হালধি ব্যঞ্জনত যদিও ৰং বা সোৱাদৰ বাবে ব্যৱহাৰ হয়, কিন্তু ই পেটৰ পাচন ক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়ায়।

ৰান্ধনিঘৰৰ এক খুব প্ৰয়োজনীয় মচলা হৈছে হালধি। হালধি এবিধ বহুগুণসম্পন্ন মচলা। যাৰ উপকাৰিতা আৰু গুণাগুণৰ তুলনা নাই। হালধি সকলোৰে পৰিচিত। প্ৰায়বোৰ ব্যঞ্জন প্ৰস্তুত কৰোঁতে হালধি ব্যৱহাৰ কৰা যায়।

হালধিয়ে যে কেৱল ব্যঞ্জনৰ ৰং বা সোৱাদ বঢ়ায় তেনে নহয়, হালধি আমাৰ শৰীৰৰ বাবেও বহুত উপযোগী বুলি প্ৰমাণ আছে। আজিৰ পৰা বহু বছৰৰ আগতে আমাৰ শাস্ত্ৰত ইয়াৰ গুণাগুণৰ বিষয়ে উল্লেখ আছে। ঋষি-মুনিসকলে হালধি ব্যৱহাৰ কৰাৰ কথাও শাস্ত্ৰত উল্লেখ আছে। আনবোৰ মচলাৰ ভিতৰত হালধিও আমাৰ শৰীৰৰ বাবে উপযোগী।

হালধিৰ বৈজ্ঞানিক নাম Cucurma Longa Linn আৰু হালধিৰ গোত্ৰ হৈছে Zingeberaceac। হালধি উৎপাদনৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ দেশৰ ভিতৰত প্ৰথম স্থানত আছে। বিহাৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, অসম আদিকে ভাৰতৰ বিভিন্ন ঠাইত কম-বেছি পৰিমাণে হালধিৰ উৎপাদন হয়।

ৰাসায়নিক বিশ্লেষণৰ পৰা পোৱা তথ্য অনুসৰি হালধিত থকা বিশেষ তেল, জিংবেৰাইন আৰু Turmerone ৰ বাবে সুকীয়া গোন্ধ আছে। হালধিৰ বিশেষকৈ মাটিৰ তলত হোৱা অংশ আমি দৈনিক কাৰ্যত ব্যৱহাৰ কৰোঁ। হালধিৰ উচ্চতা খুব বেছি নহয়।

সাধাৰণতে গছবোৰ ২-৩ ফুট ওখ হয়। দেখিবলৈ আদা গছৰ লগত মিল আছে। পাতবোৰ বছৰৰ মাজত যেনে আগষ্ট মাহত হালধীয়া হ’লে মাটিৰ তলৰ অংশ খান্দি উলিয়াই পানীত ধুই শুকুৱাই তাক গুড়ি কৰি পাউডাৰ বনাই ব্যৱহাৰ কৰে। অৱশ্যে কেঁচা হালধিও ব্যৱহাৰ কৰে।

হালধিৰ ঔষধি গুণ:

১)হালধি ব্যঞ্জনত যদিও ৰং বা সোৱাদৰ বাবে ব্যৱহাৰ হয়, কিন্তু ই পেটৰ পাচন ক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়ায়।

২)হালধি গুড়ি ১ চামুচ আৰু ১/২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি।

৩)হালধি ২ চামুচ আৰু ১ চামুচ গাখীৰ নিতৌ দুবাৰ খালে সুস্বাস্থ্যৱান আৰু বলৱান হৈ থাকিব পাৰি।

৪)মাংগলিক কাৰ্যত হালধি লেপন হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপকাৰীতা হৈছে সৌন্দৰ্য বৃদ্ধি আৰু ছাল ভালে ৰখা।

৫)কেঁচা হালধি, ক’লা তুলসী, বেচন আৰু মৌ মিহলাই পেষ্ট বনাই মুখত ঘঁহিলে মুখৰ ক’লা দাগ নোহোৱা হয়।

৬)এক কোঁহ নহৰু, ২ চাহ চামুচ কেঁচা হালধিৰ ৰস আৰু ১ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰ কৈ খালে হৃদৰোগৰ পৰা আঁতৰি থাকিব পাৰি আৰু লগতে কলেষ্টেৰল নিয়ন্ত্ৰণ হয়।

৭)হালধি ১ চামুচ, অকণমান চূণ আৰু ১ চামুচ মিহি চেনি মিহলাই বনোৱা লেপন কোনো কাৰণত হোৱা আঘাত, ফুলা বা মোচোকা খোৱা ঠাইত লগালে সোনকালে বেদনা উপশম হয়।

৮)হালধি চৰ্বি, চৰ্মৰোগ, পেটৰ বেমাৰ, পাতল পায়খানা, বমি আদিত বিশেষ উপকাৰী।

৯)প্ৰস্ৰাৱ কম হোৱা বা জ্বলা-পোৰাত হালধিয়ে বিশেষ ভূমিকা পালন কৰে। ২ চামুচ হালধিৰ ৰস, ৪ চামুচ Aloevera ৰস আৰু ১/২ কাপ কুহুমীয়া পানী দিনত তিনিবাৰকৈ খালে বীজাণু ৰোধ কৰিব পাৰি।

১০)ৰাতিপুৱা ১/২ লিটাৰ পানী খোৱাৰ পিছত ২ চাহ চামুচ কেঁচা হালধিৰ ৰস নিতৌ খালে পেলু, কোষ্ঠ-কাঠিন্য আৰু গেষ্ট্ৰাইটিছৰ পৰা হাত সাৰিব পাৰি।

১১)হালধিয়ে ৰক্ত পৰিষ্কাৰ কৰে।

১২)হালধি ৰসৰ লগতে ২টা Seplillin tab(Himalaya) আৰু ২টা Bresol tab(Himalaya)নিতৌ দুবাৰকৈ খালে এলাৰ্জিক ৰাইনাইটিছ চৰ্মৰোগত ভাল ফল পোৱা যায়। বজাৰত আজিকালি হালধিৰ কেপছুল উপলব্ধ হৈছে।

লেখিকা: ডাঃ কৰবী হাজৰিকা চৌধুৰী(নিয়মীয়া বাৰ্তা)