"ঔটেঙা, টেকীয়া,পুঠি মাছৰ জোল,খালেহে বুজিবা সোৱাদৰে মূল ।"হয়, ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে । ঔটেঙা হ'ল এনে এবিধ টেঙা সোৱাদযুক্ত ফল বা পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব । বিশাল আকৃতিৰ বৃক্ষ ঔটেঙাৰ উচ্চতা প্ৰায় ১৫ মিটাৰ হয় । ঔটেঙাৰ ফুল জুন মাহৰ পৰা প্ৰায় ৩ সপ্তাহলৈকে ফুলে । ইয়াৰ পূৰঠ ফলবোৰ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে উপলব্ধ হয় । ঔটেঙাৰ বৈজ্ঞানিক নাম 'Dillenia Indica' । ইয়াক সংস্কৃতত 'অৱৰ্তকী', ইংৰাজীত 'Elephant apple', হিন্দীত 'চালতা' আৰু নেপালীত 'ৰামফল' নামেৰে জনা যায় । ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে । ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুসংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয় ।বিশেষকৈ পুঠি, খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ, বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধা বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে। ঔটেঙাৰ ঔষধি গুণাগুণ পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ হিচাপে কৰে । ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন,আঁহ, চৰ্বি,ফাইবাৰ, কেলছিয়াম,ফছফৰাছআৰু এচক'ৰবিক এচিড পোৱা যায় । ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত হাৰি থাকিব পাৰি । ইয়াৰ বীজলেৰে চুলি ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জলতা বাঢ়ে । তদুপৰি মধূমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয় ।বিশেষ দষ্ট্ৰব্যঃ- ঔটেঙা খাবলৈ সুস্বাদু আৰু পুষ্টিগুণযুক্ত হলেও কিছুমান ক্ষেত্ৰত ই বিৰুদ্ধ আহাৰ হিচাপে পৰিগণিত হয় । বিশেষকৈ কাহ, লিভাৰৰ সংক্ৰমণ, ব্ৰংকাইটিচ আদিৰ দৰে ৰোগৰ উপসৰ্গই দেখা দিলে ঔটেঙা খোৱা উচিত নহয়