হাড় মানুহৰ শৰীৰৰ এক গুৰুত্বপূর্ণ অঙ্গ। হাড় মজবুত হলেহে মানুহৰ শৰীৰৰ আকাৰ-আকৃতি শক্তিশালী হয়। হাড়ক অৱহেলা কৰিলে হাড় ক্ষয়, ককালৰ বিষ,গলধনৰ বিষ, মেৰুদণ্ডৰ সমস্যা আদিয়ে দেখা দিয়ে। দৈনন্দিন খোৱা খাদ্যত এনে কিছু তালিকা আছে যি নিয়মিত খোৱাৰ ফলত হাড়ৰ ক্ষয় ৰোধ কৰাৰ লগে লগে হাড় মজবুত কৰি ৰাখে। ১)কণীঃ ‘ছুপাৰফুড' খ্যাত কণীত থাকে প্রচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেলচ্। প্রটিনৰো আটাইতকৈ বেছি উৎস হ'ল কণী। কিন্তু ইয়াত মাত্র ৬% ভিটামিন ডি হে আছে। যিয়ে খুব সহজে দেহৰ পুষ্টিৰ চাহিদা পূৰণ কৰে। সেয়ে প্রতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস গঢ়ি তোলক। ২)গাখীৰঃ কেলচিয়াম সমৃদ্ধ খাদ্য গাখীৰে হাড়, দাঁত মজবুত কৰে। আঠ আউন্স ফেট ফ্রি গাখীৰে ৯০% কেলৰি ক্ষয় কৰে আৰু ৩০% কেলচিয়ামৰ যোগান ধৰে। সেয়ে প্ৰতিদিনে দুগ্ধপান কৰাৰ অভ্যাস গঢ়ি তোলক। ৩)চিজ বা পনীৰঃ কেলচিয়ামৰ অন্যতম আৰু এটি উৎস হল চিজ বা পনিৰ। ১.৫ আউন্স পনিৰে প্রতিদিনে ৩০% কেলচিয়ামৰ চাহিদা পূৰণ কৰে। ইয়াত কিছু পৰিমাণৰ ভিটামিন ডিও পোৱা যায়। অতিৰিক্ত পৰিমাণে চিজ বা পনিৰ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। ৪)পালেংশাকঃ যিসকল সৰু ল'ৰা-ছোৱালী বা বয়সীয়াল মানুহে গাখীৰ পছন্দ নকৰে তেখেত সকলে গাখীৰৰ কেলচিয়ামৰ চাহিদা পুৰণ কৰিবলৈ পালেংশাক খাব পাৰে। পালেংশাকত ২৫% কেলচিয়ামৰ ওপৰিও প্ৰচুৰ পৰিমাণে ফাইবাৰ, আয়ৰণ আৰু ভিটামিন এ থাকে। ৫)কাঠবাদামঃ কাঠাবাদামত ১৮% কেলচিয়াম থাকে। ইয়ে হাড় মজবুত কৰাৰ ওপৰি ওজন হ্রাস কৰাত সহায় কৰে। ৬) কলিজাঃ কলিজাত প্রচুৰ পৰিমাণে আয়ৰণ থাকে যিয়ে হাড় মজবুত কৰাৰ ওপৰি দাঁত শক্তিশালী কৰে। ইয়াৰ ওপৰিও কলিজাত ভিটামিন এ আৰু ভিটামিন ডি থাকে। লেখক: ডাঃ শ্বাহিদুল প্ৰীতম উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ ফোন নং: 9707738197