চলক। (১) হালধিৰ ৪ গ্ৰামৰ টুকুৰা এটা চূৰ্ণ কৰি এপোৱা ছাগলীৰ গাখীৰৰ সৈতে ৰাতিপোৱা খাবলৈ দিয়ক। কিছুদিনৰ পিছত ইয়াৰ সুফল দেখা পাব। (২) মূত্ৰ নলীৰ সংক্ৰমণৰ বাবে ঘা হলে সামান্য খুন্দি লোৱা হালধি ৬-৬ গ্ৰাম মাত্ৰাত ছাগলীৰ গাখীৰ অথবা দৈৰ সৈতে পুৱা-গধুলি নিয়মিত খাওক। ইয়াৰ ফলত প্ৰস্ৰাৱৰ জ্বগলা-পোৰা দূৰ হব আৰু প্ৰস্ৰাৱ চফা হব। (৩) হালধি আৰু আমলখিৰ ৰসৰ মিশ্ৰণেও সংক্ৰমণ আঁতৰ কৰাত সহায় কৰে। (৪) ১ কিলোগ্ৰাম হালধি গুৰি কৰি লৈ ৫ লিটাৰ গৰুৰ গাখীৰত সিজাই গাখীৰ খিনি শুকাই ডাঠ হবলৈ দিবলৈ দিয়ক। ইয়াৰ পিছত ছাঁত শুকাবলৈ দি লগে লগে তেল ওলোৱা যন্ত্ৰৰ সহায়ত তেল উলিয়াই লওক। এই তেল সোণালী ৰঙৰ হব। ইয়াক কোনো কাঁচৰ্পাত্ৰত থৈ দিয়ক। ৪ ফোঁটা তেল সতেজ গৰু অথবা ছাগলীৰ গাখীৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। হাড় ভঙা ভঙা হাড় জোৰাবলৈ বা শক্তি ঘূৰাই পাবলৈও হালধিৰ তেল উৎকৃষ্ট ঔষধ। ৪ ফোঁটা তেল গৰম গাখীৰৰ লগত মিহলাই শোৱাৰ সময়ত লগাব লাগে। মোচোকা খোৱা হঠাৎ মোচোকা খাই অস্থিসন্ধিত বিষ হৈ ফুলি গ’লে কেঁচা হালধি চূণৰ লগত মিহলাই এৰাতি বান্ধি থলে বিষ কমে আৰু ফুলা জামৰে। কাণৰ ৰোগ ৫০ গ্ৰাম হালধি অলপ সৰু সৰুকৈ খুন্দি লৈ ১০০ মি:লি: পানীত উতলাই লওক। ইয়াক পিহি গুৰি কৰি পানী খিনি চেকি লওক। সমান মাত্ৰাত তিল তেল লৈ কম জুইত উতলাওক। পানী খিনি শুহি অকল তেলৰ অৱশেষ ৰৈ গ’লে নমাই ঠাণ্ডা কৰি লগে লগে বটলত ভৰাই থওক। এই তেল সামান্য গৰম কৰি দুই-তিনি ফোঁটা পুৱা-গধুলি কাণত কাণত দিয়ক। এনে তেল আন ঘা-ফোঁহাতো লগাব পাৰি। দেশীয় টিংচাৰ আয়’ডিন ৬০ গ্ৰাম হালধি মিহিকৈ পিহি ডিষ্টিলড্ ৱাটাৰৰ সৈতে মিহলাওক। ইয়াৰ সৈতে টাৰ্ট্ৰিক স্পিৰিট মিহলাই এটা বটলত থৈ দিয়ক। ২৪ ঘণ্টাৰ পিছত এই মিশ্ৰণ চেকি লৈ আন এটা চফা বটলত থৈ কটা-ছিঙা আদিত টিংচাৰ আয়’ডিনৰ সলনি ব্যৱহাৰ কৰক। মুখৰ দাগ হালধি মিহিকৈ পিহি গৰুৰ গাখীৰৰ সৈতে মিহলাই ৰাতি শোৱাৰ সময়ত মুখত লেপন লগালে মুখত পৰা ক’লা বা বগা দাগ, শালমইনা আদি দূৰ হৈ ছাল স্বচ্ছ, কোমল হৈ পৰে। শকিৰাজ (কায়াকল্প চিকিৎসা) হালধিৰ টুকুৰা ১ কিলো, শুকান চূণৰ টুকুৰা ২ কিলো আৰু পানী ২ লিটাৰ লওক। কোনো এটা মাটিৰ বাচনত হালধি আৰু চূণ খিনি থৈ ওপৰৰ পৰা পানী ঢালি দিয়ক। পানী ঢলাৰ লগে লগে চূণ খিনি উতলিব। চূণ খিনি গলি যোৱাৰ পিছত বাচনটো দুমাহলৈ ঢাকি থৈ দিয়ক। দুমাহৰ পিছত হালধিৰ টুকুৰাবোৰ উলিয়াই চফা কৰি অলপ শুকুৱাই মিহিকৈ পিহি ল’লেই শক্তিৰাজ ঔষধ তৈয়াৰ হব। ৩ গ্ৰাম এনে চূৰ্ণ ১০ গ্ৰাম মৌৰ লগত মিহলাই একেৰাহে ৪ মাহ খালে শৰীৰত অনুপম শক্তিৰ সঞ্চাৰ হব। তেজ শুদ্ধ হৈ শৰীৰলৈ সৌন্দৰ্য ঘূৰি আহিব। বৃদ্ধ ব্যক্তিৰ শৰীৰত যুৱকৰ দৰে শক্তিৰ সঞ্চাৰ হব। এনে ঔষধি খালী পেটত ৰাতিপুৱা খাব লাগে আৰু ঔষধ সেৱনৰ এঘণ্টা পিছলৈকে কোনো খাদ্য খাব নালাগে। সমগ্ৰ জীৱন এই ঔষধৰ সেৱন অব্যাহত ৰাখিব লাগে। এনে দিনচৰ্যাই দেহৰ মূল কোষিকা সমূহৰ উজ্জীৱিত কৰে। এই যৌগ সাধু-সন্ন্যাসীৰ যৌগ হলেও যিকোনো ব্যক্তিয়ে এনে বিধিৰ দ্বাৰা ৭০ বছৰ বয়সতো নৱ-যৌৱন লাভ কৰিব পাৰে। শৰীৰৰ মৃত কোষ জীৱিত কৰাৰ ক্ষেত্ৰত আধুনিক বিজ্ঞানে বিশেষ সফলতা লাভ কৰা নাই। কিন্ত এনে ধৰণৰ প্ৰাকৃতিক দিনচৰ্যাই শৰীৰৰ মৃত কোষ উজ্জীৱিত কৰি তুলিব পাৰে। হৰিদ্ৰা ক্ষীৰপাক ৰসায়ন এই বিধ ৰসায়ন প্ৰায় সকলো ধৰণৰ ৰোগত লাভপ্ৰদ। ই দেহৰ বৃদ্ধাৱস্থা, আয়ুস ৰোধ কৰে। ষাঠি বছৰ বয়সতো শৰীৰত বৃদ্ধত্বৰ লক্ষণ দেখা নাযায়। উৎসাহ-উদ্দীপনা, সাহস, বাসনা, পৰিশ্ৰম, টোপনি আদি সকলো পূৰ্ববৎ থাকে। কাহ, শ্বাস-কষ্ট, এলাৰ্জি তথা ইস্নোফিলিয়া (Eosinophelia) জনিত ৰোগ নিৰ্মূল হয়। ইয়াক প্ৰতিদিনে পুৱা জলপানৰ সৈতে খাব লাগে। ৰোগ হৈ থকা সময়ত একেৰাহে প্ৰয়োগ কৰিলে সুফল পোৱা যায়। এই ঔষধ সেৱন কৰি থকাৰ সময়ত চাহ, পাণ-তামোল আদি ত্যাগ কৰি উচিত। এই ঔষধি তৈয়াৰ কৰাৰ পদ্ধতি এনেধৰণৰ – ভাল হালধি ঘিঁউৰ সৈতে জুইৰ ওপৰত পাত্ৰ এটাত সেকি লৈ চূৰ্ণ তৈয়াৰ কৰি লওক। গাখীৰ ২৫০ মি:লিটাৰৰ পৰা ৪০০ মি:লিটাৰ, উপৰোক্ত হালধি ৩ গ্ৰাম, গুড় ১০ গ্ৰাম লওক। প্ৰথমতে গাখীৰ খিনি এটা লোহাৰ পাত্ৰত উতলিবলৈ দিয়ক। উতলিবলৈ আৰম্ভ কৰিলে হালধি আৰু গুড় দি সিজাওক। অলপ সময় উতলাৰ পিছত নমাই কুহুমীয়া হ’লে খাওক। দিনত এবাৰ ৰাতিপুৱা এই ঔষধি সেৱন কৰাৰ পিছত এঘণ্টা বা দুঘণ্টা একো খাব নালাগে। যি সকলৰ গাখীৰ হজম হব নোখোজে তেনে ব্যক্তিয়ে গাখীৰৰ মাত্ৰা কমাই ৫০ মি:লিটাৰ লব পাৰে। হালধি আৰু গুড়ৰ পৰিমাণ একে থাকিব। ই অতি সুলভ আৰু উপযোগী ৰসায়ন। কাণৰ পূঁজ মাজে সময়ে কাণৰ পৰা দুৰ্গন্ধ যুক্ত বগা স্ৰাৱ ওলায়। পিছত মস্তিষ্কৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। কিয়নো কাণ আৰু মস্তিষ্কৰ পোনপটীয়া সম্পৰ্ক আছে। অতিৰিক্ত ভাৱে দাঁত, ডিঙি আৰু চকুৰ ওপৰতো কাণৰ এনে স্ৰাৱৰ প্ৰভাৱ পৰে। ঘা শুকুওৱা, সেআৱ বন্ধ কৰা তথা প্ৰাকৃতিক ভাৱে ছাল উৎপন্ন কৰা আদি হালধিৰ স্বাভাৱিক গুণ বা ধৰ্ম। সেয়ে এনে ধৰণৰ কষ্ট নিবাৰণৰ বাবে কেঁচা হালধি দুই টুকুৰা পিহি লৈ সৰিয়হৰ তেলত গৰম কৰি লওক। ঠাণ্ডা হ’লে ৰস খিনি চেকি লৈ কাঁচৰ বটলত থৈ দিয়ক। কাণত দিয়াৰ আগতে সামান্য গৰম কৰি দুই তিনি ফোঁটা ঢালক। একেৰাহে দহ পোন্ধৰ দিন লগালে কাণৰ পৰা পূঁজ ওলোৱা বন্ধ হব। সৌন্দৰ্য আৰু হালধি সংস্কৃতত হালধিক হৰিদ্ৰা এইবাবে কোৱা হয় যে, ‘হৰি বৰ্ণ দাত্ৰি সংশোধয়তি’। এই অনুসৰি ই শৰীৰৰ ৰং ভাল কৰে। ইয়াৰ বাবে ইয়াক কাঞ্চনী, গৌৰী, কৃমিধ্ন, বৰবৰ্ণিনী ইত্যাদি গুণবাচক নাম দিয়া হৈছে। হালধি পানীৰ সৈতে মিহলাই সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয়। গাখীৰৰ সৰৰ সৈতে সামান্য গুৰি হালধি আৰু কৰ্পূৰ তথা চাৰি-পাঁচ ফোঁটা সৰিয়হৰ তেল আৰু পানীৰে সৈতে মিশ্ৰণ তৈয়াৰ কৰি স্নানৰ এঘণ্টা আগতে সানিলে ছালৰ ৰোগ, খজুৱতি আদি দূৰ হৈ শৰীৰ কান্তিময় হৈ উঠে। আটা, সৰিয়হৰ তেল, হালধি আৰু পানী মিহলাই গাঢ় মিশ্ৰণ তৈয়াৰ কৰি শৰীৰৰ ছালত ঘঁহি গা ধুলে চাবোনৰ প্ৰয়োজন নহয়। অথবা হালধিৰ টুকুৰা গাখীৰত তিঁয়াই থৈ কোমল হ’লে পিহি লৈ ময়দা আৰু সৰিয়হৰ তেল মিহলাই গ ধোৱাৰ সময়ত শৰীৰত লেপন লগালেও একে কাম কৰে। হালধি সম্পৰ্কে কেইটামান জানিবলগীয়া কথা জানিব পৰা তথ্যমতে বজাৰত কিনিবলৈ পোৱা হালধিৰ গুৰিত ‘লেড ক্ৰ’মেট’ নামৰ এক বিষাক্ত ৰং মিহলোৱা হয় আৰু ই স্বাস্থ্যৰ বাবে অতি হানিকাৰক। সেয়ে বজৰুৱা হালধিৰ সলনি ঘৰত বটি লোৱা হালধি প্ৰয়োগ কৰা উচিত। বিভিন্ন ৰোগ নিবাৰণৰ বাবে প্ৰাপ্ত বয়স্ক লোকে কেঁচা হালধিৰ ৰস ১০ ৰ পৰা ২৫ মি:লি: খাব পাৰে। শিশুৰ বাবে ৫ মি:লি: যথেষ্ট। শুকান হালধি ডাঙৰে ৫ গ্ৰাম, অধিক হ’লে ১০ গ্ৰামলৈ খাব পাৰে। শিশুক এক গ্ৰামৰ কম বা আধা গ্ৰাম দিব পাৰি। হৃদৰোগীৰ বাবে ইয়াৰ কিছু হানিকাৰক প্ৰভাৱ আছে। সেয়ে এনে ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে হালধি ব্যৱহাৰ কৰা অনুচিত। নেমুৰ ৰসৰ জৰিয়তে ইয়াৰ হনিকাৰক প্ৰভাৱ কিছু দূৰ কৰিব পাৰি। ঔষধীয় প্ৰয়োগৰ বাবে দীঘল বিধৰ হালধি উত্তম হিচাপে গণ্য কৰা হয়। হালধি চূৰ্ণ থোৱা পাত্ৰটোৰ মুখ ভালকৈ বন্ধ কৰি এন্ধাৰ ঠাইত থব লাগে আৰু পাত্ৰৰ ভিতৰত আৰ্দ্ৰতা প্ৰৱেশ কৰিব নালাগে। লেখিকা: ৰেবা বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন