সেউজীয়াৰ উপকাৰিতা সেউজীয়া শাক-পাচলিত প্ৰায় সকলো প্ৰয়োজনীয় উপাদান থকাৰ কাৰণে ই শৰীৰৰ পুষ্টি আৰু বৃদ্ধিত সহায় কৰে। ভাৰতবৰ্ষ খন বিশাল সেউজীয়া শাক বনেৰে পৰিপূৰ্ণ এখন দেশ। ইয়াত হোৱা পালেং শাক, আমাৰা, গগু, মেথি, ছজিনা, পদিনা আদি বেচ জনপ্ৰিয়। শাক জাতীয় খাদ্যত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ আৰু লৌহ পোৱা যায়।খাদ্যত লৌহৰ অভাৱ হ’লে ৰক্তহীনতাই দেখা দিয়ে। ৰক্তহীনতাত ভোগা গৰ্ভৱতী তিৰোতা, দুগ্ধপান কৰাই থকা মহিলা বা শিশুৰ শৰীৰত নানান ধৰণৰ শাৰিৰীক ব্যাধিয়ে দেখা দিবলৈ ধৰে। নিয়মিত খাদ্যত সেউজীয়া শাক পাচলিৰ অন্তৰ্ভুক্তিয়ে শৰীৰটোক সুস্থ সৱল কৰি ৰাখে। সেউজীয়া শাক-পাচলিত কেলছিয়াম, বিটা’কেৰটিন আৰু খাদ্যপ্ৰান গ উৎকৃষ্ট পৰিমাণত থাকে। খাদ্যত খাদ্যপ্ৰান ক ৰ অভাৱৰ বাবে প্ৰতি বছৰে ভাৰতবৰ্ষত ৫ বছৰ বয়সৰ তলৰ প্ৰায় ৩০,০০০ হেজাৰ ল’ৰা-ছোৱালী অন্ধতাত ভোগে। সেউজীয়া শাক পাচলিত পোৱা কেৰটিন শৰীৰৰ ভিতৰলৈ গৈ ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা খাদ্যপ্ৰান ক লৈ পৰিৱৰ্ত্তিত হয় আৰু এই খাদ্যপ্ৰান ক ই চকুৰ অন্ধতা দূৰ কৰাত সহায় কৰে। সেউজীয়া শাক পাচলিত খাদ্যপ্ৰান গ অক্ষুন্ন ৰাখিবৰ কাৰণে বেচি সময় ৰন্ধাতো অনুচিত কিয়নো বেচি দেৰীলৈকে ৰন্ধা খাদ্যত খাদ্যপ্ৰান গ ৰ অভাৱ ঘটে আৰু তেতিয়া এই খাদ্যই দাতঁৰ সুস্থতা ৰক্ষা কৰিব নোৱাৰে। সেউজীয়া শাক-পাচলিত কিছু পৰিমাণে খাদ্যপ্ৰান খ কমপ্লেক্স পোৱা যায়। এগৰাকী বয়সস্থ মহিলাই প্ৰতিদিনে ১০০ গ্ৰাম সেউজীয়া শাক-পাচলি খোৱাতো জৰুৰী। এজন বয়সস্থ পুৰুষে প্ৰতিদিনে ৪০ গ্ৰাম, ৪ বছৰৰ পৰা ৬ বছৰৰ শিশু আৰু ১০ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰতিদিনে ৫০ গ্ৰাম শাক পাচলি খোৱাতো অতি প্ৰয়োজন। সহজলভ্য সেউজীয়া পাচলিত থকা প্ৰয়োজনীয় উপাদানৰ মানদণ্ডসমূহ তলত দিয়া হ’ল: পৰিপোষক খাদ্যত থকা ৰাসায়নিক পদাৰ্থসমূহ পদিনা আমাৰা পালেং ছজিনা পাত ধনীয়া গগু কেলৰী ৪৮ ৪৫ ২৬ ৯২ ৪৪ ৫৬ মাংসসাৰ (গ্ৰাম) ৪.৮ ৪.০ ২.০ ৬.৭৩ ৩.৩ ১.৭ কেলছিয়াম ( মিলিগ্ৰাম) ২০০ ৩৯৭ ৭৩ ৪৪০ ১৮৪ ১৭২০ লৌহ ( মিলিগ্ৰাম) ১৫.৬ ২৫.৫ ১০.৯ ৭.০ ১৮.৫ ২.২৮ কে’ৰটিন (মাইক্ৰগ্ৰাম) ১৬২০ ৫৫২০ ৪৫৮০ ৬৭৮০ ৬৯১৮ ২৮৯৮ থিয়ামিন ( মিলিগ্ৰাম) ০.০৫ ০.০৩ ০.০৩ ০.০৬ ০.০৫ ০.০৭ ৰিব’ফ্লেভিন( মিলিগ্ৰাম) ০.২৬ ০.৩০ ০.২৬ ০.০৬ ০.০৬ ০.৩৯ খাদ্যপ্ৰান গ (মিলিগ্ৰাম) ২৭.০ ৯৯ ২৮ ২২০ ১৩৫ ২০.২ সেউজীয়া শাক-পাচলিৰ পৰা ল’ৰা-ছোৱালীৰ ডায়েৰীয়া হ্য় বুলি বহুতো মাকে ল’ৰা-ছোৱালীক এই প্ৰয়োজনীয় খাদ্যবিধৰ পৰা বঞ্চিত কৰে। বেক্টেৰিয়া, জীৱাণু, পোক ইত্যাদি মাটি আৰু পানীৰ পৰা শাক তৰকাৰীলৈ আহে আৰু ভালদৰে নোধোৱাকৈ গ্ৰহণ কৰাৰ ফলত এই বীজাণুবোৰ শৰীৰৰ ভিতৰলৈ গৈ ডায়েৰিয়া আদি বেমাৰৰ সৄষ্টি কৰে। সেইকাৰণে ৰন্ধাৰ আগতে সকলোবোৰ শাক-তৰকাৰী ভালদৰে ধুই-মেলি চাফা কৰি ল’ব লাগে। সেউজীয়া শাক-পাচলি ভালদৰে ধুই, ৰান্ধি আৰু ভালদৰে পিটিকি আহঁবোৰ গুছাইহে কেঁচুৱাক খুৱাব লাগে। সেউজীয়া শাক-পাচলিত প্ৰয়োজনীয় ৰাসায়নিক উপাদানসমুহ মজুত ৰাখিবলৈ হ’লে বেচি দেৰী ৰন্ধাতো অনুচিত। ৰান্ধোতে পাচলিৰ পৰা ওলোৱা পানী কেতিয়াও পেলাই দিব নালাগে আৰু সদায় ঢাকনি থকা পাত্ৰতহে ৰাখিব লাগে। শাক-তৰকাৰী ৰ’দত শুকুৱালে তাত থকা কেৰ’টিন নষ্ট হ্য় সেইকাৰণে শাক তৰকাৰী তেলত ভজাতকৈ সিজাই খোৱা বেচি দৰ্কাৰী। সৰ্বসাধাৰণ মানুহে সহজতে পোৱা শাক-পাচলিবোৰক পুষ্টি বৰ্দ্ধনকাৰী বুলি গণ্য নকৰে, কিন্তু ব্যয়বহুল বা দামী পাচলিবোৰকহে শৰীৰৰ প্ৰয়োজনীয় বুলি গ্ৰহণ কৰে আচলতে এই ধাৰণা একেবাৰে ভুল। এইকাৰণেই সেউজীয়া শাক-পাচলিৰ খেতি কৰাত গুৰুত্ব আৰোপ কৰিব লাগে যাতে গোটেই বছৰটোৱেই ইয়াক খাদ্য হিচাবে মানুহে গ্ৰহণ কৰিব পাৰে। ৰান্ধনিশালৰ বাগিছা, স্কুলৰ বাগিছা আৰু ঘৰৰ চাদত কৰা বাগিছা ইত্যাদি শাক-পাচলি খেতি কৰাৰ কাৰণে উপযুক্ত ঠাই। ছজিনা, আগামি ইত্যাদি গছ এবাৰ ৰুই দিলেই হৈ যায়। এই গছৰ পাত আদি তেতিয়া সহজলভ্য হয়। তেজত ব্লাডচুগাৰ আৰু কলেষ্টেৰলৰ পৰিমাণ কমাবৰ কাৰণে মেথিৰ ব্যবহাৰ মধুমেহ আৰু হৃদযন্ত্ৰৰ অসুখ আজিকালি প্ৰায়বোৰ মানুহৰ মাজতে দেখা যায়। উচ্চ ব্লাডচুগাৰ বা কলেষ্টেৰলৰ মাত্ৰা বেচি থাকিলে মানুহৰ শৰীৰত নানান ধৰণৰ বেমাৰৰ সৄষ্টি হ্য়। হায়দৰাবাদৰ নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিচনে গৱেষণা কৰি এইটো পাইছে যে উচ্চ ব্লাডচুগাৰ আৰু উচ্চ কলেষ্টেৰলৰ ক্ষেত্ৰত মেথিৰ বহুত উপকাৰিতা আছে। সদায় মেথি গুটিৰ ব্যবহাৰে মানুহৰ শৰীৰত দৰৱৰ সমানেই কাম কৰে। 1. মেথি গুটি ভাৰতীয় খাদ্য ৰন্ধনৰ এক অপৰিহাৰ্য্য আৰু সহজলভ্য মছলা। ইয়াক গেলামালৰ দোকানতে পোৱা যায়। 2. মধুমেহ বেমাৰৰ কাৰণে মেথি গুটি হৈছে মহৌষধ। ইয়াত ৫০ শতাংশ আঁহ থাকে। মেথিয়ে তেজ আৰু প্ৰস্ৰাৱত থকা গ্লু’কজৰ পৰিমাণ কমাই ৰাখে। কলেষ্টেৰলৰ সমতাও বজাই ৰাখে। কেঁচা বা ৰন্ধা দুইধৰণৰ মেথিয়েই শৰীৰৰ কাৰণে উপকাৰী। 3. মেথি শাকত (যাক আমি সেউজীয়া শাকৰ ভিতৰত অন্তৰ্ভুক্ত কৰো) অৱশ্যে এই ধৰণৰ গুণ দেখা নাযায়। 4. মধুমেহ আৰু তেজত কলেষ্টেৰলৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ মেথি গুটিৰ ব্যৱহাৰৰ পৰিমাণ নিৰ্ণয় কৰা হ্য়। সাধাৰণতে ২৫ গ্ৰামৰ পৰা ৫০ গ্ৰামৰ ভিতৰত ব্যৱহাৰৰ নিৰিখ দিয়া থাকে। 5. যিসকলে ২৫ গ্ৰাম মেথি গুটি ব্যবহাৰ কৰে তেওঁলোকে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ লগত ১২.৫ (দুই চাহ চামুচ) কৈ দুবাৰ গ্ৰহণ কৰিব পাৰে। 6. মেথি গুটি গোটেই ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে। মেথি গুটি শুকানে গুৰি কৰি থৈ আহাৰ খোৱাৰ ১৫ মিনিটৰ আগতে পানী বা গাখীৰৰ লগত মিহলাই লৈও খাব পাৰি। 7. কিছুমান প্ৰক্ৰিয়াৰ দ্বাৰা মেথিৰ তিতা ভাৱটো নোহোৱা কৰিব পাৰি। পিছে আজিকালি তিতা নোহোৱা মেথি বজাৰত পোৱা নাযায়। 8. গোটেই ৰাতি তিয়াই থোৱাৰ পিছত মেথিখিনি কুমল হৈ যায় তেতিয়া এই মেথিখিনি পিটিকি লৈ ৰুটি, দৈ, চাউলৰ গুৰি, খোলা চাপৰি পিঠা, টেকেলী পিঠা, দালিয়া, দাইল আৰু সেউজীয়া শাক-পাচলিত আদি বনাওঁতে মিহলাই দিব পাৰি। মেথিৰ তিতা ভাৱটো তেতিয়া কিছু পৰিমাণে কমে। নিজৰ ৰুচি অনুযায়ী নিমখীয়া বা টেঙাকৈও এই খাদ্য তৈয়াৰ কৰি ল’ব পাৰি। 9. উচ্চ ৰক্তচাপ বা প্ৰস্ৰাৱত চেনিৰ পৰিমাণ নাইকিয়া হোৱালৈকে মেথি গুটি সেৱন কৰি থাকিব লাগে। 10. মেথি গুটি খোৱা লগে লগে নিয়মিতভাৱে খোজকঁঢ়া আৰু লঘু ব্যায়াম কৰাটো অতি দৰকাৰী। শৰীৰৰ ওজন কমাৰ লগে লগে তেজত ইনচুলিনৰ পৰিমাণো বাঢ়ি যায়। ডায়েটৰী কেলৰী যিহেতু সংপৄক্ত স্নেহ পদাৰ্থ (ছেছুৰেটেড ফেট)ৰ পৰা আহে সেয়েহে মধুমেহত ভোগা ৰোগীসকলে চেনী খোৱাৰ পৰা বিৰত থাকিব লাগে। 11. মেথি ব্যৱহাৰ কৰোতে কোনো কোনো ৰোগীৰ প্ৰথম অৱস্থাত ডায়েৰীয়া বা পেটত গেচ আদি হ’ব পাৰে। 12. চিকিৎসকৰ লগত পৰামৰ্শ কৰি দৰৱৰ সঠিক পৰিমাণ নিৰূপণ কৰাৰ লগতে মেথিৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানি ল’ব লাগে। মধুমেহ বেচি হ’লে লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ দেখুৱাব লাগে আৰু তেওঁৰ উপদেশ মতে দৰৱ ব্যৱহাৰ কৰিব লাগে। উৎস: আইএনডিজি দল।