অৰ্জুন গছ বহুবৰ্ষীজীৱী চিৰসেউজীয়া গছ। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন। অৰ্জুন গছৰ পাত বল্লম আকৃতিৰ। ইয়াৰ গা গছৰ ৰং পাতল হালধীয়া। এইবিধ উদ্ভিদৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। তদুপৰি সামান্য পৰিমাণে টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি পোৱা যায়। অৰ্জুন গছৰ কিছুমান ঔষধি গুণ এনেধৰণৰ

অৰ্জুন গছৰ ছাল পিহি হাড় ভঙা অংশ ঠিকমতে বহুৱাই লেপ দি এসপ্তাহমান সেই ঠাই বান্ধি ৰাখিলে হাড় জোৰা লাগে।

এজমা ৰোগীৰ বাবে অৰ্জুন গছৰ বাকলি উপকাৰী।

গাঙটি হ’লে অৰ্জুন গছৰ গুটি মিহিকৈ পিহি গাঙটি হোৱা স্থানত লেপ দিলে গাঙটি নোহোৱা হয়।

হৃদপিণ্ডৰ ৰোগত অৰ্জুন গছৰ বাকলি গুড়ি কৰি খালে উপকাৰ পোৱা যায়।

অৰ্জুন গছৰ ছাল থেতেলিয়াই গাখীৰৰ লগত সিজাই সেই মিশ্ৰণ এক-দুবাৰকৈ দিনে দুই-তিনি চামুচ খালেও হাড় ভঙাত উপকাৰ পোৱা যায়।

যক্ষ্মা ৰোগত অৰ্জুনৰ ছালৰ গুড়ি এচামুচৰ লগত বগা বাহক পাতৰ ৰস দুচামুচ দিনে এক-দুবাৰকৈ খালে ৰোগ নিৰাময় হোৱাত সহায় হয়।

ৰক্তপিত্ত হ’লে অৰ্জুনৰ ছাল থেতেলিয়াই এৰাতি তিয়াই সেই পানী দুই-তিনি চামুচকৈ দিনে এক-দুবাৰকৈ খালে ভাল ফল পোৱা যায়।

বুকু ধপধপাই থাকিলে অৰ্জুন গছৰ ছাল ৫ গ্ৰাম গুড়ি কৰি ছাগলীৰ গাখীৰ, চেনি, ঘিউ, মৌ সম পৰিমাণৰ লৈ দিনে এক-দুবাৰকৈ খালে আৰাম পোৱা যায়।

শৌচৰ লগত তেজ পৰিলে অৰ্জুন গছৰ ছালৰ গুড়িৰ লগত ছাগলীৰ গাখীৰ মিহলাই খালে ৰোগ নিৰাময় হয়।

অৰ্জুন গছৰ ছালৰ ৰসেৰে কুলি কুলি কৰিলে মুখৰ ভিতৰত ছাল ছিগা বা মুখৰ ভিতৰত হোৱা ঘা ভাল হয়।

লেখিকাঃ ললিতা শৰ্মা লহকৰ, অসম বাণী।