তুলসী তুলসীৰ অন্ততঃ ২৬ ধৰণৰ গুণ আছে বুলি আয়ুৰ্বেদিক শাস্ত্ৰত বৰ্ণিত আছে। তুলসী পাত খোৱাৰ কাৰণে তেনে কোনো ধৰণৰ নিয়ম নাই। যেতিয়াই ইচ্ছা তেতিয়াই তুলসীৰ পাত চোবাই খাওঁক, কোনো নহয় কোনো ৰোগৰ সুফল পাব। বিশেষকৈ হাৰ্টৰ ৰোগৰ। দৈনন্দিন জীৱনত তুলসীৰ ব্যৱহাৰ কাতি মাহত প্ৰতিদিন ৪-৫টা তুলসী পাত খালী পেটত চোবাই খালে, গোটেই বছৰৰ কাৰণে কোনো ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। ইয়াৰ কাৰণ হ’ল কাতি মাহৰ বতৰত তুলসী পাতে সকলো সময়তে দেহক নিৰোগী কৰি ৰাখে। তুলসী পাতে দেহত এক আধ্যাত্মিক ভাব জগায়, মনত একাগ্ৰতা আনে। তুলসী গছৰ ওচৰত বহিলে বা থিয় হ’লেও মানসিক একাগ্ৰতা বৃদ্ধি পায়। তুলসী পাত খোৱা বস্তুৰ ওপৰত ৰাখি দিলে খাদ্য বস্তুত কোনো দূষিত বায়ুৰ প্ৰভাৱ নপৰে। সেয়ে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়ত আহাৰ্য্য বস্তু তথা খোৱা পানীৰ ওপৰত তুলসী পাত দিয়া হয়। তুলসী গছক আধ্যাত্মিক শক্তিৰ প্ৰতীক বুলি ভবা হয়। তুলসী তলত চাকি দিলে আৰু তুলসী গছক প্ৰদক্ষিণ কৰিলে মানসিক শান্তি পোৱা যায়। তুলসীৰ গন্ধত ৰক্তবিকাৰ ৰোগ নহয়। তুলসীৰ পাত যদি স্নানৰ কিছু আগতে স্নানকৰা পানীত ৰাখি থৈ সেই পানীৰে স্নান কৰা হয়, তেনেহ’লে চৰ্মৰোগ হোৱাৰ কোনো ভয় নাথাকে। খোৱাপানীৰ পাত্ৰত তুলসী পাত ৰাখি সেই পানী পান কৰিলে পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। তুলসীৰ মালা ডিঙিত পিন্ধিলে শৰীৰ আৰু মন সুস্থ থাকে। তুলসীয়ে কাম শক্তিক নিয়ন্ত্ৰণত ৰাখে। ই কাম শক্তিক যেনেদৰে বঢ়ায় তেনেদৰে তাক সংযত কৰিও ৰাখে। তুলসী পাত চোবাই খালে দাঁত মজবুত থাকে। দাঁত পোকে নাখায়। তেল, চাবোন, ক্ৰীম ইত্যাদি ব্যৱহাৰ নকৰি তুলসী পাতৰ ৰস দেহত ঘঁহিলে দেহৰ উজ্জলতা বাঢ়ে, হাড় টান হয়, দেহ নিৰোগী হয়। বিভিন্ন ৰোগত তুলসীৰ ব্যৱহাৰ (১) চকু উঠা ঠাণ্ডা বা গৰমত ঘূৰিলে, অতিৰিক্ত ঠাণ্ডা বা গৰমত চকু উঠে। এই ৰোগটো সংক্ৰামক। এজনৰ হ’লে পৰিয়ালৰ সকলোৰে হয়। সেই সময়ত তুলসী পাতৰ ৰস কাজলৰ দৰে চকুত লগালে বা মৌ মিহলাই চকুত লগালে চকু উঠা আৰু চকুৰ পানী পৰা বন্ধ হয়। (২) অধিক ৰজঃস্ৰাৱত কোনো কোনো মহিলাৰ ১৪-১৫ দিনৰ অন্তৰত মাহেকীয়া হয়, যিটো ২৮ দিনৰ অন্তৰত এবাৰ হ’ব লাগে। এই ক্ষেত্ৰত যদি তুলসী গছৰ মূল চূৰ্ণ কৰি সাধাৰণ পাণ বা মিঠাপাণৰ সৈতে তাৰ আধা চামুচ মিহলাই কেইমাহমান খায় তেনেহলে ৰজঃস্ৰাৱ স্বাভাৱিক হ’ব। (৩)কুষ্ঠ ৰোগত কুষ্ঠৰোগ হ’লে তুলসী পাতৰ ৰস সকলো সময়তে সেৱন কৰিব লাগে। যদি আঙুলি ক্ষয় যায়, হাড়ত আক্ৰমণ কৰে, তেনেহ’লে তুলসীৰ ৰস সেৱন কৰিলে কুষ্ঠ ভাল হয়। যদি শ্বেত কুষ্ঠ হয়, তেতিয়া তুলসীৰ ৫টা পাত ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া চোবাই খালে আৰু তুলসী গছৰ মূলৰ মাটিৰ সৈতে তুলসী পাত ঘঁহি কুষ্ঠৰ ক্ষতত প্ৰলেপ দিলে কুষ্ঠৰ দাগ মিলি যায়। (৪) আদকপালীত আদকপালী হ’ল মূৰৰ এফালে হোৱা বিষ বা বেদনা। এই ৰোগ হ’লে তুলসী গছৰ সৰু পুলি ছাঁত শুকুৱাই সেইবোৰ গুড়ি কৰি ৫ গ্ৰাম গুড়ি আধা চামুচ মৌৰ সৈতে মিহলাই খালে আদকপালী ৰোগ ভাল হয়। (৫) কোষ্ঠকাঠিন্যত যদি পায়খানা পৰিষ্কাৰ নহয়, তেনেহ’লে ডিঙিতো তাৰ প্ৰতিক্ৰিয়া দেখা যায়। কাহ হয়, মূৰটো গধুৰ গধুৰ লাগে। এনে হ’লে ২৫ গ্ৰাম তুলসী পাতৰ সৈতে ৫০ গ্ৰাম গোলাপী ফিটকিৰি চূৰ্ণ কৰি মিহলাই মটৰ মাহৰ সমান ডাঙৰ বড়ি তৈয়াৰ কৰি, সেই বড়ি, ছাঁত শুকুৱাই প্ৰতিদিন ৰাতিপুৱা আৰু সন্ধিয়া এটাকৈ বড়ি পানীৰে সৈতে সেৱন কৰিলে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। (৬) গলত কুষ্ঠ হ’লে তুলসীৰ শিপাৰ গুড়ি গৰম পানীৰে সৈতে পান কৰিলে, তুলসী পাতৰ ৰস মৌৰে সৈতে খালে অথবা তুলসী পাতৰ ৰস গোমূত্ৰ সহ ৰাতিপুৱা আৰু সন্ধ্যা পান কৰিলে ৰোগ নিৰাময় হয়। (৭) গৰ্ভ নিয়ন্ত্ৰণত মাহেকীয়াৰ সময় শেষ হ’লে তুলসী পাত সিদ্ধ কৰি সেই পানী খালে গৰ্ভসঞ্চাৰ নিবাৰিত হয়। (৮) দাঁতৰ বিষত দাঁত যদি খুব বিষায়, তেতিয়াহ’লে তুলসী পাতৰ সৈতে জালুক মিহলাই বটি লৈ তাৰে বড়ি তৈয়াৰ কৰি সেই বড়ি দাঁতৰ বিষ হোৱা ঠাইত চাপ দি বহুৱাই দিলে দাঁতৰ বিষ কমি যাব। (৯) গৰ্ভৰক্ষাত যদি গৰ্ভাশয়ৰ গণ্ডগোলৰ কাৰণে গৰ্ভপাত হয়, তেনেহ’লে ৩০ গ্ৰাম তুলসী গছৰ বীজ বটি কাপোৰেৰে ছেকি লৈ মাহেকীয়া হোৱাৰ ৭ দিন পিছৰ পৰা ৰাতিপুৱা, সন্ধ্যা আৰু ৰাতি খালে গৰ্ভৰক্ষা হ’ব। (১০) দীৰ্ঘস্থায়ী যৌৱন ৰক্ষাত ২৫ গ্ৰামকৈ অশ্বগন্ধা, পিপলিৰ মূল, তোপচেনি, তালমা খান, নাগকেশৰ আৰু ১২৫ গ্ৰাম তুলসী পাত একেলগে বটি তাত ৩০০ গ্ৰাম চেনি মিহলাই চাটনি তৈয়াৰ কৰক। সেই চাটনি ঠাণ্ডা হলে তাত সৰু ইলাচি, জাঁইফল, কেশৰ প্ৰভৃতিৰ ১৫ গ্ৰাম মিহলাই বটি সেই চাটনিৰ সৈতে মিহলাই শীতকালত দৈনিক ১৫ গ্ৰামকৈ ৰাতিপুৱাই খাই এগিলাচ গৰম গাখীৰ খালে যৌৱন দীৰ্ঘস্থায়ী হয়। (১১) জণ্ডিচত শৰীৰৰ ৰক্ত হ্ৰাস পালে এই ৰোগ হয়। এই ৰোগ হ’লে শৰীৰ হালধীয়া হয়। এই ৰোগৰ সৰ্বশ্ৰেষ্ঠ ঔষধ হ’ল ১০০ গ্ৰাম মূলাৰ ৰসৰ সৈতে ২৫ গ্ৰাম তুলসী পাতৰ ৰস আৰু ২৫ গ্ৰাম কুঁহিয়াৰৰ গুড় একেলগে মিহলাই দৈনিক ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধ্যা এমাহমান খালে ৰক্তশূন্যতা দূৰ হয়। ৫ গ্ৰাম তুলসী পাত, ৫ গ্ৰাম পুনৰ্ণবাৰ মূল, ৫ গ্ৰাম পানীৰে বটি খালে জণ্ডিচ ৰোগত যি হালধীয়া বৰ্ণ হয় সেইটো কাটি যায় আৰু ৰোগো ভাল হয়। (১২) দাঁতৰ পোকত তুলসী পাতৰ ৰসৰ সৈতে কৰ্পূৰ মিহলাই তাত তুলা তিয়াই লৈ দাঁতৰ গুৰিত লগালে দাঁতৰ পোক মৰে। (১৩) প্ৰসৱ বেদনাত প্ৰসূতিক তুলসী পাতৰ ৰস খুৱালে প্ৰসৱৰ কষ্টৰ বেদনা নিৰাসন হয় আৰু সহজতে প্ৰসৱ হয়। তুলসীৰ বীজ ২-৩ ঘণ্টা পানীত তিয়াই থৈ সেই পানী ছেকি লৈ তাৰ লগত মিছিৰি মিহলাই খালে প্ৰসৱ বেদনা দূৰ হয়। (১৪) পাথৰি ৰোগত পাথৰি ৰোগ হ’লে প্ৰস্ৰাৱত কষ্ট হয়, তলপেট বিষায়। এনে অৱস্থাত ৰোগীক এনেভাৱে বহাব লাগে যাতে ৰোগীৰ নিম্নাংগ তলফালে থাকে। তাৰ পাছত তুলসী পুলি বা ডালৰ ক্কাথ তৈয়াৰ কৰক। পৰিমাণমতে পানী লৈ তাত তুলসী মঞ্জৰী দি জুই দিয়ক, যেতিয়া ঘন হৈ আহিব যি পাত্ৰটোত ক্কাথ তৈয়াৰ কৰিছে সেইটো ৰোগীৰ নিম্নাংগত চেপি ধৰিব। এনে কৰিলে পাথৰি গলি গৈ মূত্ৰদ্বাৰেৰে বাহিৰ হৈ যাব। এই ব্যৱস্থা দীৰ্ঘদিন কৰিব লাগিব। (১৫) স্তনদুগ্ধ বৃদ্ধিত যিসকল মহিলাৰ স্তনত শিশুৰ পুষ্টিৰ কাৰণে যিমানখিনি গাখীৰ থাকিব লাগে সিমানখিনি নাথাকে, আকৌ কাৰোবাৰ প্ৰথমতে থাকিলেও পিছত শুকাই যায়। এনে ক্ষেত্ৰত তুলসী পাতৰ ৰস আৰু অশ্বগন্ধাৰ ৰস ১৫ মিলিলিটাৰৰ সৈতে ২ চামুচ মৌ মিহলাই এসপ্তাহ খালে প্ৰসূতিৰ স্তনৰ দুগ্ধ বৃদ্ধি পাব। (১৬) তপা হোৱাত এইটো এটা ভয়ানক ৰোগ। তেজৰ দোষ আদি বিভিন্ন কাৰণত এই ৰোগ হ’ব পাৰে। তুলসী পাত আৰু পিপলিৰ কলি একেলগে বটি তপা হোৱা ঠাইত দিলে তপা ভাল হয়। (১৭) মুখৰ দুৰ্গন্ধত যিসকলৰ মুখত দুৰ্গন্ধ হয়, দাঁত পোকে খায়, তেওঁলোকে যদি খোৱাৰ পিছত ২-৪টা তুলসী পাত চোবাই খায়, তেনেহ’লে মুখৰ দুৰ্গন্ধ দূৰ হয়, দাঁত পোকে নাখায়। (১৮) বিদ্যুতৰ শ্বক লাগিলে বৈদ্যুতিক কাৰেণ্ট লাগি যদি কোনোৱে অজ্ঞান হৈ পৰে, তেতিয়া সেই ব্যক্তিৰ মূৰত, মেৰুদণ্ডত তুলসী পাতৰ ৰস ঘঁহি দিলে জ্ঞান ফিৰাই পাব। এনে অৱস্থাত হাত আৰু ভৰিৰ তলুৱাত তুলসী পাতৰ ৰস মালিচ কৰিব লাগে। (১৯) চুলি সৰাত ২০-২৫টা তুলসী পাতৰ সৈতে আমলখিৰ গুড়ি মিহলাই পানীত তিয়াই ৰাখক। ১৫-২০ মিনিট পিছত সেই পানীৰে মূৰ ধুই পেলাব। চুলিবোৰ শুকাই গ’লে মূৰত নাৰিকল তেল ঘঁহিব। এনে কৰিলে চুলি ক’লা হ’ব আৰু চুলি সৰা বন্ধ হ’ব। (২০) ৰক্তস্ৰাৱত যদি কোনো কাৰণত শৰীৰৰ পৰা তেজ ওলায় আৰু সেয়া বন্ধ নহয়, তেতিয়াহ’লে তুলসী গছৰ মূলৰ চূৰ্ণ পাণৰ সৈতে খুৱাই দিলে তেজ ওলোৱা বন্ধ হ’ব। (২১) বীৰ্যস্ৰাৱত শুক্ৰ তাৰল্যৰ কাৰণে অনেক সময়ত বিনা কাৰণেই বীৰ্যপাত হয়। এই বীৰ্যপুষ্টিৰ কাৰণে ১৫ গ্ৰামকৈ তুলসীৰ বীজ, নাটা কৰঞ্জৰ বীজৰ শাহ, পিপলি একেলগে বটি বড়ি তৈয়াৰ কৰি, সেই বড়ি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খাই গৰম গাখীৰ খালে বীৰ্য পুষ্ট হ’ব। (২২) কুকুৰীকণাত ২ ঘণ্টাৰ অন্তৰে অন্তৰে তুলসী পাতৰ ৰস খালে আৰু ২ টোপকৈ ৰস ৰাতিপুৱা আৰু সন্ধ্যা চকুত দিলে কুকুৰীকণা ৰোগ ভাল হয়। এই ৰস অন্ততঃ এমাহ ব্যৱহাৰ কৰিব লাগে। (২৩) কাণেৰে কম শুনিলে কাণেৰে কম শুনিলে তুলসী পাতৰ ৰস সামান্য গৰম কৰি কাণৰ ভিতৰত ৰাতিপুৱা আৰু সন্ধ্যা কেইফোটমানকৈ দিলে শ্ৰৱণশক্তি ঘূৰি আহে। (২৪) বীৰ্যক্ষণতাত নপুংসকতাৰ পূৰ্ব লক্ষণ হ’ল বীৰ্যতাৰল্য। এই বীৰ্য গাঢ় আৰু স্বচ্ছ হোৱাৰ কাৰণে ১০০ গ্ৰাম তুলসীৰ বীজৰ সৈতে সম পৰিমাণৰ মিছিৰি মিহলাই গুড়ি কৰি লৈ তাৰে ৫ গ্ৰামকৈ গাখীৰৰ সৈতে খালে বীৰ্য গাঢ় হয়। অন্ততঃ এমাহ খাব লাগিব। (২৫) স্বপ্নদোষত শুই থাকোঁতে যুৱকসকলৰ যি বীৰ্যপাত হয় তাকে বোলে স্বপ্নদোষ। এই ক্ষেত্ৰত তুলসীৰ মূল বটি খালে স্বপ্নদোষ ৰোগ নিৰাময় হয়। (২৬) শীঘ্ৰ বীৰ্য পতনত বিভিন্ন কাৰণত বীৰ্যত নানা ধৰণৰ দোষে দেখা দিয়ে, যাৰ ফলত ৰতি মিলনৰ সময়ত অতি সোনকালে বীৰ্যপাত ঘটে। এনে ক্ষেত্ৰত তুলসী গছৰ মূল টুকুৰাকৈ কাটি সেই টুকুৰা তামোলৰ পৰিৱৰ্তে পাণৰ সৈতে চোবাই খালে এই ৰোগ ভাল হ’ব। নিমপাত প্ৰতি মাহত যদি অন্ততঃ এদিন নিমপাত বটি গোটেই দেহত সনা যায়, তেনেহ’লে জীৱাণু নাশ হয়। ২৫-৩০টা নিমপাত আৰু ৩০ গ্ৰাম কেঁচা হালধী একেলগে বটি দেহত সানিলে দেহৰ বৰ্ণ যেনেদৰে উজ্জ্বল হ’ব, ঠিক সেনেদৰে কোনো ধৰণৰ চৰ্মৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। প্ৰতিদিন ৰাতিপুৱা খালীপেটে ১ চামুচ নিমপাতৰ গুড়িৰ সৈতে ১ চামুচ মৌ মিহলাই খালে তেজ পৰিষ্কাৰ হয়, বায়ু-পিত্ত-কফ নাশ হয় আৰু চকুৰ দৃষ্টি প্ৰখৰ হয়। পিঁয়াজ পিঁয়াজে আমাৰ বিভিন্ন ৰোগৰ উপশমত সাহায্য কৰে। কোন ৰোগত কেনেকৈ খাব- কাণৰ পুঁজঃ পিঁয়াজ আৰু নহৰুৰ ৰস মিহলাই সামান্য গৰম কৰি ২-১ টোপাকৈ ৩-৪ দিন কাণত দিলে কাণৰ পুঁজ পৰা বন্ধ হয়। হেঁকেটিঃ ২ চামুচ পিঁয়াজৰ ৰস ৪ চামুচ পানীত মিহলাই কিছু সময় ৰাখি ৩-৪ বাৰ খালে হেঁকেটি উঠা বন্ধ হ’ব। কোষ্ঠকাঠিন্যঃ ৰাতি শোৱাৰ আগতে ১-২ চামুচ পিঁয়াজৰ ৰস সম পৰিমাণৰ পানীৰ সৈতে মিহলাই কালে পায়খানা পৰিষ্কাৰ হ’ব। অৰ্শৰোগঃ অৰ্শ ৰোগত যি ৰক্ত পৰে সেয়া বন্ধ কৰিবলৈ এক চামুচ ঠাণ্ডা পানীত এক চামুচ পিঁয়াজৰ ৰস মিহলাই ৰাতিপুৱা আৰু ৰাতি ৭ দিন খালে অৰ্শৰ ৰক্ত পৰা বন্ধ হয়। বেছি গৰমতঃ লু-ৰ জ্বালাৰ পৰা ৰক্ষা পাবলৈ প্ৰতিদিন যদি এটাকৈ পিঁয়াজ খোৱা হয় তেতিয়া ‘লু’ৰ জ্বালাৰ পৰা ৰক্ষা পোৱা যায়। পানীৰ তৃষ্ণাৰ যি প্ৰৱণতা থাকে সেয়া হ্ৰাস পায়। বমিঃ বমি হৈ থাকিলে ৫-৬ টোপা পিঁয়াজৰ ৰস ২ চামুচ পানীৰ লগত মিহলাই ৩ বাৰমান খুৱালে বমি বন্ধ হ’ব। প্ৰস্ৰাৱৰ বেগ ধাৰণৰ অক্ষমতাঃ এক চামুচকৈ পিঁয়াজৰ ৰস প্ৰতিদিন খোৱাৰ পিছত সাত দিন খালে উপকাৰ পোৱা যায়। নাকেৰে তেজ ওলালেঃ ৫-৬ টোপা পিঁয়াজৰ ৰস নাকেৰে উজাই দিলে নাকেৰে তেজ ওলোৱা বন্ধ হ’ব। পানীলগাঃ পানীলগা অসুখ হলে নাকেৰে যেতিয়া পানী পৰিবলৈ আৰম্ভ কৰিব, সেই সময়ত দুই চামুচ পিঁয়াজৰ ৰস খোৱাৰ পিছত পানীৰে সৈতে মিহলাই খালে পানীলগা অসুখ নিৰাময় হ’ব। উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী