তৰকাৰি আৰু ব্যঞ্জনৰ সুস্বাদু কৰিবলৈ প্ৰয়োজন হয় ধনিয়া। ধনিয়া বুলিলে ধনিয়া পাত আৰু ধনিয়া গুড়ি বা গোটা ধনিয়াকে বুজোৱা হয়। ধনিয়াৰ সুগন্ধই সমগ্ৰ খাদ্যসম্ভাৰ সুস্বাদু কৰি তোলে। ধনিয়া পাতৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে এশগ্ৰাম ধনিয়া পাতত- কাৰ্ব’হাইড্ৰেট ৬.৩ শতাংশ, প্ৰ’টিন ৩.৩ শতাংশ, আঁহযুক্ত পদাৰ্থ ১.২ শতাংশ পোৱা যায়। তদুপৰি খনিজ পদাৰ্থৰ ভিতৰত- কেলচিয়াম, পটাছিয়াম, ফছফৰাছ, ছ’ডিয়াম আৰু আইৰন বহু পৰিমাণে উপলব্ধ। ভিটামিন চিও থাকে ধনিয়া পাতত। গৱেষকৰ মতে, ধনিয়া পাতে মানুহক বহু বেমাৰৰ পৰা সকাহ দিয়ে। বদহজম, বুকু জ্বলা-পোৰা কৰিলে ধনিয়া পাতৰ ৰস খাব লাগে। প্ৰস্ৰাৱৰ জ্বলন-পোৰণত ধনিয়া পাতৰ ৰসৰ লগত নিমখ মিহলাই খালে উপশম পোৱা যায়। বমি বমি ভাব হ’লে, ধনিয়া পাতৰ এনে মিশ্ৰণে সুফল দিয়ে। গুটি বা গোটা ধনিয়াৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে এশ গ্ৰাম গোটা ধনিয়াত- কাৰ্বহাইড্ৰেট ২৯.৫ শতাংশ, প্ৰ’টিন ১৪.২ শতাংশ, চৰ্বিজাতীয় পদাৰ্থ ১৬.২ শতাংশ পোৱা যায়। ইয়াৰ উপৰি যথেষ্ট পৰিমাণে- কেলচিয়াম, ফছফৰাছ, আইৰন, ৰিব’ফ্লেভিন, থিয়ামিন আদি উপলব্ধ। গোটা ধনিয়াৰ গুটিৰ ঔষধি গুণ আছে। দেহৰ কলেষ্টেৰ’ল কমাবলৈ এক চাহ চামুচেৰে গোটা ধনিয়া লৈ এগিলাছ পানীত প্ৰায় এঘন্টা তিয়াই থ’ব লাগে। গোটা ধনিয়া চামুচখিনি আধাফটা হ’লে পানীখিনি চেকনিৰে চেকি পুৱালৈ থৈ দিব লাগে। টোপনিৰ পৰা উঠি হাত-মুখ ধোৱাৰ পাছতেই পানীখিনি খাব লাগে। এইদৰে প্ৰায় ৭-৮ দিন খোৱাৰ পাছত ৰক্তৰ পৰীক্ষা কৰিলে দেখা যায় যে কলেষ্টেৰ’লৰ পৰিমাণে হ্ৰাস পাইছে। মূৰ বিষালে এলোপেথিক দৰৱ একাষৰীয়াকৈ থৈ অলপ গোটা ধনিয়া পটাত বটি গুড়ি কৰি ল’ব লাগে। তাৰ পাছত অলপ পানী মিহলাই কপালত প্ৰলেপ দিব লাগে। লাহে লাহে মূৰত বিষ নাইকিয়া হ’বলৈ ধৰিছে। ক’ব পাৰি যে ধনিয়া পাত আৰু ধনিয়া গুড়িয়ে আমাৰ খাদ্য সম্ভাৰৰ স্বাদ বঢ়োৱাৰ উপৰি স্বাস্থ্য ৰক্ষাত যথেষ্ট ভূমিকাব পালন কৰে। পাৰিলে আপোনাৰ ঘৰৰ সমুখৰ বাগিচাখনত অলপ ধনিয়া ৰুবলৈ যত্ন কৰিবচোন। গোটা ধনিয়া নাপালেও অন্ততঃ প্ৰয়োজনীয় ধনিয়া পাত সদায় ৰন্ধনত ব্যৱহাৰ কৰিব পাৰিব। লেখক: ডঃ পবিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)