আলু এবিধ সৰ্বজনপ্ৰিয় আৰু সুলভ পাচলি। এই বিধ পাচলি বিশ্বৰ প্ৰায় সকলো ঠাইতে পোৱা হযায়। ইয়াক সকলো ঋতুতে সমানে ব্যৱহাৰ কৰিব পাৰি আৰু ই বয়স তথা লিংগ নিৰ্বিশেষে সকলোৰে বাবে সমানে প্ৰিয় আৰু হিতকাৰী। ই ক্ষাৰ প্ৰধান হোৱা বাবে দেহৰ অম্লতা আঁতৰ কৰি দেহৰ বাবে অত্যাৱশ্যকীয় ক্ষাৰকীয় আৰু অম্লীয় গুণৰ সমতা ৰক্ষা কৰি দেহ সুস্থ-সবল কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ অনেক প্ৰজাতি আছে। আলুৰ বৈজ্ঞানিক নাম হৈছে- ‘চোলেনম টুবেৰোচ,’(Solanum tubarosum)। ই এবিধ কন্দমূল। আয়ুৰ্বেদ অনুসৰি ই আয়ুসবৰ্ধক, বায়ুবৰ্ধক, পাচন প্ৰণালীৰ শক্তিবৃদ্ধিকাৰক, ধাতু বৰ্ধক, চৰ্বি আৰু দেহৰ মেদবৰ্ধক, ৰক্তপিত্তনাশক, মল-মূত্ৰ প্ৰৱৰ্তক, কফ আৰু বাতবৰ্ধক। সংস্কৃত(আয়ুৰ্বেদ) শাস্ত্ৰত বহুগুণী আলুৰ বিভিন্ন ঔষধি গুণবোৰ এনেদৰে বিবৃত হৈছে- আলুকং শীতলং সৰ্বং বিষ্টংভি মধুৰং গুৰু। সৃষ্ট মূত্ৰমলং ৰূক্ষং দুৰ্জৰং ৰক্ত পিত্তনুত। কফানিলকৰংৱল্যং বৃষ্যং স্বল্পাগ্নিবৰ্দ্ধনম।। অৰ্থাৎ আলু শীতল, বিষ্টম্ভক, মধুৰ আৰু গুৰু প্ৰকৃতিৰ। ই মল-মূত্ৰকাৰক, কঠিন-পাচ্য, ৰক্তপিত্ত প্ৰশমক আৰু কফ-বায়ু বৰ্দ্ধক। ই বল-বীৰ্য বৰ্দ্ধক আৰু কিছু পৰিমাণে অগ্নিবৰ্ধক। সেইবাবে বায়ু বিকাৰী লোকে ইয়াক অধিক পৰিমাণে সেৱন কৰিব নালাগে। আলুত থকা ৰাসায়নিক দ্ৰব্য: আলুত নিম্ন উল্লিখিত ধৰণে ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিবোৰ দেহৰ বাবে অত্যাৱশ্যকীয়। প্ৰোটিন ১.৬ শতাংশ, কাৰ্বোহাইড্ৰেট ২৩ শতাংশ, কেলছিয়াম ০.০৩ শতাংশ, ফছফোৰাছ ০.০৩ শতাংশ, লৌহ পদাৰ্থ ০.৭ মিঃগ্ৰাঃ লগতে খাদ্যপ্ৰাণ- এ, বি-১, নিয়াচিন আৰু খাদ্যপ্ৰাণ-‘চি’(গ) পোৱা যায়। খাদ্যপ্ৰাণ-‘গ’(ভিটামিন চি) থকা বাবে আলু স্কাৰ্ভি(Scurvy) ৰোগ নাশক। অৱশ্যে নতুন সজীৱ আলুতহে আশানুৰূপ ধৰণে খাদ্যপ্ৰাণ-‘গ’ পোৱা যায়। পুৰনা আলুত ইয়াৰ পৰিমাণ ক্ৰমে কমি যায়। আলুৰ বৈশিষ্ট্য: আলু সাধাৰণতে সকলো প্ৰকাৰৰ পাচলিৰ সৈতে মিহলাই খাব পাৰি আৰু ইয়াৰ প্ৰধানতম বৈশিষ্ট্য এয়ে যে এইবিধ সামগ্ৰীক যিহৰ সৈতে মিহলোৱা যায় তাৰেই ই পুষ্টিগুণ বৰ্ধন কৰি তোলে বুলি কোৱা হয়। ঔষধীয় গুণ: আলুত থকা ক্ষাৰকীয় উঅপাদানে তেজৰ ইউৰিক এচিডৰ পৰিমাণ কম কৰে। সেইবাবে ই ‘গাইট’ ৰোগতো উপকাৰী। খৰ আদি চৰ্মৰোগত আলু মিহিকৈ পিহি লগালে আৰু ইয়াৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পোৱা যায়। উচ্চ ৰক্তচাপ ৰোগতো আলু উপকাৰী। খাদ্য বিশেষজ্ঞ সকলৰ মতে ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখিব বিচৰা সকলৰ বাবে আলু এবিধ উত্তম খাদ্য দ্ৰব্য। আলুত থকা মেগনেছিয়ামে উচ্চ ৰক্তচাপ প্ৰশমিত কৰে। অম্লপিত্ত ৰোগীৰ বাবেও আলু উপকাৰী। জুয়ে পোৰাতো এক উত্তম ঔষধি হিচাপে আলু অনন্য। কেঁচা আলু পিহি পোৰা অংশত লগালে পোৰণি প্ৰশমিত হয় আৰু ঘা সোনকালে শুকায়। এনেহেন বহুগুণী আলু খাদ্যৰ প্ৰধান উপাদান হিচাপে গ্ৰহণ কৰি নিঃসন্দেহে আমি নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন