প্ৰ’টিনে পেশী গঠনত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। প্ৰ’টিনে হাড় শক্তিশালী কৰে। ফলত অস্থিঅ’পৰ’ছিছৰ সম্ভাৱনা হ্ৰাস পায় আৰু হাড় ভাঙিলে দ্ৰুত আৰোগ্য লাভত সহায় কৰে। প্ৰ’টিনে মেটাবলিজিমৰ মাত্ৰা বৃদ্ধি কৰে। ফলত কেলৰি ক্ষয় হোৱাত সহায়ক হয় আৰু শৰীৰৰ ওজন হ্ৰাস পায়। প্ৰ’টিনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। প্ৰ’টিনে শৰীৰক নিৰোগী কৰি ৰাখে আৰু যিকোনো আঘাতৰ পৰা আৰোগ্য লাভত সহায়ক হয়। খাদ্যত প্ৰ’টিন গ্ৰহণৰ অভ্যাসে ওজন কমাই ৰাখে। শৰীৰৰ ওজনৰ সৈতে সামঞ্জস্য ৰাখি কাৰ্ব’হাইড্ৰেট কমাই প্ৰ’টিন গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণত সহায়ক হয়। উৎস: নিয়মীয়া বাৰ্তা