অসমীয়া সমাজত ৰঙালাউ বেছ জনপ্ৰিয় সামূহিক ভোজত ই সৰ্বাধিক ব্যৱহৃত পাচলি। পকা ৰঙালাউৰ সোৱাদ মিঠা। অনুমান কৰা মতেই মধ্য আমেৰিকাৰ থলুৱা পাচলি আৰু ইউৰোপৰ মাজেদি আহি আমাৰ দেশ পাইছে। আমেৰিকাত ইয়াক দৰৱ হিচাপেও ব্যৱহাৰ কৰে। মধুমেহ ৰোগীৰ বাবেই অপকাৰী নহয় যদিও ইয়াৰ সোৱাদ মিঠা। চীন দেশৰ বিজ্ঞানীয়ে পৰীক্ষাৰ জৰিয়তে ইয়াৰ প্ৰমাণ পাইছে। চাংহাইত থকা পূব চীন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে ৰঙালাউত এবিধ যৌগ চিনাক্ত কৰিছে যিয়ে ইনছুলিনৰ উৎপাদন বৃদ্ধি কৰি মধুমেহ ৰোগীক সকাহ দিয়ে। ফলৰ ভিতৰত ৰঙালাউকে বৃহত্তম বুলি জনা যায় কাৰণ ডাঙৰ জাতৰ লাউ এটাৰ ওজন ৬৬৬ কিলোগ্ৰাম। এই ফল পাচলি হিচাপে উপাদয় খাদ্য যাক সিজাই, ভাজি, তৰকাৰি প্ৰস্তুত কৰি নাইবা মাছেৰে জোল ৰান্ধি খাই তৃপ্তি পোৱা যায়। কিছুমান লোকে লাউ গছৰ কুমলীয়া আগবোৰ ছিঙি আনি সৰিয়হ বটা দি ৰন্ধা চৰচৰীয়া খাই জুতি পায়। ৰঙালাউৰ গুটিবোৰো মুঠেই পেলনীয়া নহয়। আৰু চোকোৰা পেলাই ভাজি খালে সুফল পোৱা যায়। ৰঙালাউ বীজৰ পুষ্টি মূল্য চোকোৰা গুচোৱা এশটা বীজৰ ক্ষেত্ৰত কেলৰি ১০৭ প্ৰটিন ৫ গ্ৰাম চৰ্বি ৯ গ্ৰাম শৰ্কৰা ৪ গ্ৰাম ভক্ষ্য আঁহ ০.৮ গ্ৰাম লো ৩ মি:গ্ৰাম দস্তা ১.৫ মি:গ্ৰা: আ.এ আন্তৰ্জাতিক একক ৰঙালাউ কমলা বৰণৰ হোৱাৰ মূলতে ইয়াত প্ৰচুৰ পৰিমাণে লুটেইন, বিটা কেৰ’টিন আদি থাকে যিবোৰ সুস্বাস্থ্য বৰ্তাই ৰখাই ৰখাত অপৰিহাৰ্য্য। ইয়াত থকা কেৰটিনৰ পৰা দেহত ‘ক’ খাদ্যপ্ৰাণ উৎপাদন হয় যিয়ে কেতবোৰ কৰ্কট ৰোগ, কলিজাৰ বিকাৰ, মূত্ৰধাৰৰ সমস্যা, বিষ আদি দূৰতে বিদূৰ কৰাৰ উপৰি বৃদ্ধাৱস্থা প্ৰতিহত কৰে। হালধীয়া-বগা চোকোৰাটো গুচাই বীজৰ ভিতৰৰ শাহখিনি খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰৰ বৃদ্ধি তথা সুৰক্ষাৰ বাবে প্ৰয়োজনীয় মেগনেছিয়াম, লো, মেংগানিজ, দস্তা আদি উপযুক্ত পৰিমাণে লাভ কৰে। তদুপৰি ইয়াৰ পৰা প্ৰচুৰ প্ৰ’টিন, আঁহ, চৰ্বি তথা কেলৰি পোৱা যায়। দেহে খাদ্যৰ পৰা আহৰণ কৰা শক্তি কেলৰি এককত প্ৰকাশ কৰা হয়। পশ্চিমীয়া দেশত লাউৰ বীজৰ পৰা তেল উলিওৱা হয় যাৰ উচ্চ পুষ্টি মূল্য, অনন্য সোৱাদ তথা সেউজীয়া বৰণৰ বাবে ই সেউজ সোণ। মাখনৰ বিকল্প হিচাপে এই তেল এবিধ সুস্বাদ্য উপাদেয় খাদ্য আৰু চাটনিৰ লগত সানি খাই পৰম তৃপ্তি পোৱা যায়। ৰঙালাউ আৰু ইয়াৰ গুটি বনৌষধ হিচাপে ব্যৱহৃত হয় যদিও থলুৱা পৰম্পৰা ফুলেৰেও দৰৱ প্ৰস্তুত কৰে। তন্ত্ৰত ফিটাকৃমি তথা ঘূৰণীয়া কৃমিয়ে বাহ লৈ মানুহক যমৰ যাতনাত ভোগায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাজ্যৰ দৰব প্ৰতিষ্ঠানে ৰঙালাউকে অব্যৰ্থ বুলি স্বীকৃতি দিছিল। চীন দেশ তথা ৰুছিয়াত সম্পন্ন গৱেষণা অনুসৰি ফিটাকৃমিৰ বৃদ্ধিত বাধা দিবলৈ ৰঙালাউৰ বীজ অমোঘ। পুৰুষৰ মদন গ্ৰন্থি সক্ৰিয় কৰাত লাউ বীজত থকা কেৰটিনয়ড তথা ওমেগাত চৰ্বিৰ ভূমিকা অপৰিসীম আৰু ইয়াত থকা দস্তাই মদন গ্ৰন্থিৰ কামত বিশেষ প্ৰভাৱ পেলায়। দেহৰ হাড় মজবুত কৰি ৰখাৰ ক্ষেত্ৰত দস্তাৰ অৰিহণা অনন্য যি মৌল ৰঙালাউৰ বীজত উভৈনদী। বৃদ্ধাৱস্থাত বহুতো লোকে হাড়ৰ বিকাৰত ভোগে আৰু ৰজ:স্ৰাৱ বন্ধ হোৱা মহিলাসকলে অষ্টিঅ’পৰছিছ নামৰ হাড়ৰ বিকাৰত ভোগে যাৰ ফলত হাড় চনকা হোৱা বাবে কম আঘাততে ফাটে নাইবা ছিগে যাৰ পৰা হাত সাৰিবলৈ ৰঙালাউ তথা বীজৰ পৰা প্ৰস্তুত খাদ্যগ্ৰহণ কৰা উচিত। এশ গ্ৰাম ৰন্ধা ৰঙালাউত থাকে কেলৰি ২০ প্ৰটিন ৮২০ মিলিগ্ৰাম চৰ্বি ৭০ মি:গ্ৰা: শৰ্কৰা ৫ মি:গ্ৰা: ভক্ষ্য আঁহ ১.২ গ্ৰাম কেলচিয়াম ১৫ মি:গ্ৰা: লো ০.৬ মি:গ্ৰা: মেগনেছিয়াম ৯ মি:গ্ৰা: পটাছিয়াম ২৩০ মি:গ্ৰা: দস্তা ০.৪ মি:গ্ৰা: খাদ্যপ্ৰাণ ‘ক’ ১০৮২ আ.এ. খাদ্যপ্ৰাণ ‘গ’ ৯ মি:গ্ৰা: নিয়াচিন ০.৪ মি:গ্ৰা: খাদ্যপ্ৰাণ ‘ঙ’ ১.২ মি:গ্ৰা: বিত বিষৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰঙালাউৰ বীজ খোৱাটো অপৰিহাৰ্য্য। যি বীজ নিয়মীয়াকৈ ভক্ষণ কৰিলে বেমাৰজনিত পোৰণিৰ পৰা ৰক্ষা পাব পাৰি। খাদ্যত থকা ক’লেষ্টেৰল নামৰ উপাদানৰ পৰিমাণ বৃদ্ধি হ’লে ৰক্ত পৰিবাহী নলিকাৰ ভিতৰ ভাগ বেৰত এইবোৰ জমা হৈ ফুটা ঠেক কৰাৰ পৰিণতিত ৰক্তচাপ বাঢ়ে আৰু কলিজাৰ বিকাৰ গা কৰি উঠিবলৈ সুবিধা পায়। ৰঙালাউৰ বীজত থকা ফাইট’ষ্টেৰলৰ গঠন কলেষ্টেৰলৰ লগত মিলে যিয়ে দেহৰ প্ৰতিৰক্ষা বৃদ্ধি কৰাৰ লগতে কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে। ৰঙালাউৰ বীজৰ প্ৰতি এশ গ্ৰামত ২৬৫ মিলিগ্ৰাম ফাইট’ষ্ট্ৰেৰল থাকে বাবে খাদ্য তালিকাত এই বীজ অন্তৰ্ভুক্ত কৰি নিয়মীয়াকৈ সেৱন কৰিলে অতিৰিক্ত ক’লেষ্টেৰলৰ অপক্ৰিয়া প্ৰতিহত কৰিব পাৰি। মানুহৰ বিমৰ্ষতা তথা বিদ্যা শিক্ষাৰ বিকাৰ গুচাবলৈ চীন দেশত লাউৰ বীজৰ সহায় লয় কিয়নো ইয়াত থকা এল ত্ৰিপ্ত’ফেন নামৰ পদাৰ্থ এনে বিকাৰ নিৰাময়ত অব্যৰ্থ, সাম্প্ৰতিক কালত বহুতো লোকে বৃক্কৰ পাথৰৰ গ্ৰাসত পৰি যমৰ যাতনা ভোগ কৰে যাক প্ৰতিহত কৰিবলৈ ৰঙালাউৰ বীজ ভক্ষণ কৰাটো অপৰিহাৰ্য্য বুলি পৰীক্ষাই প্ৰতিপন্ন কৰিছে। প্ৰতিদিনে ৫-১০ গ্ৰাম লাউৰ গুটি খোৱাৰ অভ্যাস কৰিলে বৃক্কৰ পাথৰ ৰোধ কৰিব পাৰি বুলি থাইলেণ্ডত সম্পন্ন কৰা পৰীক্ষাত প্ৰতিপাদিত হৈছে। লিখক আনন্দ দেৱ গোস্বামী, দৈনিক অসম।