চজিনা এবিধ অতি উপকাৰী আৰু পুষ্টিকাৰক পাচলি। চজিনা গছৰ পাত আৰু গছৰ বাকলিৰো আছে বিভিন্ন ঔষধি গুণ। পাহাৰীয়া ওখ পানী বন্ধ নোহোৱা মাটিত চজিনা অধিক পৰিমাণে হয়। ভূটান পাহাৰৰ নামনি, ডুমনী,খৈৰাণী কুমাৰীকটা, সুৱণখাটা আদি অঞ্চলত প্ৰচুৰ চজিনা গছ আছে।তদুপৰি আমাৰ বাৰী-বস্তিত অলপ পৰিমাণে হ’লেও চজিনা গছ থাকে। ফাগুন মাহ অহাৰ লগে লগে চজিনা লাগিবলৈ আৰম্ভ কৰে। চ’ত বহাগত চজিনা খোৱাৰ উপযোগী হয়। চজিনা বগা সৰিয়হ দি ভাজি খোৱা হয়। আমাৰ গ্ৰামাঞ্চলত চজিনাৰ কোমল পাত ভাজি খোৱা হয়। চজিনাৰ ফুলবোৰ সৰু আলু দি ভাজি খালে বৰ সোৱাদ পোৱা যায়। চজিনাই মানুহৰ পুষ্টিহীনতা দুৰ কৰি দেহত শক্তি বৃদ্ধি কৰে। বসন্ত কালত চজিনা খালে বেমাৰৰ ভাইৰাছ দূৰ হয়। বসন্ত ৰোগ নহয়। শৰীৰ দুৰ্বল হ’লে চজিনাৰ পাতৰ আঞ্জা বা চজিনা সৰু সৰুকৈ কাটি সৰিয়হ বটি কম পানী দি ৰান্ধি খালে উপকাৰ পোৱা যায়। ডায়েবেটিছ ৰোগীৰ হাত-ভৰি জিনজিনালে, চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে চজিনাৰ আঞ্জা সুফল পোৱা যায়। মানুহৰ ৰক্তচাপ বৃদ্ধি পালে, শৰীৰ দুৰ্বল হ’লে , বৃক্ক বেয়া হ’লে চজিনাৰ তৰকাৰী খালে সুফল পোৱা যায়। হাত-ভৰি ফুলি উঠিলে চজিনাৰ গছৰ বাকলি বান্ধি থ’লে বিষৰ পৰা উপশম হোৱা বুলি কয়। মনৰ উদ্বেগ- হতাশা আহিলে চজিনা পাতৰ আঞ্জা খালে মন প্ৰফুল্লিত হয়। চজিনা পাতৰ গুড়ি এক পুষ্টিকৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ চজিনা উৎপাদনকাৰী দেশ। বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু অসমত চজিনা বেছি উৎপাদন হয়। ইয়াত বছৰি প্ৰায় ৩৮ হাজাৰ হেক্টৰ মাটিত চজিনা খেতি কৰা হয়। চজিনা খেতিৰ পৰা ২.২ নিযুত টন চজিনা উৎপাদন কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। চজিনা পাতৰ গুড়িৰ পৰা যোৱা ২০১৩-১৪ বছৰত ১১.১৯ নিযুত ডলাৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে। ১০০ গ্ৰাম চজিনাত পোৱা স্বাস্থ্য মৌল তলত দিয়া হ’ল। ভিটামিন ‘চি’ ১৭০ মি: গ্ৰাম প্ৰটিন ৬.৭ গ্ৰাম চৰ্বি ১.৭ গ্ৰাম কেলচিয়াম ৪০ গ্ৰাম ৰিডোফ্লেবিন ১.০৭ গ্ৰাম ভিটামিন ‘এ’ ১০ গ্ৰাম ৰাসায়নিক সাৰ আৰু কীটনাশক্ ব্যৱহাৰ নকৰাকৈ উপলব্ধ হোৱা প্ৰকৃতিৰ দান চজিনা আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱাটো ভাল। লেখক: অনিল চন্দ্ৰ শৰ্মা (দৈনিক জনমভূমি)