টেঙেচিৰ ৰস জ্বৰ কমাবলৈ ব্যৱহৃতহয় ৷ ভিটামিন-চিৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগ টেঙচিয়ে প্ৰতিৰোধ কৰে ৷ প্ৰসাব খোলোচা হোৱাত টেঙচি সহায়ক ৷ গতিকে প্ৰসাবৰ সংক্ৰমণৰ চিকিৎসাত প্ৰয়োগ হয় ৷ মুখৰ ভিতৰৰ যি কোনো ঘাঁ টেঙচি পানীৰে কুলকলি কৰিলে নিৰাময় হয় ৷ টেঙেচি পাতত দি খালে স্মৃতি শক্তি বাঢ়ে ৷ বেচু বা খৰ হোৱা ঠাইত টেঙেচি পিচি লগালে আৰোগ্য হয় ৷ টেঙেচিৰ ৰস চিকাই কামোৰা ঠাইত লগাই চিকিৎসা কৰা হয় ৷ মদৰ নিচা ভাঙিবলৈ টেঙেচিৰ ৰস খোৱাব লাগে ৷ নিদ্ৰাহীনতা আৰু স্নায়বিক দূৰ্বলতাত টেঙেচি ফলপ্ৰসু ঔষধ ৷ গ্ৰহণী আৰু পেটৰ বিষ নিৰাময় কৰে ৷ কাপোৰত লগা ভেঁকুৰৰ দাগ টেঙেচি ঘঁহিলে আতৰ হয় ৷ কাঁহ-পিতল বা আন ধাতুৰ বাচন টেঙেচিৰে ঘঁহি ধুলে চিকচিকিয়া হয় ৷ হৃদৰোগত_উপযোগী - তেজৰ চৰ্বি কমোৱা গুণৰ বাবে টেঙেচিয়ে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ পাক_প্ৰণালীৰ_উপকাৰিতা- পাকস্থলীৰ আলচাৰ নিৰাময়ত সহায়ক৷এমিবা, জিয়াৰডিয়া বিনাশক৷ লিভাৰৰ ক্ৰিয়া সুচাৰুৰূপে চলাত সহায়ক৷ চিলিমেৰিন জাতীয় দৰবৰ দৰে লিভাৰৰ বৰ্ধিত SGOT, SGPTৰ পৰিমান কমোৱাত সহায়ক ৷ লেখক: ডাঃ ভূপেন শইকীয়া উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ