বেদ, উপনিষদ, মহাভাৰত, ভাগৱত, চৰক সংহিতা, আৰ্য্যাভিষক, দীন-এ-ইলাহী, আইন-ই আকবৰী, কোৰাণ শ্বৰীফ প্ৰভৃতি ধৰ্ম গ্ৰন্থ তথা বিজ্ঞান আৰু সাহিত্য গ্ৰন্থত গৰুৰ গাখী বা গো-দুগ্ধৰ মহিমা বৰ্ণিত আছে। মহাভাৰতৰ থকা বিৱৰণিৰ মতে এবাৰ ব্ৰহ্মাই যুধিষ্ঠিৰক সুধিছিল- ‘পৃথিৱীত অমৃত কি’? উত্তৰত যুধিষ্ঠিৰে কৈছিল- ‘গাখীৰ’। এই অমৃত স্বৰূপে গাখীৰ বৰ্তমান আমাৰ বাবে কিমান দুষ্প্ৰাপ্য দ্ৰব্য হ’ল, ভাবকচোন। গাখীৰৰ দৰে পুষ্টিকৰ আৰু অত্যন্ত গুনযুক্ত পদাৰ্থ আন একো নাই। মৰ্ত্য লোকত গাখীৰ অমৃত স্বৰূপ। সকলো গাখীৰতকৈ মাতৃদুগ্ধ শ্ৰেষ্ঠ। গৰুৰ গাখীৰ বা দুগ্ধৰ গুনাগুণ - পৃথিৱীত গাইৰ গাখীৰেই সৰ্বোত্তম আহাৰ। ই অত্যন্ত- পুষ্টিকৰ, সোৱাদযুক্ত, সুপাচ্য, স্নিগ্ধ, কোমল, মধুৰ, শীতল, ৰুচিকৰ, বুদ্ধিবৰ্ধক, বলবৰ্ধক, স্মৃতিবৰ্ধক, জীৱনদায়ক, ৰক্তবৰ্ধক, স্থিৰতা প্ৰদান কাৰক, আয়ুৰ্বৰ্ধক, শক্তিবৰ্ধক, কান্তিবৰ্ধক। গাখীৰ- জীৰ্ণজ্বৰ, মানসিক ৰোগ, শোথ, মূৰ্ছা, ভ্ৰম, গ্ৰহণী, জণ্ডিচ, দাহ, তৃষ্ণা, হৃদৰোগ, শূল, ৰক্তপিত্ত, যোনিৰোগ আৰু গৰ্ভস্ৰাৱত সদায় উপকাৰী। ই বাত নাশক। বাত, পিত্ত নাশক, কফ, হাপানি, কাহ, শ্বাস আৰু উদৰ ৰোগ নাশক। ই ভোক-পিয়াহ দূৰ কৰে। গাখীৰ শীতল বাবে গ্ৰীষ্ম ঋতুত শৰীৰত বাঢ়ি যোৱা উত্তাপ নিয়ন্ত্ৰণ কৰে। গাখীৰ জীৱনোপযোগী শ্ৰেষ্ঠ ৰসায়ন। গাখীৰত ‘কেৰোটিন’ নামৰ হালধীয়া পদাৰ্থ আছে। ই চকুৰ জ্যোতি বঢ়ায়। সদায় গাখীৰ খোৱা মানুহৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে। গাখীৰ অগ্নিউদ্দীপক, পাচক। ই স্কন্ধ মজবুত কৰে। গাখীৰে কেঁচুৱাৰ মাংস পেশী আৰু হাড়ৰ জোৰা মজবুত কৰে। ক্ষয় ৰোগ নাশ কৰে। শাৰীৰিক, বৌদ্ধিক পৰিশ্ৰমৰ ফলত লগা ভাগৰ গাখীৰে দূৰ কৰে। ভোজনৰ পিছত গাখীৰ খালে বুকুৰ বিষ উপশম হয়। যিমানুহে অত্যন্ত জ্বল, টেঙা, খাৰ গৰম বস্তু খায়, তেওঁ গধূলি ভোজনৰ পিছত গাখীৰ খাব লাগে। গাখীৰৰ পৰা অতি সোনকালে বীৰ্য্য উৎপন্ন হয়। গাখীৰে শৰীৰত উৎপন্ন হোৱা বিষ পদাৰ্থ নষ্ট কৰে। এলোপেথিক ঔষধ, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ দ্বাৰা দূষিত জল, বায়ু, অন্নৰ ফলত শৰীৰত হোৱা বিষ পদাৰ্থ নষ্ট কৰাৰ ক্ষমতা গাখীৰৰ আছে। আয়ুৰ্বেদত শুদ্ধ গাখীৰক অতি উত্তম বোলে। ব্ৰহ্ম মুহূৰ্তত থিয় হৈ নাকেৰে গাখীৰ খালে ৰাতিৰ আন্ধাৰতো দেখা পোৱাকৈ চকুৰ দৃষ্টি শক্তি বাঢ়ে। গাখীৰৰ পৰা তৈয়াৰী সকলো খাদ্য পদাৰ্থ বলবৰ্ধক আৰু তেজবৰ্ধক। গৰুৰ গাখীৰ সহজে হজম হয়। ম’হৰ গাখীৰ খালে চৰ্বি উৎপন্ন হয়। ই সহজে হজম নহয়। গাখীৰৰ ৰং সলনি হ’লে খাব নালাগে। পৱিত্ৰ কোৰাণত কোৱা আছে- ‘গৰুৰ গাখীৰ খোৱা। তোমাৰ বাবে গাই খোদাৰ নিয়ামত’। প্ৰাচীন ভাৰতত গাখীৰ বেচা আৰু সন্তান বেচা একে কথা বুলি মানি লোৱা হৈছিল। গৰুৰ গাখীৰ জীৱনবৰ্ধক, স্নিগ্ধ ৰসায়ন। জীৰ্ণজ্বৰ, ৰক্তপিত্ত, কাহ, শ্বাসকষ্ট আদি ৰোগত গাখীৰ খাব লাগে বুলি ভিষম্বৰে কয়। গাখীৰৰ সৰ বা মলাই গাখীৰৰ গুনবোৰৰ গাঢ় ৰূপ। এই সৰ গুৰু, শীতল, বীৰ্য্যবৰ্ধক, বাত-পিত্ত নাশক, শক্তিদায়ক, শীতল পদাৰ্থ। নিষেধ: মাছ-মাংস-কণী, গুড়, মূলা আৰু সকলো প্ৰকাৰৰ গৰম পদাৰ্থ, তেল, সৰিয়হ, টেঙা ফল আদি গাখীৰৰ লগত খাব নালাগে। বিপৰীতে: ঘিউ, মৌ, মাখন, গাখীৰৰ পৰা তৈয়াৰী মিষ্টান্ন, আম, পিপলি, পকা কঠাল, জালুক, চেনি আদি গাখীৰৰ লগত খাব পাৰি। ঔষধীৰূপে গাখীৰৰ প্ৰয়োগ - মানুহৰ পাচন তন্ত্ৰৰ সকলো দোষ গাখীৰৰ দ্বাৰা দূৰ হয়। ল’ৰা-ছোৱালীৰ ডিপথেৰিয়া বেমাৰ হ’লে দুচামুচ কুহুমীয়া গৰম গাখীৰত এচামুচ মৌ আৰু আধাচামুচ ঘিউ বেমাৰী শিশুক চেলেকি খাবলৈ দিব লাগে। যক্ষ্মা আৰু জীৰ্ণ জ্বৰত মিচিৰি ৫০ গ্ৰাম, পিপলি গুড়া ১০ গ্ৰাম, ২৫০ গ্ৰাম গাখীৰ আৰু সমান পৰিমাণৰ পানী মিহলাই খাব লাগে। গৰম কৰি কেৱল গাখীৰখিনি ৰাখি তাৰ লগত ১৫ গ্ৰাম ঘিউ আৰু ২৫ গ্ৰাম মৌ মিহলাই চুহি খাবলৈ দিব লাগে। পেটত পেলু হ’লে(ল’ৰা-ছোৱালীৰ) ১৫ গ্ৰাম গাখীৰত মৌ এচামুচ মিহলাই খুৱালে পেট ওলাই যাব। আদকপালী হ’লে গাখীৰৰ মেৱা বা ক্ষীৰ পাঁচটা বাদাম আৰু চেনি মিহলাই খাব লাগে। চেহেৰা সুন্দৰ কৰিবলৈ একাপ পানীত দুচামুচ গাখীৰ মিহলাই প্ৰতিদিনে মুখত সানিব লাগে। মুখৰ দাগবোৰ নাইকিয়া হ’ব। চেহেৰাও ধুনীয়া হ’ব। বিষক্ৰিয়া দূৰ কৰিবৰ বাবে গাখীৰত ঘিউ(এচামুচ) মিহলাই খাব লাগে। দিনে দুবাৰ দুদিন। বলবীৰ্য বঢ়াবৰ বাবে গৰম গাখীৰত ঘিউ মিহলাই খাব লাগে। পৰিমাণঃ ঘিউ ৫০ গ্ৰামত গৰম গাখীৰ ১০০ গ্ৰাম। মূত্ৰকৃচ্ছ অৰু শৰ্কৰা বৃদ্ধি হ’লে ৫০ গ্ৰাম গাখীৰত ৫ গ্ৰাম গুড়, এচামুচ চেনি মিহলাই অলপ গৰম কৰি দিনে দুবাৰকৈ ৩/৪ দিন খালে ভাল হয়। চকুৰ পোৰণি হ’লে কপাহৰ পটি বনাই গাখীৰত তিয়াই ফিটকিৰিৰ অলপ গুড়ি দি চকুৰ ওপৰত বান্ধিব লাগে। শীতৰ আগমনত জ্বৰ উঠিলে ৰাতিপুৱা খীৰোৱা গাখীৰ পাঁচ চামুচত দুচামুচ ঘিউ আৰু এচামুচ চেনি মিহলাই খালে জ্বৰ এৰে। হৃদৰোগত গাখীৰত ডোমোৰা গুটিৰ তেল চাৰি ফোটা পেলাই খাব লাগে। ৰক্ত পিত্ত বেমাৰত ১ লিটাৰ গাখীৰত ৫ লিটাৰ পানী দি উতলাই এক লিতাৰ ৰাতি চেঁচা হ’লে খাব লাগে। হাড় ভাগিলে গাখীৰত(১০ চামুচ) চেনি দুচামুচ মিহলাই গৰম গৰম কৰি তাত লঙৰ গুড়ি আধা চামুচ দি চেঁচা হ’লে খাব লাগে। চৰ্দি, পানীলগা হ’লে- অলপ গাখীৰ গৰম কৰি জালুকৰ গুড়ি এচামুচ মিহলাই চেনি এচামুচ দি খাব লাগে। জণ্ডিচ ৰোগত লোহাৰ পাত্ৰত গৰম কৰা গাখীৰ(১০ গ্ৰাম) ৭ দিন খাব লাগে। কেৱল সিদ্ধ শাক-পাচলি খাই থাকিব এসপ্তাহ। বৰকৈ হাঁচি আহি থাকিলে গৰম গাখীৰ খাব লাগে। মূৰ বিষালে- গাখীৰ আধা কাপৰ লগত আমলখিৰ ৰস এচামুচ মিহলাই কপাহেৰে তিয়াই মূৰত ঘহিব লাগে। বিষ কমিব। গৰু গাখীৰৰ দৈ- দৈ বলকাৰক, ৰুচিকাৰক, জঠৰাগ্নিবৰ্ধক, স্নিগ্ধ, বায়ু নাশক। মিঠা দৈ- ঘন, মিঠা, মেদ-বায়ু আৰু কফ দূৰ হয়। ই তেজ পৰিষ্কাৰ কৰে। টেঙা দৈ- দীপনকাৰী, গুন মিঠা দৈৰ দৰে। দাঁত টেঙায়। ৰক্ত উৎপাদনকাৰী। ঘোল: ঘোল অৰ্শ নাশকাৰক- সোৱাদ, তৃপ্তিকৰ, মধুৰ, শৰীৰ ক্ষীণ কৰে, জণ্ডিচ, মেদ, গ্ৰহণী, কোষ্ঠকাঠিন্য, অৰুচি, ভগন্দৰ, প্লীহা, কফ, কৃমি নাশ কৰে। মধুৰ পাকী, পিত্ত নাশক। হাড়ৰ জোৰাৰ বিষ কমাব পাৰে। ঘোল নিমখ দিব খাব লাগে। মেধাবৰ্ধক, ত্ৰিদোষঘ্ন। গুল্ম, অতিসাৰ, প্লীহাৰোগ, গ্ৰহণী ৰোগতো হিতকাৰী। নিত্য ঘোল সেৱনকাৰী কেতিয়াও বেমাৰত পীড়িত নহয়। গো ঘৃত: ঘৃত শৰীৰৰ কান্তি, স্মৰণশক্তি বৰ্ধক, বলকাৰক, মেধা শক্তি বৰ্ধক, শুদ্ধিকাৰক, বাত নাশক, অগ্নিবৰ্ধক, শৰীৰ দৃঢ়কাৰী। ইয়াক সেৱন কৰিলে সকলো সাত্বিকতা আহে। দূষিত কীটাণু, বেক্টেৰিয়া ধ্বংস কৰাৰ কাৰণে ঘিউৰে জুই জ্বলোৱা হয়। গো মূত্ৰ: গো মূত্ৰ তিতা, খাৰুৱা, অগ্নিদীপক, ভেদক, মেধাপ্ৰদ, পিত্তকাৰক, বুদ্ধিবৰ্ধক। গো মূত্ৰ- কফ বায়ু, কুষ্ঠ, গুল্ম, উদৰৰোগ, জণ্ডিচ, অৰ্শ, খজুৱতি, এজমা, কাহ, কোষ্ঠকাঠিন্য, দুৰ্গন্ধ, স্ত্ৰী ৰোগ নাশক। গো-মূত্ৰ- কেলচিয়াম, পটাচিয়াম, মেগনেছিয়াম, ইউৰিক, কলোৰাইড, ফচফেট, এমোনিয়া, ক্ৰিয়েটিনিন, লৌহতত্ত্ব, তামতত্ত্ব, ফচফৰাছ, ছালফাৰ, লেকটোজ, স্বৰ্ণক্ষাৰ, জলতত্ত্ব আদি ঔষধীয় গুণেৰে ভৰপূৰ। আমেৰিকাৰ চিকিৎসক কাৰফৰ্ড হেমিলটনৰ মতে- গোমূত্ৰ প্ৰয়োগত হৃদৰোগ দূৰ হয়। প্ৰস্ৰাৱ পৰিষ্কাৰ হয়। ভোক লগায়। উদৰ ৰোগত গো মূত্ৰ(২০ গ্ৰাম) সৈন্ধৱ লোণ ২ গ্ৰাম পৰিমাণে মিহলাই সেৱন কৰিব লাগে। দিনে এবাৰকৈ ৫/৬ দিন পৰ্যন্ত সেৱন কৰা ভাল। চৰকৰ মতে- লৌহভস্ম ৩ ৰতি গোমূত্ৰত গলাই সেৱন কৰিলে পাণ্ডুৰোগ তৎক্ষণাত ভাল হয়। কাণ গধুৰ হ’লে- গোমূত্ৰ অলপ গৰম কৰি কাণ ধুব লাগে। মহিলা সকলৰ মাহেকীয়া ঋতুৰ সময়ত খজুৱতি, এলাৰ্জি আদি ৰোগত সেইকেইদিন ৪ তোলা গোমূত্ৰ দুবাৰকৈ খালে ভাল হয়। চকু জ্বলা-পোৰা, এলাহ, শৌচ কঠিন আৰু অৰুচি আদি লক্ষণত গোমূত্ৰত(আধাকাপ) এচামুচ চেনি দি দিনটোত ২/৩ বাৰকৈ দুদিন খালে সমস্যাবোৰ দূৰ হয়। যুৱতীসকলৰ চুলি কিচকিচিয়া কৰি ৰাখিবলৈ সদায় গো মূত্ৰৰে মূৰ ধুব লাগে। সৰু ছোৱালীৰ পেট ফুলিলে এচামুচ গো মূত্ৰত অলপ নিমখ দি খাবলৈ দিলে পেট ফুলা ভাল হয়। পঞ্চগব্য: গাইৰ গাখীৰ, দৈ, ঘিউ, গোমূত্ৰ আৰু গোবৰ- এই সকলো দ্ৰব্য সমানে মিলালে পঞ্চগব্য হয়। ‘ধৰ্মসিন্ধু’ ধৰ্মশাস্ত্ৰ অনুসৰি পঞ্চগব্য মিশ্ৰণ বিধিত ভিন্নতা আছে। এই মতে ৮ ভাগ গো মূত্ৰ, ১৬ ভাগ গোবৰ ১২ ভাগ গাখীৰ, ১০ ভাগ দৈ আৰু ৮ ভাগ ঘিউৰ লগত ৪ ভাগ পানী মিহলাব লাগে। পঞ্চগব্য মিশ্ৰণৰ বিধি - বোধায়ন স্মৃতিত এনেধৰণৰ বৰ্ণনা আছে- এভাগ ঘিউ, গোমূত্ৰ আৰু পানী, দুভাগ দৈ, তিনিভাগ গাখীৰ আৰু আধাভাগ গোবৰ। এঁৱা গাখীৰ, দৈ, ঘিউ, মূত্ৰ আৰু গোবৰ মিহলাই ওপৰত উল্লেখ কৰা বিধিৰে তৈয়াৰ কৰা পঞ্চগব্য নিয়মিতভাৱে খালে শৰীৰত ব্যাপ্ত মন্দ বিষৰ প্ৰভাৱ সমাপ্ত হ’ব। পঞ্চগব্য সেৱন কৰিলে স্বাস্থ্য পুনৰুদ্ধাৰ হয়। পঞ্চগব্য সেৱনৰ ফলত কেৱল শাৰীৰিকেই নহয়, মানসিক বিকাৰো দূৰ হয়। আয়ু, বল, তেজ বৃদ্ধি পায়। ‘মহীসা শোৱৰাই বুজে ব্যথা পুৰুষৰ। তোমাৰ ছবিয়ে আনন্দ কৰিছে অন্তৰ।। হিন্দু বঁজা বুলি মোৰ আয়ে কয়। তোমাৰ মুখত গাখীৰ দিয়া জন কোন হয়? সকলো জাতিৰ দেহত তোমাৰ তেজ বয়।।(চকবস্ত লখনবী) লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)