কণী পুষ্টি সাধনকাৰী দ্ৰব্যৰে ভৰপূৰ এটা ভঁৰাল - কণী প্ৰটিনেৰে সমৃদ্ধ। এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে। এই প্ৰটিন খুব উচ্চ মানৰ। প্ৰটিনে দেহৰ সকলো অংগৰ মেৰামতি আৰু বৃদ্ধিত সহায় কৰে। কণী সকলো ভিটামিনেৰে ভৰপূৰ। কণীত থকা ভিটামিনসমূহ হ’ল, ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই, বায়োটিন, কলিন আৰু ফলিক এচিড। কণীত যথেষ্ট পৰিমাণে আয়’ডিন, আইৰন আৰু ফছফৰাছ থাকে। তদুপৰি লুটেইন, জিয়াজেনথিন আৰু চেলেনিয়াম জাতীয় এন্টিঅক্সিডেন্ট থাকে। কণী কলিনৰ এটা বৃহৎ উৎস। কলিন ভিটামিন বি কমপ্লেক্সৰ এবিধ ভিটামিন। গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাৰ কাৰণে ই এটা অতি আৱশ্যকীয় ভিটামিন। কলিনে গৰ্ভস্থ সন্তানৰ মগজু আৰু স্নায়ু শক্তি বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি কলিনে নৱজাতকৰ কিছুমান স্নায়ুৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলে দৈনিক কণী খোৱা অত্যন্ত প্ৰয়োজন। এনেবোৰ মহিলাই খোৱা কণী সম্পূৰ্ণ সিদ্ধ হ’ব লাগে। যিহেতু এটা কণীত মাত্ৰ ৭০ কেলৰি থাকে, সেইবাবে কণী দেহৰ ওজন হ্ৰাস কৰাৰ বাবে বিশেষ উপযোগী। ৰাতিপুৱা জলপানত কণী খালে দেহৰ ওজন স্বাভাৱিক ৰখাত আৰু মেদবহুলতা প্ৰতিৰোধ কৰাত সহায় কৰে। আজিকালি বজাৰত ওমেগা থ্ৰীৰে সমৃদ্ধ কৰা কণী পোৱা যায়। ওমেগা থ্ৰীয়ে ৰক্তৰ ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰে। উৎস: নিয়মীয়া বাৰ্তা