স্বাস্থ্যই অমুল্য ধন স্বাস্থ্যহীনৰ কলুষিত মন বছৰৰ ছটা ঋতুৰ ভিতৰত শীত ঋতু অন্যতম। সম্প্ৰতি শীতকাল আৰম্ভ হৈছে। এই সময়ত মানুহৰ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। বিশেষকৈ জ্বৰ, চৰ্দি, কাহ আদি ৰোগ হয়। মানুহৰ এই সময়ত হজম শক্তি হ্ৰাস পায়। বদহজম হয়। সেই কাৰণে এই সময়ত আমাৰ খাদ্য-সম্ভাৰেৰে স্বাস্থ্য সাধনা কৰিব লাগিব। স্বাস্থ্য সাধনা বুলি ক’লে সাধাৰণতে দৈহিক, মানসিক আৰু আত্মিক উৎকৰ্ষ সাধন কৰাকে বুজায়। এই সম্পৰ্কে আমাৰ লোক-সাহিত্যত মানৱ জীৱনৰ খাদ্য স্বাস্থ্যৰ জুতি খাদ্যৰ গুণাগুণ খাদ্যক খোৱাৰ ৰীতি জড়িত হৈ আছে। বিশেষকৈ স্বাস্থ্যনীতি খাদ্যসম্ভাৰ খাদ্যৰ জুতি খাদ্যৰ ৰন্ধন প্ৰকৰণ আৰু খাদ্যৰ শুদ্ধতা আদি পোৱা যায়। ইয়াৰ উপৰি খাদ্যৰ ঔষধি গুণ আৰু ঋতু অনুযায়ী ইয়াৰ ব্যৱহাৰ। সেয়েহে কোৱা হয়- উদৰ পুৰাই জুতি লগাই খাবা তেহে দেহত শকতি পাবা। নেপোলিয়ন বোনাপাৰ্টে কৈছিল যে এজনী ধুনীয়া গাভৰু ছোৱালীৰ সান্নিধ্যতকৈ ভোজন প্ৰেম উৎকৃষ্ট। ভোজন সুখেই হৈছে পৰম সুখ। ইয়াৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ উন্নতি হয়। বতৰৰ শাক-পাচলি, ফল-মুল হৈছে স্বাস্থ্য সাধনৰ প্ৰধান আহিলা। বিশেষকৈ শীতকালত এতিয়া কাতি-আঘোণ মাহত বাৰী-বস্তিত উভৈনদী হয় বিশেষকৈ লাই, লফা, পালেং, মৰিচা শাক, গাজৰ, কবি, মুলা, জাতিলাউ, ৰঙালাউ ইত্যাদি। ইয়াৰ উপৰি মানিমুনি, ভেদাইলতা, নৰসিংহ, চজিনা পাত, জিলমিল শাক, খুতুৰা শাক আদি হৈছে দেহৰ বাবে অতি উপকাৰী খাদ্যসম্ভাৰ। সেয়েহে কোৱা হয়- লাই লফা খুতুৰা শাক যিমান পাৰি খাই থাক মানিমুনি ভেদাইলতা নৰসিংহ খাবা পেটৰ নানা ৰোগৰ পৰা মুক্তি পাবা। যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আমি অগ্ৰগতি লাভ কৰিছো তথাপি পুৰণি লোক-সাহিত্যৰ খাদ্যৰ প্ৰতি যিনীতি আছে তাক কিন্তু উলাই কৰিব নোৱাৰি। বিশেষকৈ ৰঙালাউৰ আগ, অমিতা আদি শীত কালৰ উত্তম খাদ্য। কিয়নো, এইবোৰে এণ্টি-অক্সিডেণ্ট এণ্টিইন ফ্লেমেটৰী গুণ বহন কৰিব পাৰে। হজম শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দুৰ কৰে। কলেষ্টেৰলৰ সমতা ৰক্ষা কৰে আৰু হৃৎপিণ্ডৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি কোৱা হয়। সেয়েহে কোৱা হয় এইদৰে- নিয়মীয়াকৈ অমিতা খাবা স্তন কেন্সাৰৰ পৰা ৰক্ষা পাবা ছালৰ উজ্জ্বলতা আৰু সজীৱতা বঢ়ায় একজিমা ঘা আলচাৰৰ পৰা মুক্তি পায়। অমিতাৰ আঞ্জাই পাচন ক্ৰিয়া শক্তিশালী কৰে ডেংগু জ্বৰৰ পৰা পৰিত্ৰাণ কৰে। মানুহৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী শৰীৰৰ সংক্ৰামক ৰোগ প্ৰতিৰোধত দৰকাৰী। ইয়াৰ উপৰি আমাৰ স্বাস্থ্যৰ বাবে টেঙা, খৰ, তিতা বৰ দৰকাৰী। এই সময়ত মানুহৰ পেলু আৰু কৃমি হয়। সেই কাৰণে এই সময়ত শাক-পাচলি খোৱাৰ উপৰি টেঙা, তিতা, খাৰৰ আঞ্জা খোৱা উচিত। ইয়াৰ উপৰি আমাৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে শাক-শোকোতাৰ তাৎপৰ্যপুৰ্ণ ভুমিকা আছে। কিয়নো, সকলো লোকে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে লৌহ পদাৰ্থ, প্ৰ’টিন, কেলচিয়াম আৰু খাদ্যপ্ৰাণ ইয়াত পোৱা যায়। শাক-শোকোতাই পুষ্টিহীনতা ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সেয়েহে কোৱা হয়- শাকে শোকোতাই ভক্ষণ সেয়ে সুপুৰুষৰ লশণ। শাক-শোকোতা খালে বিভিন্ন ৰোগৰ পৰা মুক্তি পায়। ইপিনে আমাৰ এষাৰ কথা আছে যে বিশেষকৈ স্বাস্থ্যবিজ্ঞানীসকলে কৈছে যে দুবাটি দাইল ৫০ গ্ৰাম মাছৰ সমান খাদ্যৰ মোল পোৱা যায়। সেই কাৰণে খাদ্যত উদ্ভিদজাত শাক-পাচলিত ফাইট’নিউট্ৰিয়েণ্ট যথেষ্ট পোৱা যায়। আমাৰ গ্ৰন্থিৰস আৰু হৰম’নৰ নি:সৰণ প্ৰক্ৰিয়াটো নিয়মীয়া কৰি তোলে আৰু ই দেহত শক্তি বৃদ্ধি কৰে। শাক-পাচলি আৰু ফল-মুলৰ পৰা আমাৰ বিভিন্ন মৌলবোৰৰ ক্ৰিয়া এনেধৰণৰ -১) দৈহিক গঠন সুন্দৰ কৰে আৰু প্ৰয়োজনীয় খাদ্য উপাদান ৰক্ষা কৰে, ২) বিপাক প্ৰক্ৰিয়াবোৰ সঠিকভাৱে সক্ৰিয় কৰি তোলে, ৩) কৰ্কট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ফল-মুল আৰু শাক-পাচলি নিয়মীয়াকৈ খালে তেজত জাৰণ ৰোধৰ দ্ৰব্যৰ মাত্ৰা ২৩ ৰ পৰা ২৫ শতাংশ বঢ়াই তোলে আৰু দেহ-মনৰ শক্তি বঢ়ায়। কলাখাৰ কল পচলা ভোজনত খাবা – দেহ মনত তেতিয়াহে শকতি পাবা। ইয়াক বিশেষকৈ উদ্ভিদৰ পৰা, বিশেষকৈ শাক-পাচলিত পোৱা যায়। খাদ্যমৌলবোৰৰ ভিতৰত মেংগানিজ, কপাৰ, জিংক, ফছফৰাছ আদি উদ্ভিদজাত শাক-পাচলিতে পোৱা যায়। ইয়াৰ মানুহৰ গাৰ ছাল শুকান আৰু খহটা হয়। সেই কাৰণে গা-পা ধুই গাত নাৰিকলৰ তেল ঘঁহিব লাগে। তদুপৰি শীতকালত মানুহক ডি-ভিটামিনৰ অতি আৱশ্যক হয়। ভিটামিন-ডি পাবলৈ হ’লে ৰাতিপুৱা ২০-৩০ মিনিট সময় সুৰ্যস্নান কৰাটো নিতান্ত প্ৰয়োজনীয়। তেতিয়া শৰীৰ তথা দেহ-মন সক্ৰিয় হয়। দেহলৈ সক্ৰিয়তা আহে। হাত-ভৰিৰ জঠৰতা নাইকিয়া হয়। দেহ-মনলৈ শক্তি আহে। তদুপৰি শীতকালত ৰ’দ পুৱালে গা-মন সুন্দৰ হয়। সেই কাৰণে শীতকালত ব্যায়াম কৰা, খোজ কঢ়া, খেলা-ধুলা কৰা উচিত। ইয়াৰ উপৰি কুহুমীয়া পানীৰে গা ধোৱা আৰু কুহুমীয়া গৰম পানী খোৱা উচিত। পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থকাটো নিতান্ত প্ৰয়োজন। স্বাস্থ্য সাধনা বুলি ক’লে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা জীৱনশৈলী সুন্দৰ কৰি গঢ়ি তোলা উচিত। শাক-পাচলিৰ স্বাস্থ্য মৌল ১০০ গ্ৰামৰ নাম প্ৰ’টিন চৰ্বি কেলচিয়াম আইৰন ভিটামিন-চি ভিটামিন-এ কেলৰি মৰিচা ৪.২ ০.৫ ৩৯৭ ২৫.৫ ৯৯ ৫৫২০ ৪৫ জিলমিল ৩.৭ ০.৫ ১৫০ ৪.২ ৩৫ ১৭০০ ৩৩ বন্ধাকবি ১.৮ ০.১ ৩৯ ০.৮ ১২৪ ১২০০ ২৭ কচুৰ ঠুৰি ৩.৯ ১.৫ ২২৭ ১০.০ ১২ ১০২৭০ ৫৬ ধনিয়া ৩.৩ ০.৫ ১৮৪ ১৮.৫ ১৩৫ ৬৯১৮ ৪৪ চজিনা পাত ৬.৭ ১৭ ৪৪০ ৭.০ ২২০ ৬৭৮০ ৯২ লাইশাক ২.১ ৩.৩ ৫০ ২.৪ ১০ ৯৯০ ২১ মুলাৰ পাত ৩.৮ ০.৪ ২৬৫ ৩.৬ ৮১ ৫৩০০ ২৮ পালেং ২.০ ০.৭ ৭৩ ১০.০ ২৮ ৫৫৮০ ২৬ গাজৰ ০.৯ ০২ ৮০ ২.০ ৩৬ ১৮৯০ ৪৮ মুলা ০.৭ ০.১ ৩৫ ০.৪ ১৫ ০ ২৭ ওলকবি ১.২ ০.১ ৫০ ০.৬ ২৭ ২৬০ ৭৯ লেখক: ধনেশ্বৰ হুজুৰী (জি এনআৰচি স্বাস্থ্য)