উচ্চ প্ৰটিনযুক্ত পুষ্টিকৰ আৰু সুস্বাদু খাদ্য হিচাপে মাছৰ তুলনা নাই।অতীজৰে পৰা অসমীয়া সমাজ,সংস্কৃতি আৰু জনজীৱনৰ লগতে আমিষ ভোজনত মাছে এক গুৰুত্বপুৰ্ণ স্থান দখল কৰি আছে।মাংগলিক অনুষ্ঠান,সভা সমিতি,প্ৰেতকৰ্ম,জন্মোৎসৱ,অন্নপ্ৰাশন,অতিথি আপ্যায়ন আদিত মাছ নহ’লেই নহয়।মাছ এবিধ সহজলভ্য প্ৰটিনৰ উৎস আৰু সৰ্বসাধাৰণ খাদ্যৰ পৌষ্টিক মান উন্নীতকৰণত ইয়াৰ গুৰুত্ব অপৰিসীম।কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ দেশত এতিয়াও প্ৰটিনৰ অভাৱত অৰ্থাৎ পুষ্টিহীনতাত বছৰি বহু লোকৰ মৃত্যু পৰ্যন্ত হয়।উল্লেখযোগ্য যে বৰ্তমানে ভাৰতৰ প্ৰায় ২৬ শতাংশ গ্ৰাম্য জনসাধাৰণ পুষ্টীহীনতাত ভোগে।মাছত প্ৰায় ১৮-২২ শতাংশ প্ৰটিন ,১-৬ শতাংশ লিপিড,০.৪-১ শতাংশ কাৰ্বহাইড্ৰেট আৰু ৮০ শতাংশ পানী থাকে।মাছৰ প্ৰটিনত থকা কেতবোৰ অত্যাৱশ্যকীয় এমাইন এছিড যেনে আৰ্জিনিন,লাইছিন,থ্ৰিয়নিন ইত্যাদিয়ে মাছক এবিধ উচ্চ কেলৰিসম্পন্ন পথ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে।প্ৰ’টিনৰ উপৰি মাছৰ দেহত যথেষ্ট পৰিমাণে ভিটামিন ‘ক’আৰু ভিটামিন ‘ঘ’ থাকে।তদুপৰি মানৱ দেহৰ বাবে প্ৰয়োজনীয় বিভিন্ন খনিজ পদাৰ্থ যেনে আয়ডিন,ফ্ল’ৰিন,ফছফৰাছ,পটাছিয়াম,আইৰন,তাম,কেলছিয়াম আদিও মাছত পোৱা যায়।মাছত থকা শক্তিৰ পৰিমাণ (১৯৩ কিলো কেলৰি/১০০ গ্ৰাম),ছাগলী মাংস (১৪৩ কিলো কেলৰি/১০০ গ্ৰাম),গৰুৰ মাংস (১১৪ কিলো কেলৰি/১০০ গ্ৰাম )আৰু কুকুৰাৰ কণীতকৈ (১৭৩ কিলো/১০০ গ্ৰাম)বেছি।প্ৰতি কিলো গ্ৰাম মাছৰ পৰা কমেও ৬০০-৭০০ কেলৰি শক্তি পোৱা যায়।শীতলৰক্তী প্ৰাণী হোৱা বাবে মাছৰ উৎপাদন ব্যয় বহুগুণে কম।এক কিলোগ্ৰাম খাদ্য প্ৰটিনৰ পৰা মাছে ৩৫০ গ্ৰাম দেহ প্ৰটিন উৎপাদন কৰে,কিন্তু সমপৰিমাণৰ খাদ্য প্ৰটিনৰ পৰা কুকুৰাই ১৮০ গ্ৰাম,গাহৰিয়ে ১২৫ গ্ৰাম আৰু গৰুৱে মাত্ৰ ৫০ গ্ৰামহে দেহ প্ৰটিন উৎপাদন কৰিব পাৰে।উল্লেখযোগ্য যে মাছৰ খাদ্যকলা গৰু,ছাগলী,কুকুৰাৰ মাংসতকৈ অধিক।মাছৰ অতি কম সহযোগী কলা আৰু অধিক এলবুমনিৰ বাবে ইয়াৰ প্ৰটিনভাগ অধিক সহজে হজম হয়।বায়ুশ্বাসী বিভিন্ন মাছ যেনে শিঙি,মাগুৰ,কাৱৈ আদিত যথেষ্ট পৰিমাণে লো আৰু তাম থাকে বাবে ইহঁতে হিমগ্ল’বিন সংশ্লেষণ কৰিব পাৰে আৰু মানৱ দেহৰ ৰক্তহীনতা দুৰ কৰাত সহায় কৰে।ৰক্তহীনতাত ভোগা ৰোগী বা গৰ্ভৱতী মহিলাৰ বাবে এই মাছসমুহ উৎকৃষ্ট পথ্য।আকৌ শল,শাল,গৰৈ,চেং আদি সাপমুৰীয়া মাছত যথেষ্ট পৰিমাণে এৰাছিডনিক এচিড থাকে,যি প্ৰষ্টাগ্লেনডিন আৰু থ্ৰ্ম্বকিন নামৰ দুবিধ ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে।এই দুবিধ ৰাসায়নিক পদাৰ্থই তেজত চেকুৰা বান্ধি তেজ নিৰ্গমনত বাধা দিবলৈ অনুচক্ৰিকা নামৰ কলাবোৰ সক্ৰিয় কৰি তোলে।মাছৰ তেলত যথেষ্ট পৰিমাণে ডি এইচ এ আৰু ই পি এথাকে।গৰ্ভৱতী মহিলাৰ বাবে পৰিমিত হিচাপত ডি এইচ এ অৰু ই পি এ সেৱন অতি দৰকাৰী।উপযুক্ত পৰিমাণৰ এমেগা-৩ ফেটি এচিডৰ অভাৱত গৰ্ভত ধাৰণ কৰা শিশুৰ দৈহিক বৃদ্ধি বাধাপ্ৰাপ্ত হয়।ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰমাণ কৰিছে যে দৈনিক নিৰ্দিষ্ট পৰিমাণৰ মাছ খোৱা শিশুতকৈ মাছ নোখোৱা শিশুৰ এজমা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা চাৰিগুণ বেছি।গৱেষকসকলে প্ৰমাণ কৰিছে যে প্ৰতিদিনে ৩.৩ গ্ৰাম মাছৰ তেল সেৱন কৰিব পাৰিলে উশাহ-নিশাহত কষ্ট পোৱা যিকোনো ৰোগীয়ে সকাহ পাব পাৰে।মগজুৰ উৎকৰ্ষ সাধনৰ বাবে মাছ খোৱাটো অতি জৰুৰী।মগজুত কম পৰিমাণৰ ডি এইচ এ থাকিলে ছেৰটনিনৰ পৰিমাণো কম থাকে আৰু তেতিয়া মানুহৰ হতাশা বৃদ্ধি পায় আত্মহত্যাৰ প্ৰৱণতা বাঢে আৰু হিংস্ৰ কামৰ বাবে আসক্ত হয়।মানুহৰ মগজুৰ দুটা অংশ হ’ল-ৰেকে নিউক্লিয়াছ আৰু নিউক্লিয়াছ ক’ইৰিঅলাছ।শৰীৰতত্ত্ববিদসকলৰ মতে মস্তিষ্কৰ এটা অংশ সক্ৰিয় হ’লে টোপনি আহে।মগজুৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে ছেৰটনিন আৰু নন এড্ৰানিলিন নামৰ দুবিধ ৰাসায়নিক পদাৰ্থই।মাছৰ তেলত থকা দুবিধ ৰাসায়নিক পদাৰ্থ ডি এইচ এ আৰু ই পি এ-ই ইহঁতৰ ভাৰসাম্য ৰক্ষা কৰি চলে বাবে মানুহৰ ভাল টোপনি অহাত সহায়ক হয়।নিয়মিত মাছ খালে মগজুত ডি এইচ এৰ পৰিমাণ নিয়মীয়া হৈ থাকে আৰু ই মানুহৰ স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে স্বাভাৱিক আচাৰ-আচৰণত সহায় কৰে।গৱেষকসকলে প্ৰমাণ কৰিছে যে মাছৰ তেলে যিকোনো বিষ নিৰাময় কৰিব পাৰে আৰু কৰ্কট ৰোগৰ দৰে ভয়াৱহ ব্যাধিওৰোধ কৰিব পাৰে।প্ৰতিদিনে ২.৫ গ্ৰামকৈ তেল সেৱন কৰিলে স্তনৰ কৰ্কট ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। তেজত কলেষ্টৰেল জমা হৈ ৰক্ত পৰিবাহী নলীবোৰ সংকুচিত হোৱাৰ ফলত হ’ব পৰা হৃদপিণ্ডৰ সম্ভাব্য বিকাৰ মাছৰ তেলত থকা অমেগা স্নেহ এচিডে বাধা দিয়ে।মাছৰ তেলত থকা এই অমেগা স্নেহ এচিডে ছডিয়াম আৰু কেলচিয়ামৰ অতিমাত্ৰা প্ৰবাহে হৃদস্পদন অনিয়মীয়া কৰি ঘটাব পৰা সম্ভাব্য বিপদো নাশ কৰে আৰু ই উচ্চ ৰক্তচাপ প্ৰতিৰোধী হিচাপেও কাম কৰে।জাপানৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে দৈনিক ২ গ্ৰামকৈ মাছৰ তেল সেৱন কৰিলে মানুহৰ উচ্চ ৰক্তচাপ আৰু প্ৰকুঞ্চনীয় হ্ৰাস কৰিব পাৰি।ক’ডনামৰ এবিধ সাগৰীয় মাছৰ পৰা আহৰণ কৰা কড লিভাৰ তেল যিকোনো বিষ জাতীয় বেমাৰৰ বাবে মহৌষধ।সাগৰীয় মাছৰ আয়ডিন থাকে বাবে এই মাছ খোৱা লোকৰ গয়টাৰ ৰোগ হোৱাৰ আশংকা ক্ষীণ।মাছ খালে মানুহৰ তেজত শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণ হৈ থাকে বাবে মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ মাছ খোৱাটো প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন প্ৰাপ্তবয়স্ক লোকে সুস্বাস্থ্য অক্ষুণ্ণ ৰাখি পৰিপুষ্টিৰ চাহিদা পুৰণ কৰিবলৈ বছৰেকত জনমুৰি ১১ কেজি মাছ খোৱাটো প্ৰয়োজন।আমাৰ ৰাজ্যত কিন্তু এই হিচাপটো প্ৰায় ৮.৩ কেজিহে।বিশ্বৰ পটভুমিত এই অংকটো জনমুৰি ১৯ কেজি সেয়েহে আমি সকলোৱে পৰ্যাপ্ত মাছ খোৱাটো অতি দৰকাৰ।আহক আমি পৰিপুষ্টিৰ যোগান সুনিশ্চিত কৰাৰ লগতে এক নিৰোগী স্বাস্থ্যৰ অধিকাৰী হ’বলৈ পৰ্যাপ্ত পৰিমাণে মাছ খাওঁ। ন্ং প্ৰজাতি ভিটামিন (মি:গ্ৰা:/১০০ গ্ৰাম কেলচিয়াম (মি:গ্ৰা:/১০০ গ্ৰাম) ফছফৰাছ (মি: গ্ৰা:/১০০ গ্ৰাম) আইৰন (মি গ্ৰা:/১০০ গ্ৰাম) ১ ৰৌ ৬৫০ ১৭৫ ১ ৩ ২ মিৰিকা ৩৫০ ২৮০ ১ ৩ ৩ বাহু (ভকুৱা) ৫৩০ ২৩৫ ১ ৩ ৪ মাগুৰ ৪৩০ ৩০৫ ৪ ৫ ৫ শিঙি ৬৭০ ৬৫০ ৪ ৫ ৬ কাৱৈ ৪১০ ৩৯০ ১ ২ ৭ চিতল ১৮০ ২৫০ ৩ ৩ ৮ কলিয়াজৰা ৩২০ ৩৮০ ১ ৩ ৯ পাভ ৩১০ ২২০ ১ ২ ১০ ভাঙোন ৭৯০ ২৮০ ২ ৩ লেখক:ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ৰাইজৰ বাতৰি )